ETV Bharat / lifestyle

আপুনি পূৰ্বে এইসমূহ অসমীয়া অলংকাৰৰ বিষয়ে জানিছিল নে ? - ASSAMESE TRADITIONAL JEWELLERY

শেহতীয়াকৈ অসমীয়া গহনাই লাভ কৰিলে ভৌগোলিক সূচাংক অৰ্থাৎ জি আই টেগৰ স্বীকৃতি, অসমীয়া গহনাত বিভিন্ন ধৰণৰ অলংকাৰ অন্তর্ভুক্ত হয় ৷ সেইসমূহ হ'ল এনেধৰণৰ-

ASSAMESE Jewellery GOT GI TAG: Here are some Most Popular Designs of Assamese Jewellery
আপুনি পূৰ্বে এইসমূহ অসমীয়া অলংকাৰৰ বিষয়ে জানিছিল নে ? (INSTAGRAM)
author img

By ETV Bharat Lifestyle Team

Published : April 10, 2025 at 1:22 PM IST

11 Min Read
  • লেখিকা:-দ্বীপশিখা তালুকদাৰ

অসমীয়া সংস্কৃতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদসমূহৰ ভিতৰত এটা উল্লেখনীয় সম্পদ হʼল, অসমীয়া গহনা ৷ ই সাধাৰণতে কেঁচা সোন নামৰ সামগ্ৰীৰে তৈয়াৰ কৰা হয় ৷ এই গহণাসমূহ দেখিবলৈ বৰ ধুনীয়া আৰু অসমীয়া সংস্কৃতিৰ এটা অতি গৌৰৱৰ অংশ ৷ অসমীয়া গহনাৰ অন্তৰ্ভুক্ত জনপ্ৰিয় কেইবিধ মান গহণাৰ ভিতৰত অতি সুন্দৰ কানফুলি লোকাপাৰʼ, কেৰুমণি, থুৰীয়া, জাংফাই, দীঘল কেৰু, চনা বা মাকৰী, বিভিন্ন ধৰণৰ হাৰসমূহৰ ভিতৰত গʼলপতা, সাতসৰী, জোনবিৰি, বেনা, গেজেৰা, ধোলবিৰি, ডুগডুগী, বিৰি মণি, মুকুতা মণি, পোৱাল মণি, শিলিখা মণি আৰু মগৰদানা আৰু বিভিন্ন ধৰণৰ আঙঠিৰ ভিতৰত সেন পটা, হৰিণ চকুৱা, জেঠী নেজীয়া, বাখাৰপটা আদি আৰু অন্যান্য গহণা উল্লেখযোগ্য ৷

কিছুমান ভিন্ন ধৰণৰ ৰঙা সৰু আকাৰৰ বলৰ মালা যিবোৰ সাধাৰণতে মনি নামেৰে জনা যায়, অসমীয়া গহনা সামগ্ৰীতো ব্যৱহাৰ কৰা হয় ৷ বলবোৰৰ আকাৰ, ৰং আৰু গুণাগুণ অনুসৰি তেওঁলোকক বাখৰুৱা মনি, পোৱালমণি, দেশীমণি আদি নামেৰে জনা যায় ৷ ইয়াত এটা অতি সৰু প্লাষ্টিকৰ সূতা ব্যৱহাৰ কৰি বলবোৰ চিলাই কৰা হয় আৰু নেকলেচ প্ৰস্তুত কৰা হয় ৷ অসমীয়া গহনাত বিভিন্ন ধৰণৰ অলংকাৰ অন্তর্ভুক্ত হয় ৷ সেইসমূহ হ'ল এনেধৰণৰ:-

ASSAMESE Jewellery GOT GI TAG: Here are some Most Popular Designs of Assamese Jewellery
গামখাৰু (ETV Bharat)

