ETV Bharat / lifestyle

বিহুৰে বিৰিণা পাতে সমনীয়া...বাপতি সাহোন বিহুটিক সজাই তোলক এইসমূহ পুৰণি বিহুগীতেৰে

বিহুগীত অবিহনে বিহুৰ আনন্দ আধৰুৱা বুলি গণ্য কৰা হয়, বিহুগীতসমূহ অসমীয়াৰ ঐতিহ্য বুলি ক’লেও ভুল কোৱা নহ’ব, আজি এনে কিছুমান পুৰণি বিহুগীতৰ বিষয়ে জানো আহক-

Bohag Bihu 2025: Some old Traditional Bihu geet that you should know
বিহুৰে বিৰিণা পাতে সমনীয়া...ৰঙালী বিহুক সজাই তোলক এইসমূহ পুৰণি বিহুগীতেৰে (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : April 9, 2025 at 4:17 PM IST

5 Min Read
Choose ETV Bharat

প্ৰকৃতিৰ নতুন পৰশত অসমীয়া সমাজৰ ৰং উল্লাসৰ আনন্দত সজীৱ হৈ উঠা বিহু অসমীয়া জন জীৱনৰ জাতীয় উৎসৱ ৷ বিহু বুলিলে অসমীয়াৰ গা সাতখন আঠখন হৈ উঠে, নৃত্য-গীত বিভিন্ন নিতী-নিয়ম, খাদ্য সম্ভাৰ আদিৰে অসমীয়া জন সমাজত বিহু উদযাপন কৰে, বিহু প্ৰধানকৈ তিনি প্ৰকাৰৰ সেই হয়তো প্ৰত্যেকগৰাকী অসমীয়াই জানে আৰু সেয়া হৈছে ব’হাগ বিহু, কাতি বিহু আৰু মাঘ বিহু ৷ ব’হাগ বিহুক সাত বিহু বুলিও কোৱা হয় । এই সাত বিহুৰ প্রত্যেকটা দিনৰে একোটাকৈ নাম আছে, যেনেঃ- গৰু বিহু, গোঁসাই বিহু, তাঁত বিহু, নাঙল বিহু, কুটুম বিহু, চেৰা বিহু ।

ব’হাগ বিহু যাক আমি ৰঙালী বিহু বুলিও কও এই বিহুত প্ৰতিগৰাকী অসমীয়াই আনন্দ-উল্লাস কৰা দেখা যায় ৷ বিহু বুলিলে গা সাতখন আঠখন নকৰা অসমীয়া নাই বুলিলেও হয় । কিন্তু তাহানি চ'তৰ বিহু আৰু বহাগৰ বিহু বুলিলে দুটা সুকীয়া বিহুক বুজাইছিল । গোটেই চ'তৰ মাহটো ডেকা গাভৰুৱে বিহু পাতিছিল ।

বিশেষকৈ গ্ৰামাঞ্চলত বিহুৱা-বিহুৱতীসকলে ঘৰে ঘৰে গৈ বিহুনাম গাই আশীৰ্বাদ লয় ৷ বিহুগীত অবিহনে বিহুৰ আনন্দ আধৰুৱা বুলি গণ্য কৰা হয় ৷ বিহুগীতসমূহ অসমীয়াৰ ঐতিহ্য বুলি ক’লেও ভুল কোৱা নহ’ব ৷ আজি এনে কিছুমান পুৰণি বিহুগীতৰ বিষয়ে জানো আহক-

লাই ঐ লিহিৰী

হালে নো বায় হালোৱা

লাই ঐ লিহিৰী ঘৰলে ঐ নাযাবা,

লাই ঐ লিহিৰী

কঠিয়া ঐ বুলাব

ঠিক তেনে ধৰনৰ গৃহস্তৰ চোতালত মৰা হুঁচৰি

গীত এফাঁকি যেনেঃ-

ঐ খুতিতে পৰিলে জিঞা

তললৈ মুৰ কৰি

চাব ঐ নালাগে,

দক্ষিনা উলিয়াই দিয়া

দদাইদেউ গামোচা লাগিব

ঐ দদাইদেউ লাগিব বাকচৰ ধন ।

দিনৰ ভাগত বটগছৰ তলত গোৱা বিহুগীত এনেধৰণৰ :-

বিহুৰে বিৰিণা

পাতে ঐ লাহৰী

বিহুৰে বিৰিণা পাত,

গাভৰু ছোৱালী

নাচে জুমে জুমে

চ’তৰ বিহু লাগিছে গাত ।

উল্লেখিত বিহু গীত সমূহৰ উপৰিও নৈ বা লুইতৰ পাৰৰ মুকলি পথাৰত বা ডাঠ গছনিৰ তলত মৰা বিহু আদিকো বিহু গীতৰ ইতিহাসৰ ভিতৰতো সামৰি লব পাৰি । প্ৰকৃতিৰ পৰশত সময়ৰ বুকুত আনন্দময় হৈ উঠা অসমীয়া জাতিটোৰ প্ৰাণৰ উচ্চাসৰ স্বীকৃতি দিয়া বিহুগীত আনন্দ উল্লাসৰ প্ৰকাশ পায় দৈহিক চঞ্চলতা মাজেদি যত মানুহৰ মন, ৰং ধেমালিৰে পৰিপূৰ্ণ হয় মন-প্ৰাণ নাচি উঠে, ঢোল, টকাৰ চাপৰত এপাক নাচিবলৈ আৰু নচোৱাবলৈ মন যায় নাচনি তেতিয়া এনেদৰে গোৱা হয়-

