ETV Bharat / state

প্ৰসংগ আন্তৰাষ্ট্ৰীয় চাহ দিৱস; ক্ষুদ্ৰ চাহ খেতিয়কৰ ভূমিকা, সমস্যা আৰু চৰকাৰৰ দায়িত্ব

আজি আন্তৰাষ্ট্ৰীয় চাহ দিৱস । কিন্তু ৰাজ্য তথা দেশৰ অৰ্থনীতিত উল্লেখযোগ্য অৱদান যোগোৱা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কথা আমি কিমান ভাবো ।

International tea day
ক্ষুদ্ৰ চাহ খেতিয়কৰ ভূমিকা, সমস্যা আৰু চৰকাৰৰ দায়িত্ব (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 21, 2025 at 4:57 PM IST

7 Min Read
Choose ETV Bharat

বিশ্বনাথ চাৰিআলি : ২১ মে'ৰ দিনটো সমগ্ৰ বিশ্বজুৰি আন্তৰাষ্ট্ৰীয় চাহ দিৱস হিচাপে পালন কৰা হয় । পৃথিৱীৰ ভিতৰতে পানীৰ পিছতে দ্বিতীয় সৰ্বাধিক সেৱন কৰা পানীয় চাহৰ বাবে এই দিৱসটো অতি গুৰুত্বপূৰ্ণ । কিয়নো এই চাহ বহুতৰ বাবে জীৱনৰ এক অবিচ্ছেদ্য অংগ । কেৱল সেৱন কৰাসকলৰ বাবেই নহয়, চাহ খেতিয়কৰ পৰা আৰম্ভ কৰি ইয়াৰ বিপণনলৈকে সমগ্ৰ প্ৰক্ৰিয়াটোত বিভিন্ন ব্যক্তি জড়িত হৈ থাকে । সেয়ে এই সকলোকে সামৰি এই চাহ দিৱসৰ এক অত্যন্ত গুৰুত্ব আছে ।

চাহৰ ৰপ্তানি আৰু সেৱনৰ তথ্য

তথ্য অনুসৰি, বৰ্তমান চীন হৈছে বিশ্বৰ সৰ্বাধিক চাহ ৰপ্তানিকাৰী দেশ । আনহাতে, ভাৰতী চাহ বোৰ্ডে ২০০৭ চনত কৰা এক অধ্যয়ন অনুসৰি, ভাৰতত উৎপাদিত মুঠ চাহৰ প্ৰায় ৮০ শতাংশ ঘৰুৱা জনসাধাৰণে সেৱন কৰে ।

ক্ষুদ্ৰ চাহ খেতিয়কৰ ভূমিকা, সমস্যা আৰু চৰকাৰৰ দায়িত্ব (ETV Bharat Assam)

আন্তৰাষ্ট্ৰীয় চাহ দিৱসৰ ইতিহাস

২০০৫ চনত নতুন দিল্লীত প্ৰথম আন্তৰাষ্ট্ৰীয় চাহ দিৱস অনুষ্ঠিত হৈছিল । কিন্তু ২০১৫ চনত ভাৰত চৰকাৰে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাক আন্তৰাষ্ট্ৰীয় চাহ দিৱস বিশ্বজুৰি সম্প্ৰসাৰণৰ প্ৰস্তাৱ আগবঢ়াইছিল ।

আনহাতে, ৰাষ্ট্ৰসংঘই ২১ মে’ দিনটোক আন্তৰাষ্ট্ৰীয় চাহ দিৱস হিচাপে পালন কৰাৰ কাৰণ হ’ল চাহ উৎপাদনকাৰী দেশসমূহৰ অধিকাংশতে মে’ মাহৰ পৰা চাহ উৎপাদনৰ বতৰ আৰম্ভ হয় ।

চাহ কি ?

চাহ হৈছে কেমেলিয়া চিনেন্সিছ উদ্ভিদৰ পৰা তৈয়াৰী এবিধ পানীয় । বিশ্বৰ ভিতৰতে পানীৰ পিছতে চাহ হৈছে দ্বিতীয় সৰ্বাধিক সেৱন কৰা পানীয় । উত্তৰ-পূব ভাৰত, উত্তৰ ম্যানমাৰ, দক্ষিণ-পশ্চিম চীনত চাহৰ উৎপত্তি হোৱা বুলি ধাৰণা কৰা হৈছে যদিও এই উদ্ভিদ প্ৰথম ক’ত গজিছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।

চাহৰ গুণাগুণ

চাহৰ সৈতে আমাৰ সম্পৰ্ক বহুদিনীয়া । ৫০০০ বছৰতকৈও অধিক কাল পূৰ্বে চীনত চাহ খোৱা হৈছিল বুলি প্ৰমাণ পোৱা গৈছে । চাহ সেৱনে এই পানীয়ৰ এণ্টি-ইনফ্লেমেটৰী, এণ্টি-অক্সিডেণ্ট আৰু ওজন কমাব পৰা প্ৰভাৱৰ বাবে স্বাস্থ্যৰ উপকাৰ আৰু সুস্থতা কঢ়িয়াই আনিব পাৰে ।