১) জোনবিৰি: সাধাৰণতে কেঁচা সোণেৰে এই অলংকাৰ বিধ অসমৰ থলুৱা সোণাৰিয়ে তৈয়াৰ কৰে ৷ ই দেখিবলৈ কাঁচি জোনটোৰ দৰে অৰ্থাৎ অর্ধ-চন্দ্ৰৰ দৰে ৷ উৎসৱ-পার্বন, বিয়া-সবাহ আৰু বিভিন্ন মাংগলিক অনুষ্ঠানত অসমীয়া মহিলাই এই অলংকাৰ পৰিধান কৰে ৷ ৰঙালী বিহুত বিহু নাচোতেও নাচনীয়ে ডিঙিত জোনবিৰি পিন্ধে ৷

জোনবিৰি (ETV Bharat)

২) ঢোলবিৰি: ঢোলবিৰি দেখিবলৈ ঢোল বাদ্যৰ দৰেই ৷ ঢোলবিৰিৰ আন এটি নাম হৈছে 'মতাবিৰি' ৷ আকৃতিত ডাঙৰ আৰু বাখৰ নোহোৱাকৈ গঢ়া ঢোলবিৰি পূৰ্বে কেৱল পুৰুষ সকলেহে পৰিধান কৰিছিল যাৰ বাবে ইয়াক 'মতাবিৰি' বুলিও কোৱা হৈছিল ৷ আজিকালি ঢোলবিৰিসমূহত বাখৰ খটোৱাৰ উপৰি ক'লা-ৰঙা, সেউজীয়া ৰঙৰ মিনাও কৰা হয় ৷ মহিলাসকলেও বৰ্তমান সময়ত ঢোলবিৰি পৰিধান কৰা দেখা যায় কিন্তু পূৰ্বৰ দৰে পুৰুষসকলে পিচে ইয়াক পৰিধান কৰাটো সাধাৰণতে দেখা নাযায় ৷ উৎসৱ-পাৰ্বন, বিয়া-সবাহ আৰু বিভিন্ন মাংগলিক অনুষ্ঠানত অসমীয়া মহিলাই এই অলংকাৰ পৰিধান কৰে ৷ ৰঙালী বিহুত বিহু নাচোতে নাচনীয়ে আৰু বিয়াত কইনাই ডিঙিত এইপদ অলংকাৰ পিন্ধে ৷

অসমীয়া গহনা (ETV Bharat)

৩) কেৰুমণি: কেৰুমণি বা কেৰু হৈছে অসমীয়া পম্পৰাগত কাণত পিন্ধা এবিধ অলংকাৰ ৷ ইয়াল অকল সোণেৰে গঢ়োৱা হয় ৷ বাখৰ খটোৱা নহয় ৷ অসমৰ বৰপেটা জিলাত ই এক বিশিষ্ট অলংকাৰ ৷ আগতে এই অলংকাৰ পদ বৰপেটা অঞ্চলৰ বয়সীয়া মহিলা সকলে পৰিধান কৰিছিল ৷

অৱশ্যে আজিকালি বৰপেটাৰ উপৰি অন্যান্য ঠাইৰ মহিলায়ো পৰিধান কৰে ৷ এটা সময়ত এইপদ অলংকাৰৰ ব্যৱহাৰ কমি গৈছিল যদিও এতিয়া ই পৰিশীলিত ৰূপত পুনৰ ব্যৱহাৰ হ'বলৈ ধৰিছে ৷ চানেকি অনুযায়ী কেৰুৰ নাম বেলেগ বেলেগ ৷ যেনে সোণৰ কেৰু, ৰূপৰ কেৰু, বাঘ্রাম কেৰু, জাংফাই কেৰু, লং কেৰু ইত্যাদি ৷

