ETV Bharat / international

ইজৰাইলক ৰক্ষাৰ স্বাৰ্থত প্ৰয়োজনীয় সকলো কাম কৰি যোৱাৰ আশ্বাস নেতান্যাহুৰ

ইজৰাইলৰ বিৰুদ্ধে উত্থাপিত হৈছিল গণহত্যাৰ অভিযোগ ৷ এই অভিযোগক ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে “অশোভনীয়” আৰু “সকলো ঠাইৰে ভদ্ৰ লোকে ইয়াক নাকচ কৰা উচিত” বুলি কয় । ইজৰাইল আৰু জনসাধাৰণক ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো কাম কৰি যাব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় ।

নেতান্যাহু
নেতান্যাহু
author img

By ANI

Published : January 27, 2024 at 8:18 AM IST

2 Min Read
Choose ETV Bharat

ইণ্টাৰনেশ্যনেল ডেস্ক, 27 ডিচেম্বৰ: ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ইজৰাইলৰ বিৰুদ্ধে উত্থাপিত গণহত্যাৰ অভিযোগক “অশোভনীয়” আৰু “সকলো ঠাইৰে ভদ্ৰ লোকে ইয়াক নাকচ কৰা উচিত” বুলি কয় ।

ইজৰাইলৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ গণহত্যাৰ দাবীৰ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে দিয়া সিদ্ধান্তৰ প্ৰতিক্ৰিয়াত ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে কয়, "ইজৰাইলৰ বিৰুদ্ধে উত্থাপিত গণহত্যাৰ অভিযোগ কেৱল মিছাই নহয়, ই আক্ৰোশমূলক আৰু সকলো ঠাইৰে ভদ্ৰ লোকে ইয়াক নাকচ কৰা উচিত ।"

নেতান্যাহুৱে কয়, "আন্তঃৰাষ্ট্ৰীয় হ’ল’কাষ্ট স্মৃতি দিৱসৰ প্ৰাকক্ষণত মই ইজৰাইলৰ প্ৰধানমন্ত্ৰী হিচাপে এয়া পুনৰ সংঘটিত নহয় বুলি পুনৰ প্ৰতিশ্ৰুতি আগবঢ়াইছো । ইজৰাইলে গণহত্যাকাৰী সন্ত্ৰাসবাদী সংগঠন হামাছৰ বিৰুদ্ধে নিজকে ৰক্ষা কৰি যাব ।"

তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি ইজৰাইলৰ দায়বদ্ধতা অটল ৷ সমান্তৰালভাৱে, “আমাৰ দেশ আৰু আমাৰ জনসাধাৰণক ৰক্ষা” কৰি যোৱাৰ প্ৰতিশ্ৰুতিও পালন কৰি যাব বুলি আশ্বাস দিয়ে ।

নেতান্যাহুৱে কয়, "প্ৰতিখন দেশৰ দৰেই ইজৰাইলৰো নিজকে ৰক্ষা কৰাৰ এক মৌলিক অধিকাৰ আছে । ইজৰাইলক এই মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ নিকৃষ্ট প্ৰচেষ্টা ইহুদী ৰাষ্ট্ৰৰ বিৰুদ্ধে বৈষম্য প্ৰকাশ আৰু ইয়াক ন্যায্যভাৱে নাকচ কৰা হৈছিল ।"

শুকুৰবাৰে হেগৰ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে ইজৰাইলক গাজাত গণহত্যা ৰোধৰ বাবে ‘সকলো ব্যৱস্থা গ্ৰহণ’ কৰিবলৈ নিৰ্দেশ দিয়ে । কিন্তু আদালতে যুদ্ধবিৰতি কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিয়া নাছিল ৷ আদালতৰ ৰায়দানৰ ওপৰত 15 ৰ বিপৰীতে 2 টা ভোটত সন্মতি প্ৰকাশ কৰে । ইয়াৰ উপৰিও ইজৰাইলক এমাহৰ ভিতৰত আদালতত ৰিপৰ্ট দিবলৈ নিৰ্দেশ দিয়া হৈছিল ।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে কয়, "7 অক্টোবৰত হামাছে হ’ল’কাষ্টৰ পিছত ইহুদী জনসাধাৰণৰ বিৰুদ্ধে আটাইতকৈ ভয়ংকৰ অত্যাচাৰ সংঘটিত কৰিছিল আৰু এই অত্যাচাৰ বাৰাম্বাৰ পুনৰাবৃত্তি কৰাৰ প্ৰতিশ্ৰুতি দিছে । ইজৰাইলৰ যুদ্ধ হামাছৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে, পেলেষ্টাইনী সাধাৰণ নাগৰিকৰ বিৰুদ্ধে নহয় । আমি মানৱীয় সাহায্যৰ সুবিধা কৰি যাম, আৰু হামাছে সাধাৰণ নাগৰিকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰাৰ সময়তো সাধাৰণ নাগৰিকক ক্ষতিৰ পৰা আঁতৰাই ৰাখিবলৈ আমাৰ সকলো চেষ্টা কৰিম ।"

ইজৰাইল আৰু জনসাধাৰণক ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো কাম কৰি যাব বুলি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কয় ।

লগতে পঢ়ক: গাজাত আটাইতকৈ ক্ষতিগ্ৰস্ত শিশু আৰু মহিলা; ১৬ হাজাৰ লোক নিহত