ETV Bharat / international

বতৰ বিজ্ঞান দিৱস : জানো আহক প্ৰতিজন লোকৰ বাবেই কিয় বিশেষ এই দিনটো ? - World Meteorological Day 2024

author img

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 8:40 AM IST

World Meteorological Day
বতৰ বিজ্ঞান

World Meteorological Day 2024: আজি বিশ্ব বতৰ বিজ্ঞান দিৱস ৷ পৃথিৱীৰ বায়ুমণ্ডল ৰক্ষাৰ ক্ষেত্ৰত মানুহৰ ভূমিকা সম্পৰ্কত সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে পালন কৰা হয় এই দিৱসটো ৷ চলিত বৰ্ষৰ বিশ্ব বতৰ বিজ্ঞান দিৱসৰ বিষয়বস্তু হৈছে ‘জলবায়ু কাৰ্যসূচীক আগস্থান প্ৰদান’ । এই দিনটোৰ তাৎপৰ্য, ইতিহাস জানিবলৈ পঢ়ক আমাৰ এই বিশেষ প্ৰতিবেদনত -

বিশেষ প্ৰতিবেদন, 23 মাৰ্চ : প্ৰতি বছৰে 23 মাৰ্চৰ দিনটো পালন কৰা হয় বিশ্ব বতৰ বিজ্ঞান দিৱস হিচাপে । এই দিনটোতে প্ৰতিষ্ঠা কৰা হৈছিল বিশ্ব বতৰ বিজ্ঞান সংস্থা (WMO), য’ত পৃথিৱীৰ বায়ুমণ্ডলৰ গতি-প্ৰকৃতি সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয় । এই দিৱসটোৱে পৃথিৱীৰ বায়ুমণ্ডল ৰক্ষাৰ ক্ষেত্ৰত মানুহৰ ভূমিকা সম্পৰ্কেও সজাগতা বৃদ্ধি কৰে ।

বতৰ কেনে হ’ব তাৰ পূৰ্বাভাস দিয়াই এতিয়া যথেষ্ট নহয় । বতৰৰ প্ৰভাৱ কেনে হ’ব সেই বিষয়ে জনসাধাৰণক অৱগত কৰি জীৱন আৰু জীৱিকা ৰক্ষা কৰাও অতি প্ৰয়োজনীয় । তথাপিও প্ৰতি তিনিজন লোকৰ ভিতৰত এজন লোকক এতিয়াও আগতীয়া সতৰ্কবাণী ব্যৱস্থাৰ দ্বাৰা পৰ্যাপ্তভাৱে সামৰি লোৱা হোৱা নাই বুলি বিশ্ব বতৰ বিজ্ঞান সংস্থাই (ডব্লিউ এম অ’) জনায় ।

2024 চনৰ বিশ্ব বতৰ বিজ্ঞান দিৱসৰ বিষয়বস্তু : প্ৰতি বছৰে বিশ্ব বতৰ বিজ্ঞান দিৱস নতুন বিষয়বস্তু লৈ পালন কৰা হয় । 2024 চনৰ বিশ্ব বতৰ বিজ্ঞান দিৱসৰ বিষয়বস্তু হৈছে ‘জলবায়ু কাৰ্যসূচীক আগস্থান প্ৰদান’ ।

বিশ্ব বতৰ বিজ্ঞান দিৱসৰ ইতিহাস : বিশ্ব বতৰ বিজ্ঞান দিৱস অনুষ্ঠিত কৰা হয় 1950 চনৰ 23 মাৰ্চত বিশ্ব বতৰ বিজ্ঞান সংস্থা (WMO) স্থাপনৰ স্মৃতিত । WMO ৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত । 1873 চনত ভিয়েনা আন্তঃৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কংগ্ৰেছে পৰিদৰ্শন কৰা এই সংস্থাটোৰ আধাৰশিলা স্থাপন কৰিছিল আন্তঃৰাষ্ট্ৰীয় বতৰ বিজ্ঞান সংস্থাই । প্ৰতিষ্ঠাৰ প্ৰায় এবছৰৰ পিচত ডব্লিউ এম অ’ ৰাষ্ট্ৰসংঘৰ (UN) বিশেষ সংস্থাত পৰিণত হয় ।

