জ্যোতিষশাস্ত্ৰ অনুসৰি প্ৰেমত বিশ্বাসঘাতকতা নকৰে এই নামৰ ছোৱালীয়ে
এই নামৰ ছোৱালীয়ে কেৱল বিশ্বাস বজাই ৰখাই নহয়, প্ৰতিটো সুখ-দুখত থিয় দিব, কি আখৰেৰে নাম আৰম্ভ হোৱা ছোৱালীয়ে প্ৰিয়জনৰ মনত দুখ নিদিয়ে, আজি জানো আহক-

Published : May 10, 2025 at 1:54 PM IST
এগৰাকী ভাল জীৱনসংগী লাভ কৰাৰ পৰিকল্পনা কোনজন পুৰুষে নকৰে কিন্তু এইক্ষেত্ৰত বহু পুৰুষে বিশ্বাসঘাতকতা লাভ কৰিবলগীয়া হয় ৷ এই পৃথিৱীত প্ৰতিগৰাকী মহিলাই সুন্দৰ কিন্তু জ্যোতিষশাস্ত্ৰত এনে কিছুমান মহিলাৰ কথা উল্লেখ আছে যিসকল তলত উল্লেখিত এই আখৰৰ হয় যিয়ে প্ৰেমত কেতিয়াও বিশ্বাসঘাতকতা নকৰে বুলি উল্লেখ কৰা হৈছে ৷ যদি আপুনিও গোটেই জীৱন আপোনাক লগ দিয়া তথা বুদ্ধিমান সংগীক বিচাৰি আছে, তেন্তে চিন্তা নকৰিব ৷ আপুনি কেৱল এই ৪টা আখৰৰে নাম আৰম্ভ হোৱা ছোৱালীক আপোনাৰ মন-প্ৰাণ উজাৰি দিয়ক ৷ এয়া পিছে, আমি কোৱা কথা নহয় ৷ জ্যোতিষশাস্ত্ৰইহে ইয়াক স্বীকৃতি দিছে ৷
হয়, এই নামৰ ছোৱালীয়ে কেৱল বিশ্বাস বজাই ৰখাই নহয়, আপোনাৰ প্ৰতিটো সুখ-দুখত সদায় আপোনাৰ কাষত থিয় দিব ৷ পিছে, কি আখৰেৰে নাম আৰম্ভ হোৱা ছোৱালীয়ে প্ৰিয়জনৰ মনত দুখ নিদিয়ে, আজি জানো আহক-
দ, ড বা D
এই আখৰৰে নাম আৰম্ভ হোৱা ছোৱালীবোৰ স্বভাৱত অতিকৈ ৰোমান্টিক ৷ সংগীৰ প্ৰতি তেওঁলোকৰ হৃদয় অতি সত্য আৰু সৎ ৷ এই ছোৱালীবোৰ যিমানেই ব্যস্ত নাথাকক কিয়, তেওঁলোকে নিজৰ সংগীৰ বাবে সদায়েই সময় বিচাৰি পায় ৷ তেওঁলোকৰ প্ৰেম সত্য আৰু নিঃচৰ্ত ৷ যদিহে আপুনি এক প্ৰকৃত আৰু সৎ সম্পৰ্ক বিচাৰিছে, তেন্তে এই নামৰ ছোৱালী আপোনাৰ জীৱনৰ অংশ হ’ব পাৰে ৷
জ বা G
জ আখৰৰে আৰম্ভ হোৱা ছোৱালীবোৰ স্বভাৱতে যথেষ্ট জেদী ৷ তেওঁলোক অৱশ্যে কঠোৰ পৰিশ্ৰম কৰিবলৈও প্ৰচণ্ড উদ্যম থাকে ৷ জ্যোতিষ শাস্ত্ৰৰ মতে, এনে ছোৱালী ধাৰ্মিক তথা পৰিয়াল আৰু ঘৰ পৰিচালনাৰ ক্ষেত্ৰত আগৰণুৱা ৷ তেওঁলোকৰ সৈতে জীৱন কটোৱাৰ অৰ্থ হ’ল এক শক্তিশালী তথা পৰিশ্ৰমী সংগীৰ সৈতে আপোনাৰ ভৱিষ্যত গঢ়ি তোলা ৷
স বা S
স অৰ্থাৎ S আখৰৰে নাম আৰম্ভ হোৱা ছোৱালীবোৰে নিজৰ জীৱন সংগীক অতি গুৰুত্ব সহকাৰে লয় ৷ তেওঁলোকৰ এটা বিশেষ গুণ হ’ল যে, তেওঁলোক ধৈৰ্যশীল ৷ এই গুণটোয়ে যিকোনো সম্পৰ্কক মজবুত কৰাত সহায় কৰে ৷ এইসকল ছোৱালীয়ে সদায় নিজৰ সম্পৰ্ক আৰু কেৰিয়াৰৰ লগত জড়িত সকলো দায়িত্ব ভালদৰে পালন কৰে ৷ যদি আপুনি এনেকুৱা এজন জীৱন সংগী বিচাৰিছে যিয়ে আপোনাৰ কাষত সদায় থিয় দিব আৰু প্ৰতিটো কঠিন সময়ত আপোনাক সহায় কৰিব, তেন্তে S আখৰৰে নাম আৰম্ভ হোৱা ছোৱালী আপোনাৰ বাবে আদৰ্শ হ’ব পাৰে ৷
ম বা M
ম আখৰৰে নাম আৰম্ভ হোৱা ছোৱালীবোৰ প্ৰেমৰ ক্ষেত্ৰত অলপ কঠোৰ ৷ তেওঁলোকে নিজৰ সংগীক অপৰিসীমভাৱে ভাল পায় ৷ ইয়াৰ লগতে সংগীকো বহুত সন্মান কৰে আৰু সম্পৰ্কত নিজৰ দায়িত্ব সম্পূৰ্ণ আনুগত্যৰে পালন কৰে ৷ যদি আপুনি আপোনাৰ জীৱনত এনেকুৱা এজন সংগী বিচাৰে যিয়ে আপোনাক মৰমৰ লগতে সন্মান দিয়ে ৷ তেন্তে এই নামৰ ছোৱালী আপোনাৰ বাবে নিখুঁত হ’ব পাৰে ৷
এই ৫টা আখৰৰে নাম আৰম্ভ হোৱা ছোৱালীসকল নিজৰ সংগীৰ প্ৰতি সৎ আৰু দায়িত্বশীল হোৱাই নহয়, আজীৱন তেওঁলোকে তেওঁলোকৰ সংগীক মৰম আৰু সমৰ্থন দিয়ে ৷
(বিঃদ্রঃ ধৰ্ম, জ্যোতিষ, বাস্তু, ফেংচুই, টেৰ’ কাৰ্ড আদি বিষয়ত আধাৰিত এই লেখাসমূহ কেৱল পাঠকে জানিবৰ বাবেহে । এই উপায়সমূহ অৱলম্বনৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী । আমাৰ উদ্দেশ্য কেৱল পাঠকক অৱগত কৰা। ইটিভি ভাৰতে এই তথ্য নিশ্চিত কৰা নাই ।)
লগতে পঢ়ক

