বঙাইগাঁও: বঙাইগাঁও জিলাৰ গাৰো জনগোষ্ঠীৰ বসতিপ্ৰধান এখন গাঁও নিগমঘোলা ৷ প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপুষ্ট নিগমঘোলাৰ গাৰো মহিলাসকলৰ উপাৰ্জনৰ অন্য়তম উৎস হৈছে কৃষি । মাতৃপ্ৰধান গাৰো জনগোষ্ঠীৰ ১১০ টা পৰিয়ালৰ মহিলাসকলে পাহাৰৰ এঢলীয়া সাৰুৱা মাটিত খৰালি কমলা, কোকোৱা, তামোল, পিপলি আৰু বাৰিষা আনাৰস অথবা মাটিকঠাল উৎপাদন কৰি আহিছে ৷
ছিংগাপুৰীয়া আনাৰসৰ সোৱাদেই সুকীয়া !
জিলাখনৰ চোকাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত নিগমঘোলাৰ মূলতঃ পাহাৰীয়া মাটিত কৰা হয় ছিংগাপুৰীয়া, বিলাতী আৰু দেশী এই তিনিটা বিশেষ প্ৰজাতিৰ আনাৰসৰ খেতি । ইয়াৰ ভিতৰত ছিংগাপুৰীয়া প্ৰজাতিৰ আনাৰসৰ সোৱাদ মিঠা হোৱাৰ সুবাদত ৰাজ্যৰ সকলো বজাৰলৈ ৰপ্তানি কৰা হয় এইবিধ আনাৰস ৷ প্ৰতিদিনে একাংশ ব্যৱসায়ীয়ে নিগমঘোলাৰ গাৰো মহিলাসকলে উৎপাদন কৰা আনাৰস ক্ৰয় কৰি বহিঃৰাজ্যলৈ প্ৰেৰণ কৰি আহিছে ।

নিগমঘোলাৰ আনাৰসৰ মূল্য় :
উল্লেখ্য যে কেৱল আনাৰস উৎপাদন কৰিয়েই নিগমঘোলাৰ মাইকেল মাৰাক, কৃতাৰ্থী মাৰাক, এঞ্জেলা মাৰাকে বছৰত ১ৰ পৰা ১.৫ লাখ টকালৈকে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । স্থানীয় বজাৰত নিগমঘোলাৰ এই সুস্বাদু আনাৰস আকাৰ অনুপাতে প্ৰতিযোৰাত ১১০ৰ পৰা ১২০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে খেতিয়কে লাভ কৰে ৭০ টকাৰ পৰা ৮০ টকাহে ।
৩০-৪০ ট্ৰাক আনাৰস বহিঃৰাজ্যলৈ প্ৰেৰণ :
জিলাখনৰ ভিতৰত সৰ্বাধিক আনাৰস উৎপাদন কৰা নিগমঘোলাত ১১০ টা পৰিয়ালৰ প্ৰায় সকলোৰে সৰুকৈ হ'লেও আনাৰসৰ একোখন বাগান আছে । লগতে এশৰো অধিক বৃহৎ বাগানৰ পৰা ৩০-৪০ ট্ৰাক আনাৰস ইতিমধ্যে বহিঃৰাজ্যৰ বজাৰলৈ প্ৰেৰণ কৰা বুলি কয় খেতিয়ক কেইগৰাকীয়ে । কৃষিজীৱি মাতৃপ্ৰধান গাৰো জনগোষ্ঠীৰ মহিলাসকলৰ উপৰি সম্প্ৰতি পুৰুষসকলেও কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ বাট মোকোলাই লৈছে । আনাৰসৰ উপৰি তামোল, কমলা, ধান, কোকোৱা, পিপলি, কাজুবাদাম আৰু ঝুমখেতিৰ জৰিয়তে বিভিন্ন পাচলি উৎপাদন কৰা নিগমঘোলাৰ কৃষক ৰাইজক আজিলৈকে কৃষি বিভাগে বিশেষ একো সহায়-সহযোগিতা নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

উল্লেখ্য় যে অতি সাধাৰণ, সৰল মনৰ গাৰো জনজাতিৰ লোকসকল অধিকাংশই নিৰ্ভৰ কৃষিকৰ্মৰ ওপৰত । এওঁলোকে কৃষি বিভাগৰ পৰা সহায়-সহযোগিতা লাভ কৰিলে আৰু অধিক উৎপাদনক্ষম হ'ব বুলি আশা প্ৰকাশ কৰিছে ৷ কৃষক মাইকেল মাৰাকে ই টিভি ভাৰতৰ আগত কয়, "মই খেতি কৰি ভাল পাওঁ । মই বৰ্তমান ৭ বিঘা মাটিত আনাৰসৰ খেতি কৰিছো । ২০ বিঘা মাটিত আনাৰস ৰোপণ কৰাৰ বাবে চেষ্টা কৰি আছো । কমলা, তামোল, কাজুবাদাম আৰু পিপলিৰ খেতি কৰি যথেষ্ঠ উপাৰ্জন কৰিবলৈ সক্ষম হৈছো । বৰ্তমান বিলাতী, দেশী আৰু ছিংগাপুৰীয়া প্ৰজাতিৰ আনাৰস কৰিছো । এইবাৰ ফল কম হোৱা বাবে লাভ কম হৈছে । পাঠশালা, হাউলি, নলবাৰী, বিলাসীপাৰা, ধুবুৰী, বঙাইগাঁও আদিৰ পৰা বেপাৰী আহে আনাৰস কিনিবলৈ । চৰকাৰে সা-সুবিধা দিলে ২০ বিঘা মাটিত আনাৰস ৰোপণ কৰাৰ পৰিকল্পনা কৰিছো ।"
প্ৰতিবিঘাত লাভ হৈছে ১৫-১৬ হাজাৰ টকা :
আনহাতে কৃষক কৃতাৰ্থী মাৰাকে কয়, "মই ১০ বিঘা মাটিত আনাৰসৰ খেতি কৰিছো । প্ৰতিবিঘাত ১৫-১৬ হাজাৰ টকাকৈ লাভ হৈছে ।" তেওঁ এই খেতিৰেই স্বাৱলম্বী হোৱা বুলি জানিবলৈ দিয়ে । মহিলাগৰাকীয়ে বিলাতী, দেশী আৰু ছিংগাৰপুৰীয়া প্ৰজাতিৰ আনাৰস উৎপাদন কৰি আহিছে । ৰাজ্য চৰকাৰৰ পৰা ষাঠি হেজাৰ টকাৰ আৰ্থিক সাহাৰ্য লাভ কৰা বুলি কয় কৃতাৰ্থী মাৰাকে ।
আনাৰসৰ ব্যৱসায় কৰি সফল হৈছে অভয়াপুৰীৰ মাত্ৰাঘোলাৰ ব্যৱসায়ী মহিদুল ইছলাম । মহিদুলে নিগমঘোলাৰ কৃষকৰ পৰা আনাৰস ক্ৰয় কৰি বৰপেটা, ধুবুৰী, গুৱাহাটী তথা পশ্চিমবংগৰ ব্যৱসায়ীক যোগান ধৰি আহিছে । এই আনাৰস দিল্লী, মুম্বাই, বিহাৰ আৰু হাৰিয়ানালৈ ৰপ্তানি কৰা বুলিও তেওঁ কয় ।