চাওঁতে চাওঁতে আহি পালেহি অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু ৷ বিহুলৈ মাজত মাথো আৰু কেইটামান দিনহে বাকী ৷ সকলোতে এতিয়া মাথো চলিছে বিহু আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ ৰঙালী বিহুৰ এই সময়ছোৱাত ব্যস্ত হৈ পৰিছে বিহুৱা নাচনীৰ পৰা আদি কৰি বৃদ্ধা-বনিতাও ৷
বিহু আহি পোৱাৰ লগে লগে নাচনীৰ পৰা আৰম্ভ কৰি প্ৰায়ভাগ লোকেই হাতত জেতুকা পাত লগায় যদিও জেতুকাৰ গুণকাৰী দিশসমূহৰ বিষয়ে বহু কম সংখ্যক লোকেহে জানে ৷ আজি এই সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা এটি সাক্ষাৎকাৰত এই সন্দৰ্ভত কি ক’লে সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই জানো আহক-
জেতুকা পাত ব্যৱহাৰ কেতিয়াৰ পৰা চলি আহিছে
জেতুকা এক অনবদ্য অনুপম সৌন্দর্যশৈলী ৷ বৰ্তমান সময়ত মহিলা সকলৰ মাজত জেতুকাৰ চাহিদা, আকর্ষণ আৰু জনপ্রিয়তা দিনে দিনে বৃদ্ধি পাইছে ৷ জেতুকা কেৱল আমাৰ দেশতেই নহয়, এই আকৰ্ষণ সমগ্র বিশ্বব্যাপি আৰম্ভ হৈছে ৷ যাক মেহেন্দি বুলিও কোৱা হয় ৷ বহুতৰে মত অনুযায়ী বৰ্তমান যুগৰ নাৰীৰ ৰূপ, সৌন্দর্য আৰু ব্যক্তিত্ব ফুটাই তোলাত মেহেন্দিও অন্যতম ৷ জেতুকা বা মেহেন্দিৰ ব্যৱহাৰ আমাৰ দেশত প্ৰথম আৰম্ভ হয় বাৰশ শতাব্দীত ভাৰতবৰ্ষৰ উত্তৰ ভাগত মোগল শাসনৰ প্ৰাৰম্ভিক কালত ৷ মোগলসকলেই এই শিল্প সৃষ্টিৰ প্ৰথম প্ৰৱৰ্তক ৷ এই শিল্পকর্মই অধিক জনপ্রিয়তা লাভ কৰে ৰাজস্থানী মহিলাসকলে ইয়াৰ ব্যৱহাৰ আৰম্ভ কৰাৰ লগে লগে ৷ তেওঁলোকৰ অপূর্ব সৃজনীশীলতাই মেহেন্দি চৰ্চালৈ এক নৱ বিপ্লৱ কঢ়িয়াই আনে ৷ আনকি ঘৰৰ মজিয়াত ছবি আঁকিবলৈও তেওঁলোকে মেহেন্দি ব্যৱহাৰ কৰে ৷ মজিয়াত আঁকা মেহেন্দি শিল্পকৰ্মৰ প্ৰচলিত নাম 'মন্দনা' ৷
জেতুকা পাতৰ গুণাগুণ
জেতুকা পাতৰ বহু গুণাগুণ আছে ৷ জেতুকা পাত ছাল আৰু চুলি দুয়োটাৰ বাবেই উপকাৰী ৷ জেতুকা পাতৰ ৰং গাঢ় কৰিবৰ বাবে বহুতে তাত পান এখিলা, ডালিমৰ পাতো দিয়ে ৷ জেতুকা পাতৰ লগত এইকেইটা সামগ্ৰী ব্যৱহাৰ কৰি দুহাত লগায় যদি ভালদৰে এৰাতি কোমল কলপাতেৰে বান্ধি থয় তেন্তে হাতত খুব সুন্দৰ ৰঙ উঠে ৷ লগতে বহাগ বিহুৰ সময়ছোৱা নখত জেতুকা লগালে গোটেই বছৰটোত নখৰ কোনো ৰোগ নহয় বুলিও এক লোক বিশ্বাস আছে ৷ সেয়ে নখ যদি নিৰোগী কৰি ৰাখিব বিচাৰে তেন্তে জেতুকা লগাব পাৰে ৷অতীজৰে পৰা মহিলাসকলে