অতীজৰে পৰা বিহুত ব্যৱহৃত হৈ অহা এই বাদ্যযন্ত্ৰসমূহৰ কথা আপুনি জানেনে ?
জাতিটোৰ ঐতিহ্য বহন কৰা বিহু উৎসৱটি উদযাপন কৰিবৰ বাবে আমি অতীজৰে পৰা বিভিন্ন লোক বাদ্য ব্যৱহাৰ কৰি আহিছো ৷ ইয়াৰে ভিতৰত অন্যতম-

Published : April 4, 2025 at 1:14 PM IST
বিহু অসমীয়াৰ আয়ুসৰেখা ৷ বিহু অসমীয়াৰ চিনাকি, বিহু অসমীয়াৰ আৱেগ ৷ জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৱে বিহু উদযাপন কৰিব পৰাৰ বাবেই হয়তো বিহুক লোক সংস্কৃতিৰ দপোন তথা অসমীয়া সংস্কৃতিৰ শ্ৰেষ্ঠতম সম্পদ বুলি অভিহিত কৰা হয় ৷ মনৰ স্ফূৰ্তি প্ৰকাশৰে নৃত্য-গীত- মাতেৰে অসমীয়াই বিহু পালন কৰি একতাৰ এনাজৰীডাল শক্তিশালী কৰি ৰাখিছে ৷ জাতিটোৰ ঐতিহ্য বহন কৰা বিহু উৎসৱটি উদযাপন কৰিবৰ বাবে আমি অতীজৰে পৰা বিভিন্ন লোক বাদ্য ব্যৱহাৰ কৰি আহিছো ৷ ইয়াৰে ভিতৰত অন্যতম-
ঢোল
অসমীয়াৰ বিহু আৰু ঢোল যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠিহে ৷বিহুৰ বতৰত ঢুলীয়াই কান্ধত ঢোলটো লৈ নাচনীক নচুৱাই নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে ৷ ঢোলৰ চেও শুনিলে ডেকা-বুঢ়া সকলোয়েই এপাক ননচাকৈ থাকিব নোৱাৰে ৷ অসমৰ ভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলেও বিভিন্ন সময়ত তেওঁলোকৰ নিজা ঢোল ব্যৱহাৰ কৰে ৷ ইয়াৰ ভিতৰত ওজা ঢোল, খৰাম, ঢেপা ঢোল, জয় ঢোল, মাদল, বৰ ঢোল আদি বিশেষভাৱে উল্লেখনীয় ৷
পেঁপা
বিহুৰ এক অনৱদ্য অংগ হ’ল পেঁপা ৷ ম’হৰ শিঙেৰে এই পেঁপা তৈয়াৰ কৰা হয় ৷ পেঁপাই অসমীয়া সংস্কৃতিত চীন-তিব্বতীয় সংস্কৃতিৰ প্ৰভাৱৰ বিষয়ে প্ৰতিফলিত কৰে ৷ পেঁপা আৱিস্কাৰৰ ক্ষেত্ৰত হেনো ম’হৰখীয়াসকলৰ বিশেষ অৱদান আছে ৷ পেঁপা বজোৱাজনক ‘পেঁপুৱা’ বুলি সম্বোধন কৰা হয় ৷ পেপাঁক মিচিং সম্প্ৰদায়ৰ লোকসকলে ‘পেম্পা’, ডিমাছাসকলে ‘সুৰী’, ৰাভাসকলে ‘সিংগৰা’ আৰু আদিবাসীসকলে ‘পেঁপাটি’ বুলি নামকৰণ কৰিছে ৷
তাল
বিহুৰ আন এক গুৰুত্বপূৰ্ণ বাদ্য হ’ল তাল ৷ তাল মূলত কাঁহ অথবা পিতলৰে তৈয়াৰী ৷ অকৃতিৰ ওপৰত ভিত্তি কৰি তালক কেইবাপ্ৰকাৰৰে নাম দিয়া হৈছে ৷ সেয়া হ’ল-ভোৰ তাল বা বৰ তাল, মাজু তাল, খুটি তাল বা সৰু তাল, ৰাম তাল বা খৰি তাল আৰু বিহু তাল ৷উল্লেখ্য, হিন্দু ধৰ্মীয় শাস্ত্ৰত ‘কৰ তাল’ৰ নাম উল্লেখ আছে ৷