বিশ্ব বতৰ বিজ্ঞান দিৱসৰ তাৎপৰ্য : বিশ্ব বতৰ বিজ্ঞান দিৱস যিহেতু বিশ্বজুৰি প্ৰভাৱিত কৰা বহু বিষয়ক বিশ্বব্যাপী স্বীকৃতি দিয়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে ৷ সেয়েহে ই এক উল্লেখযোগ্য দিন । সমগ্ৰ বিশ্বৰ মানুহক প্ৰভাৱিত কৰা বিভিন্ন পৰিৱেশ বিষয়ক সজাগ কৰি এই দিৱস পালন কৰা হয় । ক’ভিড-19 য়ে সমাজৰ সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ জটিল কৰি তুলিছে আৰু মোকাবিলা ব্যৱস্থাও দুৰ্বল কৰি তুলিছে ।

বৃদ্ধি হোৱা বিপদ -

যোৱা 50 বছৰত 11.000 ৰো অধিক বতৰ, জলবায়ু আৰু পানী সম্পৰ্কীয় দুৰ্যোগ হোৱাৰ তথ্য লাভ কৰা গৈছে ৷ যাৰ ফলত 20 লাখতকৈও অধিক লোকৰ মৃত্যু ঘটিছে আৰু 3.64 ট্ৰিলিয়ন ডলাৰৰ অৰ্থনৈতিক লোকচান হৈছে । দৈনিক বিশ্বৰ গড়ে 115 জন লোকৰ মৃত্যু আৰু 202 মিলিয়ন ডলাৰৰ অৰ্থনৈতিক লোকচান ।

ডব্লিউ এম অ’ৰ ‘এটলাছ অৱ মৰ্টালিটি এণ্ড ইক’নমিক লছেছ ফ্ৰম ৱেদাৰ, ক্লাইমেট এণ্ড ৱাটাৰ এক্সট্ৰিমছ 1970-2019’ অনুসৰি 1970 চনৰ পৰা 2019 চনৰ ভিতৰত দুৰ্যোগৰ সংখ্যা পাঁচগুণ বৃদ্ধি পোৱাৰ বিপৰীতে অৰ্থনৈতিক লোকচান আৰু অধিক বৃদ্ধি পাইছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ডব্লিউ এম অ’ই কয় যে অৱশ্যে উন্নত আগতীয়া সতৰ্কবাণী আৰু দুৰ্যোগৰ আশংকা হ্ৰাসৰ কৌশলৰ বাবে 1970 চনৰ পৰা মৃত্যুৰ সংখ্যা প্ৰায় তিনিগুণ হ্ৰাস পাইছে ।

বহু-বিপদযুক্ত আগতীয়া সতৰ্কবাণী ব্যৱস্থাত ব্যৱধান

ডব্লিউ এম অ’ৰ মাত্ৰ 40 শতাংশ সদস্যৰ মাল্টি-হেজাৰ্ড আৰ্লি ৱাৰ্নিং চিষ্টেম (এম এইচ ই ডব্লিউ এছ) আছে বুলি আঙুলিয়াই দি ডব্লিউ এম অ’ই কয় যে বতৰ পৰ্যবেক্ষণৰ ক্ষেত্ৰত বিশেষকৈ আফ্ৰিকা আৰু ক্ষুদ্ৰ দ্বীপ উন্নয়নশীল ৰাষ্ট্ৰসমূহত বৃহৎ ব্যৱধান আছে ।

সঠিক সময়ত, সঠিক ঠাইত কাম কৰিবলৈ সাজু আৰু সক্ষম হোৱাটোৱে বহু লোকৰে জীৱন ৰক্ষা কৰিব পাৰে আৰু সকলো ঠাইতে এতিয়া আৰু ভৱিষ্যতে বিভিন্ন সম্প্ৰদায়ৰ জীৱিকা সুৰক্ষিত কৰিব পাৰে ।

লগতে পঢ়ক: জলবায়ু পৰিৱৰ্তন সূচকৰ ৰেকৰ্ড স্তৰ স্পৰ্শ; আটাইতকৈ উষ্ণ বছৰ 2023

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.