সৌন্দৰ্য্যবৰ্ধন বাবে ব্যৱহাৰ কৰা লগতে ব'হাগৰ বিহুত প্ৰতিগৰাকী নাচনীৰ হাতত বোলৱা এই জেতুকাৰো আছে বহু ৰোগ প্ৰতিৰোধৰ ক্ষমতা ৷ বহু শতাব্দীজুৰি এটা প্রচলিত বিশ্বাস আছে যে হাত আৰু ভৰিত জেতুকা লগোৱা মংগলজনক ৷ তদুপৰি ইয়াৰ ব্যৱহাৰে হাত-ভৰিৰ ছাল নিমজ তথা ৰোগমুক্ত কৰে ৷ জেতুকাই নখত হোৱা ভিন্ন ধৰণৰ ৰোগ প্ৰতিৰোধ কৰে ৷ ভিন্ন ধৰণৰ চৰ্মৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে জেতুকা পাতৰ ৷
ইয়াৰোপৰি, ভাৰতীয় সমাজত সৌভাগ্য আৰু শ্রীবৃদ্ধিৰ প্ৰতীক হিচাপে জেতুকাৰ আজিও এক বিশেষ ভূমিকা গ্রহণ কৰি আহিছে ৷ বিশেষভাৱে বিবাহ প্রথাত নাৰীসকলৰ মেহেন্দি চর্চা অতি জনপ্রিয় ৰূপচর্চা ৷ বিয়াত কইনা আৰু আত্মীয়-স্বজন, বন্ধু-বান্ধৱসকলে মেহেন্দি লগাই নিজকে ৰঙীন কৰি তোলে ৷ এই শতাব্দী প্রাচীন শিল্পকর্মই আধুনিক ভাৰতীয় সমাজত এনে জনপ্রিয়তা লাভ কৰিছে, যি সঁচাকৈয়ে তুলনাবিহীন ৷ বিহুৰ সময়ত নাচনী সকলে দুহাতত জেতুকা বুলোৱাৰ উপৰিও বিয়া-বাৰু অন্যান্য অনুষ্ঠান যেনে, ফাকুৱা, ৰাখী বন্ধন, দীপান্বিতা, উত্তৰ ভাৰতৰ 'তীজ' উৎসৱ আৰু নাগ পঞ্চমীতো মহিলা আৰু যুৱতীসকলে জেতুকা লগায় ৷

আয়ুৰ্বেদত জেতুকাৰ প্ৰয়োগ
- আয়ুৰ্বেদত বিভিন্ন ৰোগৰ চিকিৎসাত জেতুকাৰ ব্যৱহাৰৰ কথা উল্লেখ আছে ৷
- International Journal of Unani and Integrative Medicineৰ গৱেষণা অনুসৰি জেতুকাই শৰীৰৰ বিভিন্ন সংস্থান(system)ত কাম কৰে ৷ ই বেদনাস্থাপক, দাহপ্ৰশামক, কুষ্ঠঘ্ন,ব্রনোশোধক,ব্রনোৰোপক, মেধ্য, নিদ্রাজনন হিচাপে কাম কৰে ৷
- গাঁঠিৰ বিষ, হাত- ভৰি জ্বলা পোৰা কৰা আদি ৰোগত জেতুকাৰ পাত বটি সেই স্থানত লেপ লগালে আৰাম পোৱা যায় ৷
- বিভিন্ন ধৰণৰ চৰ্ম ৰোগত জেতুকাৰ পাত বটি লেপ লগালে সুফল পোৱা যায় ৷
- জেতুকাৰ পাত পানীত উতলাই সেই পানীৰে কুলি কুলি কৰিলে মুখ আৰু ডিঙিৰ বিভিন্ন ৰোগ উপশম হয় ৷
- শৰীৰৰ কোনো স্থান আঘাতপ্ৰাপ্ত হৈ ৰক্তস্ৰাৱ হলে আৰু ফুলি উঠিলে জেতুকাৰ প্ৰয়োগে সেই স্থানৰ বিষ, ৰক্তস্ৰাৱ আৰু ফুলি উঠা(swelling) নাইকিয়া কৰে ৷
- চুলি সৰিলে আৰু মূৰত উফি হলে জেতুকাৰ পাত বটি মূৰত লগালে চুলি সৰা কমে আৰু উফিও নোহোৱা হয় ৷