৪) গামখাৰু: গামখাৰু হৈছে অসমীয়া পুৰুষ-মহিলা উভয়ে সৌন্দর্য বর্ধনৰ বাবে হাতত পিন্ধা খাৰু বিশেষ ৷ গামখাৰু অসমীয়া গহনাৰ এবিধ পুৰণি অলংকাৰ ৷ পুৰণি দিনত ইয়াৰ ব্যৱহাৰ সাধাৰণ আছিল যদিও বৰ্তমান বিহুৰ সময়তহে নাচনীৰ হাতত গাম খাৰু দেখা যায় ৷ অসমীয়া পুৰুষ-মহিলা উভয়ে হাতত পৰিধান কৰা বিভিন্ন অলংকাৰৰ ভিতৰত আঙুঠি আৰু খাৰুৱে প্ৰধান ৷ সেই সমূহৰ ভিতৰত উকা সোণৰ গামখাৰু, উকা ৰূপৰ গামখাৰু, বাখৰুৱা গামখাৰু, সোণৰ চাৰিপতীয়া গামখাৰু, গেজেৰাখাৰু, বাখৰ পতা খাৰু, কংকণ সোণৰ চাৰি পতীয়া ডলা, সোণৰ পেচন্দাৰ, কলক, বাজু আদি লগতে আঙঠিৰ ক্ষেত্ৰত- উকা আঙুঠি, হীৰাপতি আঙুঠি, বাবৰি ফুলীয়া আঙুঠি, পদুম ফুলীয়া আঙুঠি, ভাটৌ ঠোঁটীয়া আঙুঠি, বাখৰামি আঙুঠি, ম'ৰানেজীয়া আঙুঠি আদিয়ে প্রধান ৷

৫) জাংফাই কেৰু: অসমৰ উত্তৰ-পূৱ ফালৰ মিচিমি পৰ্বতত পোৱা এবিধ জলমলীয়া, মৌবৰণীয়া গোট মৰা গছৰ আঠাযুক্ত এবিধ পদাৰ্থৰ পৰা তৈয়াৰ কৰা ৷ জাংফাই দৰাচলতে এবিধ লা জাতীয় পদাৰ্থ ৷ জাংফাই জীৱাশ্মীভূত গছৰ ৰজন(resin) আৰু এবিধ সুগন্ধি দ্ৰব্য ৷ ইয়াক অলংকাৰ প্ৰস্তুত কৰাৰ উপাদান আৰু ৰোগ নিৰাময়ৰ কাৰক হিচাপে ব্যৱহাৰ কৰা হয়৷ পুৰণি অসমত সাধাৰণ অসমীয়া মহিলাই সোণ আৰু ৰূপৰ সলনি জাংফাইৰ কেৰু পিন্ধিছিল ৷ কোনো কোনো জনজাতিৰ পুৰুষেও জাংফাইৰ কেৰু পিন্ধিছিল ৷ সেইবোৰক 'মতা জাংফাই' বোলা হৈছিল ৷

জাংফাই কেৰুৰ এক বিশেষ বিশেষত্ব হ'ল, ইয়াৰ ঠাৰি শকত অর্থাৎ কাণৰ বিন্ধাৰে সুমুৱাই দিয়া অংশ শকত আৰু কাণলতিত লিপিট খাই থকা অংশ পদুমপাহিৰ দৰে, য'ত বাখৰ পতোৱাও থাকে৷ ইয়াৰ ঠাৰিতো কিছুমানত বাখৰ পতোৱা থাকে ৷

৬) থুৰীয়া: থুৰীয়া হৈছে মহিলাসকলে কাণত পৰিধান কৰা এবিধ অলংকাৰ ৷ বিশেষ এবিধ বাখৰেৰে এই অলংকাৰবিধ সজোৱা হয় ৷ পূৰ্বে থুৰীয়া পিন্ধিবলৈ কাণৰ ফুটাটো যথেষ্ট ডাঙৰ হ'ব লাগিছিল ৷ সেইবাবে সকলোৱে ইয়াক পৰিধান কৰিব নোৱাৰিছিল ৷ আজিকালি অৱশ্যে ইয়াক বিশেষ কৌশলেৰে গঢ়োৱা হয় যাতে সকলোৱে পিন্ধিব পাৰে ৷ ইয়াৰ চানেকি এপাহ ফুলৰ দৰে ৷ সমুখৰ ফুলটোৰ পিছফালে এডাল শলা থাকে, সেই শলা ডাল কাণৰ লতিৰে সুমুৱাই দি পিছপিনৰ অংশটো পেঁচ গজালৰ (ক্রু) দৰে পকাই পৰিধান কৰা হয় ৷