International tea day
ক্ষুদ্ৰ চাহ খেতিয়কৰ ভূমিকা, সমস্যা আৰু চৰকাৰৰ দায়িত্ব (ETV Bharat Assam)

বহু সমাজত ইয়াৰ সাংস্কৃতিক তাৎপৰ্যও আছে । চাহ খোৱাৰ সুবিধা যেনে জীৱ-জন্তুৰ ওপৰত কৰা গৱেষণা আৰু শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে চাহ খালে হাৰ্ট-এটেক আৰু তেজ জমা হোৱাৰ দৰে গুৰুতৰ হৃদৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব পাৰে । আনহাতে, ক'ভিডৰ সময়তো বিশেষকৈ চাহ খোৱাত বহু লোকৰ ক'ভিড নোহোৱা হৈছে বুলি প্ৰকাশ কৰে বিশ্বনাথ জিলাৰ গমিৰি ক্ষুদ্ৰ চাহ খেতিয়ক ৰাজীৱ কাৰ্দঙে ।

তেওঁ লগতে কয় যে চাহৰ প্ৰদাহ নিবাৰণকাৰী গুণ আছে ৷ বিশেষকৈ শক্তি প্ৰদান কৰে । অধিকাংশ লোকেই পুৱা সোনকালে খালী পেটত একাপ গাখীৰ দিয়া চাহ খাই ভালপায়, কিন্তু খালী পেটত গাখীৰৰ চাহ খোৱাটো ক্ষতিকাৰক হ’ব পাৰে ।

কিন্তু যদি আপুনি আন যিকোনো সময়ত গাখীৰৰ চাহ খায় তেন্তে ই আপোনাৰ শৰীৰক ভালদৰে কাম কৰিবলৈ শক্তি প্ৰদান কৰিব । গাখীৰত কাৰ্ব'হাইড্ৰেট উপস্থিত থাকে, যাৰ ফলত শৰীৰে শক্তি লাভ কৰে । মানসিক চাপ হ্ৰাস কৰে, মূৰৰ বিষ হ’লে বা মানসিক চাপ অনুভৱ কৰিলে যদি গাখীৰৰ চাহ একাপ খায় তেন্তে যথেষ্ট সকাহ পোৱা যায় । গাখীৰ চাহত কেফেইন থাকে, যাৰ ফলত শৰীৰ সতেজ হৈ থাকে আৰু মানসিক চাপৰ পৰা উপশম পোৱা যায় ।

International tea day
ক্ষুদ্ৰ চাহ খেতিয়কৰ ভূমিকা, সমস্যা আৰু চৰকাৰৰ দায়িত্ব (ETV Bharat Assam)

ইয়াৰ বাবে আপুনি নিশ্চিতভাৱে গাখীৰৰ চাহ খাব পাৰে । তাৰ উপৰি গাখীৰৰ চাহ ওজন হ্ৰাস কৰাৰ বাবেও উপকাৰী প্ৰমাণিত হ'ব পাৰে । গাখীৰ চাহত পলিফিনল আৰু কেফেইন থাকে, এই যৌগবোৰে ওজন কমোৱাত সহায় কৰিব পাৰে ।

গাখীৰৰ চাহ খোৱাৰ পিছত দীৰ্ঘসময়লৈ ভোক অনুভৱ নহয় আৰু ওজন হ্ৰাস কৰাত সহায় কৰে বুলি উল্লেখ কৰে ক্ষুদ্ৰ চাহ খেতিয়কগৰাকীয়ে ।

সমস্যাৰে জৰ্জৰিত ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক

আনহাতে, ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বিভিন্ন সমস্যাৰ কথা দাঙি ধৰি গমিৰিৰ ক্ষুদ্ৰ খেতিয়ক ৰাজীৱ কাৰ্দঙে কয়, "আজিৰ আন্তৰাষ্ট্ৰীয় চাহ দিৱসত মই এটা কথায়ে ক'ব বিচাৰিছোঁ যে আমি এটি কলি দুটি পাতক লৈ আমি ফেক্টৰীত চাহ যোগান ধৰি যিমানখিনি ইয়াৰ বিনিময়ত আমি চাহৰ মূল্য পাব লাগিছিলোঁ সেই মূল্য পাবলৈ আমি সক্ষম হোৱা নাই । সেই কাৰণে আমি ক'ব বিচাৰিছোঁ যে শীঘ্ৰে চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ আবেগৰ প্ৰতি গুৰুত্ব দি আমাক এক উপযুক্ত মূল্য দিবলৈ চৰকাৰক আহ্বান জনাইছোঁ ।"

