ETV Bharat / international

বিশ্ব জৈৱ-বৈচিত্ৰ্য দিৱসৰ চিন্তা: প্ৰকৃতিৰ সৈতে সমিলমিলেৰে জীয়াই থাকো আহক

'প্ৰকৃতিৰ সৈতে সমন্বয় আৰু বহনক্ষম উন্নয়ন' হৈছে এইবাৰৰ বিশ্ব জৈৱ-বৈচিত্ৰ্য় দিৱসৰ বিষয়বস্তু ।

world biodiversity day 2025
বিশ্ব জৈৱ-বৈচিত্ৰ্য দিৱসৰ চিন্তা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 22, 2025 at 1:21 PM IST

3 Min Read
Choose ETV Bharat

কলিয়াবৰ: বিশ্ব জৈৱ-বৈচিত্ৰ্য দিৱস । ‘জীৱ’ আৰু ‘বিচিত্ৰতা’ শব্দ দুটা ৰূপান্তৰ হৈ জৈৱ-বৈচিত্র্য শব্দটো সৃষ্টি হৈছে । জৈৱ-বৈচিত্র্যই পৃথিৱীৰ বিভিন্ন জীৱ প্ৰজাতিৰ বৈচিত্র্য আৰু পৰিৱৰ্তনশীলতা প্ৰতিফলিত কৰে ।

ই ক্ষুদ্ৰ অণুজীৱসমূহ, জীৱ-জন্তু, গছ-গছনি তথা ঘাঁহনি, অৰণ্য আদিৰ দৰে পৰিস্থিতিতন্ত্ৰসমূহকো সামৰি লয় । ইয়াৰ লগতে কোনো এখন ঠাইত কোনো এক শ্ৰেণীৰ জীৱ কিমান পৰিমাণে থাকে তাকে জৈৱ-বৈচিত্র্য বুলি কোৱা হয় ।

বিশ্ব জৈৱ-বৈচিত্ৰ্য দিৱসৰ চিন্তা (ETV Bharat Assam)

জৈৱ-বৈচিত্র্য বুলিলে জীৱৰ বিভিন্ন সংস্থা, জীন, প্ৰজাতি, পৰিৱেশ, আৱাস আদিৰ সমাহাৰকে বুজায় । জৈৱ-বৈচিত্ৰ্য হৈছে সকলো প্ৰয়োজনীয়তাৰ মৌলিক পৰিপূৰ্ণতা । এখন সমৃদ্ধিশালী জৈৱ-বৈচিত্ৰ্যপূৰ্ণ স্থানে বৈচিত্ৰ্য দিয়াৰ উপৰি মানৱ কল্যাণতো সহায় কৰে ।

৭ শতাংশৰ পৰা ৮ শতাংশ তথ্যভুক্ত প্ৰজাতিৰ সৈতে ভাৰতবৰ্ষ হৈছে পৃথিবীৰ ভিতৰতে এখন ১৭ মেগা জীৱ-বৈচিত্র্যপূৰ্ণ দেশ ।

অসমৰ বায়ু-পানী, পৰিৱেশ, পৰিস্থিতি আদি ভৌতিক আকাৰে ইয়াৰ হাবি-জংঘল, ঘাঁহনি, জলাহ আদিক বৈচিত্র্য প্ৰদান কৰে । যাৰ বাবে বিভিন্ন প্ৰজাতিৰ ফুল আৰু প্ৰাণীকুলৰ সন্ধান ইয়াত পোৱা যায় ।

জন্মৰ পৰা মৃত্যুলৈকে আমাৰ ৰীতি-নীতিবোৰত আমাৰ জৈৱ-বৈচিত্ৰ্য সংপৃক্ত হৈ আছে । ভাৰতৰ বহু সমাজত ন-কইনাই নিজৰ সৈতে স্থানীয় শস্যৰ বীজ বা হালধি আদি লৈ যায় । আমাৰ দেশৰ প্ৰাচীন ঋষি-মুনিসকলে এই সম্পৰ্কত এখন বিশাল গোলকীয় পৰিয়াল বা বসুদেৱ কুটুম্বকম বুলি আখ্যা দিছিল ।