- এটা পাত্ৰত নিৰ্দিষ্ট পৰিমাণৰ পানী উতলাই সেই উতলা পানীত নির্দিষ্ট পৰিমাণৰ জেতুকাৰ ফুল দিব লাগে ৷ এতিয়া পাত্ৰটোৰ পানীখিনি নিজে নিজে ঠাণ্ডা হব দিব লাগে ৷ তাৰপাছত জেতুকাৰ ফুলখিনি পৰিস্কাৰ হাতেৰে মোহাৰি পানীখিনি চেকি লব লাগে ৷ ইয়াক আয়ুৰ্বেদত ফান্ত কল্পনা(Hot infusion) বুলি কোৱা হয় ৷ এই জেতুকা ফুলৰ ফান্ত ব্যৱহাৰ কৰিলে জ্বৰ, মস্তিষ্ক দুৰ্বলতা আৰু অনিদ্রা ৰোগত যথেষ্ট আৰাম পোৱা যায় ৷
- প্ৰবাহিকা(diarrhoea) আৰু ৰক্ত অতিসাৰ (dysentery) ৰোগত জেতুকাৰ বীজ পিচি সেৱন কৰিলে সুফল পোৱা যায় ৷
- নানাধৰণৰ ৰক্তবিকাৰ আৰু ৰক্তপিত্ত ৰোগত জেতুকাৰ পাত পানীত উতলাই সেই পানী খালে নাইবা পাতৰ ৰস খালে সেই ৰোগ উপশম হয় ৷
- জণ্ডিজ ৰোগত জেতুকা পাতৰ ৰস সেৱন কৰিলে সুফল পোৱা যায় ৷
- প্ৰসাৱ কমকৈ হলে বা প্ৰসাৱ জ্বলা পোৰা কৰিলে নাইবা প্রসাৱৰ আন কোনো সংক্ৰমণত জেতুকা পাতৰ ৰস চেনি বা মিচৰিৰ সৈতে মিহলাই খালে যথেষ্ট সুফল পোৱা যায় ৷
- এইদৰে আমাৰ ওচৰে পাজৰে সহজে উপলব্ধ জেতুকা গছজোপাৰ পৰা আমি বিভিন্ন ধৰণেৰে উপকৃত হ’ব পাৰো ৷
জেতুকা পাতৰ কি কি ৰোগ প্ৰতিৰোধৰ ক্ষমতা আছে ?
- দুহাতৰ লগতে নখতো জেতুকা লগোৱা হয় । কাৰণ জেতুকাই নখত হোৱা ভিন্ন ধৰণৰ ৰোগ প্ৰতিৰোধ কৰে । নখৰ গুৰি ফুলাৰ লগতে নখত হোৱা ভেঁকুৰ জাতীয় সংক্ৰমণৰ বাবে হোৱা ঘাঁ আদি নহ'বৰ বাবে জেতুকা পাত ব্যৱহাৰ কৰিব পাৰে ।
- কৃষকসকলে পথাৰত কাম কৰাৰ ফলত নখৰ গুৰিত বোকা সোমাই যদি ফুলি যায় বা পানী খায় তেতিয়া জেতুকা পাত ব্যৱহাৰ কৰিব পাৰে ।
- জেতুকা পাতৰ ভিন্ন ধৰণৰ চৰ্মৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে । অৱশ্যে বসন্তৰোগৰ পাচত যি চৰ্মৰোগ হয় তাত জেতুকা ব্যৱহাৰ কৰিব নালাগে । কাৰণ আন চৰ্মৰোগ আৰু বসন্ত ৰোগৰ পাচত হোৱা চৰ্মৰোগৰ মাজত বহুত পার্থক্য আছে ।
- ছাল মৃসণ কৰিবলৈও হাতৰ তলুৱাত জেতুকা লগাব পাৰে ।
- ঘামুচিৰ পৰা পৰিত্ৰাণ পাবলৈ জেতুকাৰ ৰস ব্যৱহাৰ কৰিব পাৰে ।
- কান্ধৰ বিষ হ’লে জেতুকাৰ ৰস অকমান সৰিয়হ তেলৰ লগত মিহলাই লাহে লাহে বিষ অনুভৱ হোৱা ঠাইত মালিচ কৰিলে উপশম পোৱা যায় ।
- চুলিৰ ভিন্ন সমস্যা যেনে চুলি সৰা, উফি, অকালপক্কতা আদিৰ পৰা পৰিত্ৰান পাবলৈও জেতুকা ব্যৱহাৰ কৰিব পাৰে ।
- কাণৰ পৰা পুঁজ ওলোৱা সমস্যা থাকিলে কেইদিনমান এটোপাল বা দুটোপাল জেতুকাৰ ৰস ব্যৱহাৰ কৰিব পাৰে ।
(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)
উৎস:-https://www.unanijournal.com/articles/312/8-3-30-906.pdf
লগতে পঢ়ক