গগনা
বিহুগীতত স্থান দখল কৰা আন এটি বিশেষ বাদ্য হ’ল গগনা ৷ বিশেষভাৱে বাঁহেৰে তৈয়াৰ কৰা গগনা মংগোলীয় জনগোষ্ঠীয় অৱদান ৷ গগনা ওঁঠৰে চেপি ধৰি আঙুলিৰেৰে বজোৱা হয় ৷ দেখিবলৈ সৰু যদিও ইয়াক সাজি উলিওৱা পদ্ধতি বহু জটিল ৷গগনা বিশেষকৈ দুই প্ৰকাৰৰ ৷ বিহুৱাই বজোৱা গগনাক ‘ৰামধন গগনা’ আৰু বিহুৱতীয়ে বজোৱা গগনাক ‘লাহৰী গগনা’ বুলি জনা যায় ৷
বাঁহী
বাঁহী অসমীয়া সংস্কৃতি তথা বিহুৰ এক অপৰিহাৰ্য্য বাদ্য ৷ আনহাতে, বাঁহী ভগৱান শ্ৰীকৃষ্ণৰো বাদ্য ৷ সেয়েহে বাঁহীৰ ব্যৱহাৰ আমাৰ সমাজত শ্ৰদ্ধেয় ৷ অসমৰ বিভিন্ন জনগোষ্ঠীয় সংগীততো বাঁহীৰ ব্যৱহাৰ কৰা হয় ৷ আনহাতে, দেওধনী নৃত্য, বৰগীত, কামৰুপী লোকগীত, ৰাস তথা ভাওঁনাতো বাঁহীৰ ব্যৱহাৰ উল্লেখনীয় ৷
সুতুলী
বিহুগীতত ব্যৱহৃত আন এবিধ বিশেষ বাদ্য হ’ল সুতুলী ৷ সুতুলী মাটিৰে তৈয়াৰ কৰা হয় ৷ য’ত দুই বা তাতোধিক ছিদ্ৰৰ দ্বাৰা সুৰ সৃষ্টি কৰা হয় ৷ জনবিশ্বাস মতে, সুতুলীৰ মাতত বোলে বৰষুণ আহে ৷ সুতুলী বিহুৱা তথা বিহুৱতী দুয়োয়ে বজাব পাৰে ৷
টকা
বাঁহৰে তৈয়াৰ কৰা এক বিশেষ বাদ্য হ’ল টকা ৷ টকা প্ৰস্তুত কৰাৰ পদ্ধতি সহজ হোৱাৰ বাবে এইবিধ বাদ্য অতি সহজলভ্য ৷ গাভৰু বিহু আৰু জেং বিহুৰ মূল বাদ্য টকা ৷ টকা মূলত তিনি প্ৰকাৰৰ ৷ পাতি টকা বা হাত টকা, বৰ টকা বা মাটি টকা আৰু জেং টকা বা ধুতং ৷
খোল
খোল অসমীয়া সংস্কৃতিৰ এক অপৰিহাৰ্য অংগ ৷ খোলক ধৰ্মীয় বাদ্য বুলিও অভিহিত কৰা হয় ৷ বিহু-হুঁচৰিত খোলৰ ব্যৱহাৰৰ লগতে গায়ন-বায়ন , থিয়নাম, ভাওঁনা , বৰগীত ,বৈৰাগী গীত আদিত খোল বাদন কৰা হয় ৷
নাগাৰা
অসমীয়াৰ বিহু হুঁচৰিত ব্যৱহৃত এক বিশেষ বাদ্য নাগাৰা ৷ নাগাৰাক অসমৰ ভিন্ন অঞ্চলভেদে নেগেৰা বুলিও কোৱা হয় ৷নাগাৰা মাটি, কাঠ অথবা বাঁহৰ খোলা সাজি সেই খোলাৰ মূখত জন্তুৰ ছালেৰো বন্ধ কৰি দুডাল মাৰিৰ সহায়ত বজোৱা হয় ৷ সাধাৰণতে দুটা নাগাৰা বজোৱা হয় যদিও পাৰদৰ্শিতা প্ৰদৰ্শনৰ বাবে কোনোৱে তাতকৈ অধিক নাগাৰাও বজোৱা পৰিলক্ষিত হয় ৷ আনহাতে, নামনি অসমৰ এক পৰিবেশ্য কলা হৈছে নাগাৰা নাম ৷ সেয়েহে সংস্কৃতিৰ পথাৰত নাগাৰাৰ এক সুকীয়া পৰিচয় আছে বুলি গণ্য কৰা হয় ৷
লগতে পঢ়ক

