ETV Bharat / business

১৫.৪ মেট্ৰিক টন বিক্ৰী, ডাঙৰ ব্ৰেণ্ডৰ কোম্পানীৰ অংশগ্ৰহণ : মেঘালয়ৰ আনাৰস মহোৎসৱৰ সফল সামৰণি

মেঘালয়ৰ আনাৰস মহোৎসৱৰ সামৰণি । তিনি দিনত ১৫.৪ মেট্ৰিক টন আনাৰস বিক্ৰী ।

The third edition of the Meghalaya Pineapple Festival concluded on August 3 at Dilli Haat in Delhi
মন্ত্ৰী শিৱৰাজ সিং চৌহানে সোৱাদ ল'লে মেঘালয়ৰ আনাৰসৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 4, 2025 at 6:52 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : দেওবাৰে সফলভাৱে সামৰণি পৰে তিনিদিনীয়া কাৰ্যসূচীৰে দিল্লীত অনুষ্ঠিত হৈ থকা তৃতীয় মেঘালয় আনাৰস উৎসৱ ২০২৫ ৰ । মেঘালয় চৰকাৰৰ উদ্যোগত দিল্লীৰ দিল্লী হাটত অনুষ্ঠিত হোৱা মেঘালয়ৰ আনাৰস মহোৎসৱত মেঘালয়ৰ জৈৱিক পদ্ধতিৰে উৎপাদিত আনাৰসৰ সোৱাদ বিলোৱা হয় ।

ইয়াৰ উপৰিও মেঘালয়ৰ আনাৰসেৰে তৈয়াৰ কৰা সামগ্ৰীবোৰৰ লগতে মেঘালয়ৰ পৰম্পৰাগত খাদ্য আৰু মেঘালয়ৰ থলুৱা সংস্কৃতিও প্ৰদৰ্শন কৰা হয় । কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ চৌহানে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা এই উৎসৱত দেশৰ কেইবাহাজাৰ দৰ্শক, ক্ৰেতাই অংশগ্ৰহণ কৰে ।

The third edition of the Meghalaya Pineapple Festival concluded on August 3 at Dilli Haat in Delhi
মেঘালয় আনাৰস মহোৎসৱ (ETV Bharat)
The third edition of the Meghalaya Pineapple Festival concluded on August 3 at Dilli Haat in Delhi
মেঘালয় আনাৰস মহোৎসৱৰ দৃশ্য (ETV Bharat)

মেঘালয়ৰ আনাৰস মহোৎসৱৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা মতে, তিনিদিনীয়াকৈ আয়োজিত এই মহোৎসৱত ১৫.৪ মেট্ৰিক টন আনাৰস বিক্ৰী হয় । মেঘালয়ৰ আনাৰস উৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী শিৱৰাজ সিং চৌহানে মেঘালয় চৰকাৰে লোৱা পদক্ষেপৰ লগতে কৃষক আৰু মিঠা ৰসাল আনাৰসৰ ভূয়সী প্ৰশংসা কৰে ।

The third edition of the Meghalaya Pineapple Festival concluded on August 3 at Dilli Haat in Delhi
মেঘালয় আনাৰস মহোৎসৱৰ দোকানসমূহ (ETV Bharat)
The third edition of the Meghalaya Pineapple Festival concluded on August 3 at Dilli Haat in Delhi
মেঘালয় আনাৰস মহোৎসৱৰ দোকানসমূহ (ETV Bharat)

এই উৎসৱ সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয়, ''আনাৰস মহোৎসৱ বছৰি ডাঙৰ আৰু বেছি সফল হৈ উঠিছে । মেঘালয়ৰ অনাৰসে এতিয়া বিশ্বৰ বজাৰত স্থান দখল কৰিবলৈ সক্ষম হৈছে । এই উৎসৱত আমাৰ ক্ষুদ্ৰ উদ্যোগ আৰু স্বনিৰ্ভৰশীল গোটসমূহৰ সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে । ইয়াতেই আত্মনিৰ্ভৰ মেঘালয়ৰ ভৱিষ্যৎ গঢ়ি উঠিছে ।”

The third edition of the Meghalaya Pineapple Festival concluded on August 3 at Dilli Haat in Delhi
মেঘালয় আনাৰস (ETV Bharat)
The third edition of the Meghalaya Pineapple Festival concluded on August 3 at Dilli Haat in Delhi
মেঘালয় আনাৰস মহোৎসৱলৈ অহা লোকসকল (ETV Bharat)

উল্লেখ্য যে, এই মহোৎসৱত ৰিলায়েন্স ফ্ৰেচ, আমাজন কৰিগৰ আৰু ব্লু টোকাই কফি ৰ’ষ্টাৰ্ছৰ
(Reliance Fresh, Amazon Karigar, and Blue Tokai Coffee Roasters) সৈতে বুজাবুজি চুক্তি (MoU) স্বাক্ষৰ হয় ।

The third edition of the Meghalaya Pineapple Festival concluded on August 3 at Dilli Haat in Delhi
মেঘালয় আনাৰস মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ (ETV Bharat)
The third edition of the Meghalaya Pineapple Festival concluded on August 3 at Dilli Haat in Delhi
মেঘালয় আনাৰস মহোৎসৱলৈ অহা লোকসকল (ETV Bharat)

এইবাৰ ৬৮২ মেট্ৰিক টন মেঘালয়ৰ প্ৰচেচিং আনাৰস ইউৰোপ, গাল্ফ আৰু দক্ষিণ-পূৰ্ব এচিয়াৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত ৰপ্তানি কৰা হৈছে । তদুপৰি ১৫০ মেট্ৰিক টনৰো অধিক আনাৰস ভাৰতৰ বিভিন্ন মহানগৰত বিক্ৰী হৈছে ।

The third edition of the Meghalaya Pineapple Festival concluded on August 3 at Dilli Haat in Delhi
আনাৰসৰ পৰা তৈয়াৰী খাদ্য (ETV Bharat)
লগতে পঢ়ক : প্ৰথমবাৰৰ বাবে অসমৰ পৰা সংযুক্ত আৰব আমিৰশ্বাহীলৈ আনাৰস ৰপ্তানি