৭) ডুগডুগী: ডুগডুগী হৈছে সোণালী ৰঙৰ এবিধ বিশেষ লকেট ৷ সাধাৰণতে কেঁচা সোণেৰে এই অলংকাৰ বিধ অসমৰ থলুৱা সোণাৰিয়ে তৈয়াৰ কৰে ৷ ইয়াক ডিঙিৰ পৰা বুকুলৈ ওলোমাই পিন্ধা হয় ৷ উৎসৱ-পার্বন, বিয়া-সবাহ আৰু বিভিন্ন মাংগলিক অনুষ্ঠানত অসমীয়া মহিলাসকলে এই অলংকাৰবিধ পৰিধান কৰে ৷ ৰঙালী বিহুত বিহু নাচোতে নাচনীয়ে আৰু বিয়াত কইনাইও ডিঙিত দুগদুগী পৰিধান কৰা দেখা যায় ৷

৮) নেপুৰ: নেপুৰ হৈছে এবিধ অসমীয়া অলংকাৰ ৷ নেপুৰক বিভিন্ন ঠাইত নূপুৰ বুলিও কোৱা হয় ৷ এই অলংকাৰবিধ ভৰিত পিন্ধা হয় ৷ নেপুৰ সাধাৰণতে ৰূপ আৰু সোণৰ দ্বাৰা প্ৰস্তুত কৰা হয় ৷ কোনো কোনো নেপুৰত ঝুমকাও থাকে, যাতে খোজ কাঢ়িলে ঝুমকাবোৰ পায়েলৰ দৰে বাজি উঠে ৷ এইবিধ অলংকাৰ সৰু সৰু ল'ৰা-ছোৱালীৰ পৰা বিবাহিতা মহিলালৈকে সকলোৱে পৰিধান কৰিব পাৰে ৷ ইয়াৰ এটা মূৰত এটা আঙঠি লগোৱা থাকে আৰু আনটো মূৰত থাকে এডাল বেঁকা শলখা ৷ সেয়ে আজিকালি নেপুৰৰ নামৰ পৰিৱৰ্তন হৈ সকলোৱে ইয়াক পায়েল বুলিয়েই জানে ৷ আগৰ দিনত নেপুৰক পো-জোপা বুলি কোৱা হৈছিল ৷ ইয়াক অভিজাত মহিলাসকলেহে পৰিধান কৰিছিল ৷ এইবিধ গহনাৰ আন এটা নাম পাওপদ্মা ৷

৯) মুঠিখাৰু: মুঠিখাৰু হৈছে অসমীয়া মহিলাসকলে হাতৰ মণিবন্ধত পৰিধান কৰা এবিধ পৰম্পৰাগত অলংকাৰ ৷ এই খাৰু দেখিবলৈ চেপেতা বালা লগ লগাই তৈয়াৰ কৰা হয় আৰু এই খাৰু পৰিধান কৰা সময়ত হাতখন মুঠি মাৰি লোৱা হয় ৷ কেতিয়াবা গামখাৰুৰ সৈতে মুঠিখাৰুৰ সাদৃশ্য দেখা যায় ৷ অতীজৰে পৰা এই খাৰু অসমীয়া জীয়ৰী-বোৱাৰীয়ে উৎসৱ-পাৰ্ৱণত পৰিধান কৰাৰ পৰম্পৰা আছে যদিও ব'হাগ বিহুৰ সময়ত গীত-নৃত্যত ভাগ ল'বলৈ গামখাৰুহে পৰিধান কৰা হয় ৷

