ETV Bharat / international

আমেৰিকাৰ যুদ্ধজাহাজত মিছাইল নিক্ষেপ হুথি বিদ্ৰোহীৰ

Yemen Houthi Rebels : ইজৰাইল-হামাছৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা আমেৰিকাই হুথিৰ ঘাটি আৰু যুদ্ধজাহাজক লক্ষ্য কৰি কৰা আক্ৰমণৰ ঘটনা বৃদ্ধি কৰিছে । লগতে এই সংঘৰ্ষ এক বৃহত্তৰ আঞ্চলিক যুদ্ধলৈ পৰিণত হোৱাটো প্ৰতিহত কৰিবলৈ চেষ্টা কৰি আছে ।

আমেৰিকাৰ যুদ্ধজাহাজত মিছাইল নিক্ষেপ হুথি বিদ্ৰোহীৰ
আমেৰিকাৰ যুদ্ধজাহাজত মিছাইল নিক্ষেপ হুথি বিদ্ৰোহীৰ
author img

By PTI

Published : January 27, 2024 at 8:39 AM IST

2 Min Read
Choose ETV Bharat

ইণ্টাৰনেচনেল ডেস্ক, ২৭ জানুৱাৰী : য়েমেনৰ হুথি বিদ্ৰোহীসকলে শুকুৰবাৰে এডেন উপসাগৰত টহল দি থকা আমেৰিকাৰ এখন যুদ্ধজাহাজত মিছাইল উৎক্ষেপণ কৰে । যাৰ ফলত আমেৰিকান সেনাই ইয়াৰ গুলীৰে প্ৰত্যুত্তৰ দিবলৈ বাধ্য হয় । আমেৰিকাৰ সামৰিক বাহিনীয়ে শুকুৰবাৰে এই কথা প্ৰকাশ কৰিছে ।

ইউএছএছ কাৰ্নিৰ ওপৰত হোৱা এই ধ্বংসকাৰী আক্ৰমণে আমেৰিকাৰ নৌসেনাক দশকটোত মধ্যপ্ৰাচ্যৰ সাগৰত দেখা পোৱা আটাইতকৈ ডাঙৰ সংঘৰ্ষ আৰু সংঘাতলৈ লৈ যোৱাৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি পাইছে । কিয়নো হুথি মিছাইলৰ আঘাতত শুকুৰবাৰে নিশা আন এখন বাণিজ্যিক জাহাজ জ্বলি উঠে।

উল্লেখ্য যে যোৱা বছৰৰ অক্টোবৰত বিদ্ৰোহীসকলে জাহাজ চলাচলত আক্ৰমণ আৰম্ভ কৰাৰ পিছত হুথিয়ে আমেৰিকাৰ যুদ্ধজাহাজ এখনক পোনপটীয়াকৈ আক্ৰমণৰ লক্ষ্য কৰি লোৱা অংশ হৈছে এই কাৰ্নি জাহাজত আক্ৰমণ ।

আনহাতে, ইজৰাইল-হামাছৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা আমেৰিকাই হুথিৰ ঘাটি আৰু যুদ্ধজাহাজক লক্ষ্য কৰি কৰা আক্ৰমণৰ ঘটনা বৃদ্ধি কৰিছে । লগতে এই সংঘৰ্ষ এক বৃহত্তৰ আঞ্চলিক যুদ্ধলৈ পৰিণত হোৱাটো প্ৰতিহত কৰিবলৈ চেষ্টা কৰি আছে ।

শুকুৰবাৰে হোৱা আক্ৰমণক আমেৰিকাৰ যুদ্ধজাহাজৰ ওপৰত পোনপটীয়া আক্ৰমণ বুলি উল্লেখ কৰে ফাউণ্ডেচন ফৰ দ্য ডিফেন্স অব ডেমোক্ৰেছীছৰ জ্যেষ্ঠ সঞ্চালক ব্ৰেড বোমেনে ।

তেওঁ কয়, "তেওঁলোকে আমাৰ বাহিনীক আক্ৰমণ কৰিবলৈ চেষ্টা কৰি আছে, তেওঁলোকে আমাক হত্যা কৰিবলৈ চেষ্টা কৰি আছে ।" তেওঁ লগতে কয় যে এক বৃহত্তৰ যুদ্ধ প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে হুথিৰ বিৰুদ্ধে অধিক কঠোৰ হোৱাৰ সময় আহি পৰিছে ।

ইফালে আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে কয় যে শুকুৰবাৰে হোৱা আক্ৰমণত এটা জাহাজ বিৰোধী বেলিষ্টিক মিছাইল ইউএছএছ কাৰ্নিৰ ওচৰলৈ আহে । ই হৈছে আৰ্লে-বাৰ্ক শ্ৰেণীৰ ধ্বংসকাৰী মিছাইল । আনহাতে, নৱেম্বৰৰ পৰা হুথি অভিযান বন্ধ কৰাৰ বাবে আমেৰিকান বাহিনীয়ে চেষ্টা কৰি আছে আৰু ইয়াৰ বাবে অভিযানত জড়িত হৈ আছে ।

লগতে পঢ়ক :ইজৰাইলক ৰক্ষাৰ স্বাৰ্থত প্ৰয়োজনীয় সকলো কাম কৰি যোৱাৰ আশ্বাস নেতান্যাহুৰ