নৈৰ পাৰে পাৰে নলৰে গজালি

অতে ক'লা গৰু চৰে,

নাচনীৰ মূৰতে

গুটি ফুলৰ গামোচা

পখিলা উৰাদি উৰে

বাৰীৰে চাপৰে

কজলা উৰহী

পাতে তিৰেবিৰে কৰে,

নাচনী মুখলৈ চাবকে নোৱাৰি

চকু ছাটে মাৰি ধৰে ।

অসমীয়া জন- জীৱনত ম'হৰ শিঙৰ পেঁপাটি বিহুৰ আনন্দ উল্লাসৰ মধুৰ লগৰীয়া । পেঁপাৰ সুৰে মানুহৰ মনত বিহুৰ মাদকতা জগাই তোলে চকুৰে চাই, মুখেৰে কথা পাতিবলৈ সুযোগ নোহোৱা বিহুৱা ডেকায়ে হিয়া উজাৰি প্রকাশ কৰে বুকুত বেদনা বোৰ বুকুৰ বাতৰিলি উৰি যায় পেঁপাৰ সুৰবোৰ এজনৰ মনৰ পৰা আন এজনৰ মনলৈ পেঁপাৰ মনে মনে উৰুঙা কৰে বিহু তলিলৈ ঢাপলি মেলিবলৈ মন যায়। সেই উদ্দেশ্য বিহুগীতত গাইছে-

এইবেলি আহুধান

পানীয়ে মাৰিলে

অহা বেলি আহু ধান পাম

ম'হৰ শিঙৰ পেঁপাটি

বনকিয়াই আনগৈ

তোমাৰ শপত বিহুলৈ যাম ।

পেঁপাৰ দৰে ঢোলো হৈছে বিহু এবিধ অন্যতম বাদ্য। যাৰ অবিহনে বিহু নপকে । ঢোলৰ মাত শুনিলে বিহু বলীয়া অসমীয়াই বঢ়া ভাত কাহীতে এৰি বিহুলৈ ঢাপলি মেলে ।

বিহুগীতত গাইছে-

ঢোলৰ চাপৰ মাৰি

ঢুলীয়া ওলালে

কাৰ ঘৰত নাচনী নাচে,

ওচৰ চাপি চাপি

নাহিবি নাচনী

হাতত ঢোলৰ মাৰি আছে।

ঢোলত চাপৰ মাৰি

ঢুলিয়া ওলালে

বহি বৈ আছিলো তাঁত টোপোলাৰ সেন্দুৰ

টোপালাত থাকিলে

খাবলৈ নহলে ভাত ।

বিহু জাতীয় জীৱনৰ আশা আকাংক্ষা বং আনন্দ, আৱেগ অনুভূতিৰ উৎসৱ । বিহুৰ দিনা প্রত্যাসিক জীৱনৰ আনন্দ উল্লাস প্রকাশ কৰিলেও সামুহিক জীৱনৰ কিছুমান কর্তব্যও আছে । যেনে- গুৰু ভকতক মান সৎকাৰ কৰা ৰাইজৰ ওচৰ মোৰ দোঁৱা জ্যেষ্ঠ জনৰ পৰা আর্শীবাদ লোৱা আদি । বিহুগীতত কৈছে ।

চ'ততে চকৰী

ব'হাগত বগৰী

জেঠৰ আমনা ধান,

গৰুৰ বিহুৰ দিনাখন সৎকাৰ কৰিবা

তেহে পাব বৈকুণ্ঠৰ থান ।

বিহুগীতত সময়ৰ বোল লাগে । বুৰঞ্জীৰ আচুৰ পৰে অসমৰ জাতীয় জীৱনৰ আহোম ৰাজত্বৰ প্রভার বর্ণনাতীক জাতীয় জীৱনৰ কন্ধে কন্ধে বিয়পি পৰে অনেক কথা । অসমীয়া বিহুনামত স্বর্গদেউ কথায়েই ঠাই পাইছে ।

স্বর্গদেউ ওলালে

বাট চ'ৰাৰ মুখলৈ

ঢুলীয়াই পাতিলে দোলা,

কাণত জিলিকিলে

নৰা-জাংফাই

গাত গোমাটেঙৰ চোলা ।

চৰাই চিকুণ

তেলীয়া মাৰেং

মাছৰ চিকুণ মালি,

স্বর্গদেউ চিকুণ

কেঁকোৰা দেলাখন

শুৱাই গজেপুৰৰ আলি ।

অকল এই য়ে নহয় বিহুৰ নামত অনেক কাহিনাও নিজৰ চিনাকী দি সময়ৰ পৰশত স্বীকৃতি লাভ কৰিছে । যেনেঃ-

কিনো মাছ

তুৰা পখনায়া

কিনো মাছ মাৰিবৰ তুৰা,

ৰংপুৰ নগৰত

কাৰেংঘৰ সাজিলে

মাৰিলৰ নেখালে জোৰা ।

লগতে পঢ়ক

  1. অসমীয়াৰ সাত বিহুৰ বিষয়ে আপুনি জানেনে ?
  2. সাতবিহুত খোৱা ১০১ বিধ শাকনো কি, আপুনি জানেনে ?
  3. অতীজৰে পৰা বিহুত ব্যৱহৃত হৈ অহা এই বাদ্যযন্ত্ৰসমূহৰ কথা আপুনি জানেনে ?