পৌৰাণিক ভাস্কৰ্যসমূহত মুঠিখাৰু সদৃশ দীঘলীয়া অনেক প্ৰকাৰৰ হাতৰ আ-অলংকাৰ দেখা পোৱা যায় ৷ আমবাৰীৰ পুৰাতাত্ত্বিক ক্ষেত্ৰত আৱিষ্কৃত হোৱা নৃত্যৰতা যুৱতীৰ প্ৰতিমূৰ্তিৰ হাততো এই খাৰু দেখিবলৈ পোৱা যায় ৷ আহোম ৰাজত্বকালত আহোম স্বৰ্গদেৱৰ কুঁৱৰীসকলৰ মুঠিখাৰুত হীৰা খটোৱা আছিল বুলি কোৱা হয় ৷ অঞ্চলভেদে সৰু গামখাৰুকে মুঠিখাৰু বুলি কোৱা হয় ৷

আহোম ৰাজত্বকালত সৰ্বসাধাৰণ লোকে পৰিধান কৰা মুঠিখাৰু ৰূপেৰে সজোৱা হৈছিল ৷ মুঠিখাৰুসমূহত ফুল-পাত আদিৰ আকৃতি কাৰুকাৰ্য কৰি গঢ় দিয়া হয় ৷ বাখৰ পতাই ইয়াক আকর্ষণীয় কৰি তোলা হৈছিল ৷

পৰম্পৰাগতভাৱে মুঠিখাৰুসমূহ কেইবাপাটো খাৰু একেলগে জাপি থোৱাৰ দৰে সজা হয় ৷ অৱশ্যে কোনো কোনো ক্ষেত্রত ই গামখাৰু সদৃশ আকাৰ লয় ৷ গামখাৰু সদৃশ মুঠিখাৰুসমূহৰ এটা বৈশিষ্ট্য হ'ল যে গামখাৰুৰ দৰেই মুঠিখাৰুৰ গাত শিলিখাৰ আকৃতিৰ একাধিক শাৰী সজা হ'ব পাৰে ৷ কিন্তু দেখাত মিল থাকিলেও ই গামখাৰুতকৈ দৈর্ঘ্যত চুটি হয় ৷ এই শিলিখাৰ শাৰীৰ সংখ্যা অনুযায়ী খাৰুপাটক তিনি শিলিখা, চাৰি শিলিখা আদি নাম দিয়া হয় ৷ খাৰুপাটত এডাল শলখা থাকে ৷

১০) লোকাপাৰ: লোকাপাৰ হৈছে এবিধ আপুৰুগীয়া কাণত পিন্ধা অলংকাৰ ৷ প্ৰধানকৈ অসমৰ যোৰহাট অঞ্চলত গঢ়োৱা এই অলংকাৰ বিধ পিঠিয়া-পিঠিয়কৈ থকা চাৰিটা পাৰ চৰাইৰ আৰ্হিৰ ৷ সাধাৰণতে ইয়াত ৰঙা আৰু সেউজীয়া পাথৰে সোণত খচিত কৰি গঢ়োৱা হয় ৷

লোকাপাৰক অসমীয়া মহিলাৰ অতি আদৰৰ আৰু হেঁপাহৰ অলংকাৰ হিচাপে গণ্য কৰা হয় ৷ ই এবিধ সুচাৰুৰূপে আৰু মৰ্যাদা সম্পন্ন অলংকাৰ ৷ আহোম ৰজা আৰু ডা-ডাঙৰীয়াসকলে লোকাপাৰ পৰিধান কৰিছিল বুলি বুৰঞ্জীত পোৱা যায় ৷ আহোমৰ দিনত উৎসৱ-পাৰ্বন আদিত লোকাপাৰ পৰিধান কৰাতো পৰম্পৰাৰ দৰে আছিল ৷