জীৱজগতো ইয়াৰ পৰা পৃথক নহয় । দেৱ-দেৱীৰ সংগ হিচাপে আমি বিভিন্ন জীৱ-জন্তুক মানি আহিছোঁ । আনকি পশ্চিমত আটাইতকৈ বেয়া পোৱা এন্দুৰ পৱিত্ৰ ভগৱান গণেশৰ লগত জড়িত ।

উপ-মহাদেশীয় সভ্যতাই দূৰদৃষ্টিৰে চাই বিশাল জীৱনযাত্ৰাত জীৱজগতৰ ভূমিকাক স্বীকৃতি দিছিল । এনে এক পৰিয়াল য’ত মাটিৰ সামান্য পোকটোৰ পৰা বৃহদাকাৰ হাতীটোলৈকে ইটোৱে সিটোক সহায় কৰে । কিছুমান কঠিন সময় যেনে দুৰ্ভিক্ষ আদিৰ জৰিয়তে পৃথিৱীখনৰ অনুভূতিবোৰ আমি উপলব্ধি কৰো আৰু জীৱজগতৰ পাৰস্পৰিক নিৰ্ভৰশীলতাৰ বিষয়ে শিক্ষা লাভ কৰো । আমাৰ পূৰ্বপুৰুষসকলে শতিকাজুৰি কষ্ট কৰিছে ।

জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ সন্দৰ্ভত প্ৰকৃতিপ্ৰেমীৰ আহ্বান

বৰ্তমান পৰিৱেশ আৰু প্ৰকৃতি ধ্বংসৰ পৰিবেশত জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰয়োজনীয়তা অতি গভীৰ হৈ পৰিছে । এই সন্দৰ্ভত কলিয়াবৰৰ এগৰাকী সচেতন ব্যক্তি, প্ৰকৃতিপ্ৰেমী তথা শিক্ষক দেৱাশিস গোস্বামীয়ে কয়, "জৈৱ-বৈচিত্ৰ্য দিৱসৰ এই শুভ দিনটোত পৃথিৱীবাসীলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ । কিন্তু আমি কথাৰে কৈ থাকিলে নহ'ব, আমি কাৰ্যৰ দ্বাৰা নিজৰ আদৰ্শৰে দেখুৱাব লাগিব যে আমি জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি কিমান দায়িত্বশীল ।"

তেওঁ লগতে কয়, "বৰ্তমান সময়ত যি জনসংখ্যা বৃদ্ধি, গোলকীয় উষ্ণতা বৃদ্ধিয়ে পৃথিৱী ভাৰাক্ৰান্ত কৰি আহিছে তেনেকুৱা সময়তে কিন্তু মানৱ জাতিয়ে কেৱল নিজৰ স্বাৰ্থত প্ৰকৃতিক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে । আৰু এই ধ্বংসৰ গৰাহৰ পৰা বাচিবলৈকে আমি জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি সচেতন হ'ব লাগিব । কেৱল ৫ জুনৰ দিনা গছপুলি ৰুলেই নহ'ব, আমি প্ৰতিদিনে গছক ৰক্ষণাবেক্ষণ, জীৱক ৰক্ষণাবেক্ষণ সকলো ফালৰ পৰা যদি আমি জৈৱ-বৈচিত্ৰ্যক ৰক্ষা কৰিব পাৰো তেতিয়াহে আমি জীয়াই থাকিব পাৰিম । আমি মানৱ জাতি, আমাৰ ভৱিষ্যৎ প্ৰজন্ম জীয়াই থাকিব পাৰিব ।"

লগতে পঢ়ক :প্ৰসংগ আন্তৰাষ্ট্ৰীয় চাহ দিৱস; ক্ষুদ্ৰ চাহ খেতিয়কৰ ভূমিকা, সমস্যা আৰু চৰকাৰৰ দায়িত্ব - INTERNATIONAL TEA DAY
লগতে পঢ়ক :আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনাই মুকলি 'ইউনিটী' - INTERNATIONAL TEA DAY