তেওঁ লগতে কয়, "আমি যিহেতু, ইউৰিয়া, পটাছ বা ছুপাৰসমূহ আমি দোকানৰ পৰা অতি দামেৰে ক্ৰয় কৰিবলগা হৈছে, এতিয়া আৰু জটিল হৈছে । আধাৰ কাৰ্ড নোহোৱা কৃষক বা শ্ৰমিকসকলে পৰ্যাপ্ত পৰিমাণৰ সাৰ পাবলৈ সক্ষম নহয় । গতিকে সেই ক্ষেত্ৰত যদি চৰকাৰে যদি আমাক সুলভ মূল্যৰ জৰিয়তে ইউৰিয়া যোগানৰ ব্যৱস্থা কৰি দিয়ে তেতিয়া আমি আৰু দুগুণ চাহ উৎপাদন কৰিব পাৰিম ।"

ইফালে একাপ চাহ প্ৰস্তুত কৰালৈকে সমগ্ৰ প্ৰক্ৰিয়া সন্দৰ্ভত বিশ্বনাথ জিলা বটলিফ ফেক্টৰি মালিক সন্থাৰ সম্পাদক তথা ক্ষুদ্ৰ চাহ খেতিয়ক লক্ষী ভড়ালীয়ে কয়, "আজি আন্তৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনটো যোৱা তিনি বছৰ ধৰি আমি পালন কৰি আহিছোঁ । আমি পদপথৰ লোকক বিভিন্ন স্থানত বিনামূলীয়াকৈ আজিৰ দিনটোত চাহ খুৱাই এই দিৱসটো পালন কৰোঁ ।"

International tea day
ক্ষুদ্ৰ চাহ খেতিয়কৰ ভূমিকা, সমস্যা আৰু চৰকাৰৰ দায়িত্ব (ETV Bharat Assam)

লক্ষী ভড়ালীয়ে লগতে কয়, "অসমত প্ৰায় ১ লাখ ৫০ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়ক থকাৰ বিপৰীতে অসমত প্ৰায় ৫০০ টা বটলিফ ফেক্টৰি আছে । ইয়াৰে ৫২ শতাংশ চাহপাত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে উৎপাদন কৰি বটলিফ ফেক্টৰিসমূহত যোগান ধৰে । আনহাতে, ৪৮ শতাংশ চাহপাত বিভিন্ন কোম্পানীৰ চাহ বাগিচাই উৎপাদন কৰে ।"

অসমৰ চাহে উচিত মূল্য নোপোৱাৰ কাৰণ জানিব বিচৰাত লক্ষী ভড়ালীয়ে কয়, "বৰ্তমান ভাৰত চৰকাৰে এটা কথাত গুৰুত্ব দিব লাগে যে বহিঃৰাষ্ট্ৰ যেনে বাংলাদেশ, শ্ৰীলংকা, নেপাল, ভিয়েটনাম, ইণ্ডোনেছিয়া, কেনিয়া, মালয়েছিয়া, উগাণ্ডা, তাঞ্জানিয়াৰ দৰে দেশৰ অতি নিম্নমানৰ চাহ ভাৰতৰ বজাৰত ভৰি পৰাৰ ফলত আমাৰ অসম তথা ভাৰতৰ চাহে উচিত মূল্যৰ পৰা বঞ্চিত হয় । যাৰ বাবে ভাৰত চৰকাৰে শ্ৰীলংকা, নেপাল, বাংলাদেশ কেনিয়া আদিৰ পৰা বেয়া চাহ ভাৰতৰ বজাৰত প্ৰৱেশ কৰাত বাধা দিব লাগিব ।"

কীটনাশক আৰু সাৰৰ ব্যৱহাৰ লক্ষী ভড়ালীয়ে কয়, "আমি যিমান পাৰোঁ সদায় দেশবাসীক ৰাসায়নিক সাৰ ব্যৱহাৰ নোহোৱা চাহ যোগান ধৰিবলৈ চেষ্টা কৰি আহিছোঁ । কিন্তু যদি সকলোৱে জৈৱিক চাহৰ উৎপাদন কৰিবলগা পৰিস্থিতি হয়, তেতিয়া আমাৰ ক্ষুদ্ৰ কলঘৰসমূহত প্ৰভাৱ পৰিব । কাৰণ জৈৱিক চাহৰ বজাৰ বহু উন্নত যদিও কিছু সমস্যা আছে ।"

উল্লেখ্য যে এজন ক্ষুদ্ৰ চাহ খেতিয়কে বছৰি এক বিঘা মাটিৰ পৰা ৩০-৪০ হাজাৰ টকাৰ চাহ উৎপাদন কৰিব পাৰে বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনাই মুকলি 'ইউনিটী' - INTERNATIONAL TEA DAY
লগতে পঢ়ক :নিউজ এডিটৰৰ ৰূপত আহি আছে আদিল হুছেইন - ACTOR ADIL HUSSAIN