১১) সাতসৰী বা সাতলৰী বা সাতমেৰীয়া হাৰ: সাতসৰী বা সাতলৰী বা সাতমেৰীয়া হাৰ, এবিধ নাৰীসকলে ডিঙিত পিন্ধা অলংকাৰ ৷ সৰহখিনি অসমীয়া অলংকাৰ আহোম শাসন কালতে গঢ় লৈ উঠে ৷ আগৰ দিনত ভাৰতৰ আন ঠাইৰ দৰে কাঁচ বা পিতলৰ অলংকাৰ পিন্ধা নহৈছিলেই ৷ দৈনন্দিন ব্যৱহাৰত মধ্যবিত্ত অসমীয়া নাৰীয়ে বগা বা ৰঙা পোৱালমণিৰে গঁথা বেনা, ডুগডুগী, চিতিপতি, গলপতা আদি নানাপ্ৰকাৰৰ অলংকাৰ পিন্ধিছিল ৷ তাৰ ভিতৰত সাতসৰী অন্যতম৷

প্রাচীন কালৰে পৰা অসমত ইয়াৰ প্ৰচলন আছিল ৷ সোণ বা অন্য ধাতু আৰু সোণ চৰোৱা সাতসৰী প্ৰকৃততে সাতডাল হাৰৰ সৈতে তৈয়াৰী ৷ হাৰ মানে কণ্ঠালংকাৰ ৷ হাৰৰ গাঁঠনি শিকলিৰ দৰে ৷ সাতসৰীৰ হাৰ গোটাকৈ তৈয়াৰ কৰা হয় ৷ এপতীয়া বা কেইবাপতীয়া শিকলিৰ দৰে গাঁঠনি দি হাৰ প্ৰস্তুত কৰা হয় ৷ সাতডাল হাৰেৰে তৈয়াৰ কৰা সাতসৰীক পশ্চিমৰ ফালে 'সাতলসৰী'ও বুলিও কোৱা হয় ৷

সাতসৰীৰ হাৰৰ সংখ্যা অনুসৰি বেলেগ বেলেগ নাম আছে ৷ সেইবোৰ হ'ল, এলৰি, দোলৰী, তিনলৰী, চাৰিলৰী, পাঁচলৰী, ছলৰী আৰু সাতলৰী ৷ আহোম ৰজা আৰু ৰাণী উভয়ে ৰাজকীয় অলঙ্কাৰ হিচাপে পাঁচসৰী, সাতসৰী, নৱসৰী পিন্ধিছিল ৷ প্রত্যেক লহৰৰ মাজে মাজে ডিঙিৰ পৰা লটকন দিয়া হৈছিল ৷

১২) মগৰদানা: মগৰদানা দেখাত মালাৰ দৰে যদিও সম্পূর্ণ মালা নহয় ৷ দুয়ো মূৰে দুটা মগৰৰ মুখৰ আকৃতি থাকে বাকী অংশত মাছৰ বাকলিৰ দৰে ফুল বচা থাকে ৷ এইবিধ পুৰুষৰ অলংকাৰ ৷

১৩) বাজু: পূর্বতে অসমীয়া নাৰীয়ে বাহুত বাজু পিন্ধিছিল ৷ সোণ আৰু ৰূপেৰে গঢ়া বাজুৰ মাজ ভাগ ফোপোলা ৷

১৪) গলপতা: গলপতা মহিলাই পিন্ধা ডিঙিৰ গহনা ৷ গলপতাৰ দুয়োকাষে দুধাৰ মনি থাকে ৷

লগতে পঢ়ক

  1. বিহুৰে বিৰিণা পাতে সমনীয়া...বাপতি সাহোন বিহুটিক সজাই তোলক এইসমূহ পুৰণি বিহুগীতেৰে
  2. অসমীয়াৰ সাত বিহুৰ বিষয়ে আপুনি জানেনে ?
  3. অতীজৰে পৰা বিহুত ব্যৱহৃত হৈ অহা এই বাদ্যযন্ত্ৰসমূহৰ কথা আপুনি জানেনে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.