ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনাই মুকলি 'ইউনিটী' - INTERNATIONAL TEA DAY

উত্তৰ পূবৰ ৮ খন ৰাজ্যৰ বিশেষ চাহৰ সোৱাদ ল'ব বিচাৰে নেকি ? তেনেহ'লে 'এৰোমিকা টী'ৰ 'ইউনিটী' ক্ৰয় কৰিব পাৰে ।

International Tea Day
আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনাই মুকলি 'ইউনিটী' (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 21, 2025 at 2:58 PM IST

4 Min Read

গুৱাহাটী: আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস (International Tea Day)। প্ৰতি বছৰৰ ২১ মে'ৰ দিনটোক বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস হিচাপে পালন কৰা হয় । আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ উদ্দেশ্য হৈছে বিশ্বজুৰি চাহৰ দীঘলীয়া ইতিহাস, সংস্কৃতি আৰু অৰ্থনৈতিক গুৰুত্ব সন্দৰ্ভত সচেতনতা বৃদ্ধি কৰা ।

আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনটোতে উত্তৰ-পূৰ্বাঞ্চলৰ চাহক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দাঙি ধৰাৰ উদ্দেশ্যে এৰোমিকা টীয়ে মুকলি কৰিলে 'ইউনিটী'(UNITEA) ।

ইউনিটীৰ বৈশিষ্ট্য কি ?

আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনাই মুকলি 'ইউনিটী' (ETV Bharat)

উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলত চাহ কেৱল এবিধ পানীয় নহয়, ই পৰম্পৰাও । উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্য ক্ৰমে অসম, মণিপুৰ, ছিকিম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, ত্ৰিপুৰা, মেঘালয় আৰু মিজোৰামত বিভিন্ন প্ৰকাৰৰ চাহ খেতি কৰা হয় । এই ভিন্ন প্ৰকাৰৰ চাহ অন্তৰ্ভুক্ত কৰা হৈছে এৰোমিকা টীৰ এই নতুন প্ৰডাক্ট 'ইউনিটী'ত । ইয়াৰ বাকচটোত প্ৰতিখন ৰাজ্যৰে বিশেষ চাহৰ এটাকৈ পেকেট বা টেমা থাকিব ।

UNITEA

অসমৰ গ'ল্ডেন অৰ্থ'ডক্স চাহ, মিজোৰামৰ লেইচেঞ্জো ব্লেক টী (Leisenzo Black Tea), ছিকিমৰ টেমী গ্ৰীণ টী (Temi Green Tea), মেঘালয়ৰ লেকিৰছিঅ'ওলোং টী (Lakyrsiew Oolong Tea), ত্ৰিপুৰাৰ দুৰ্গাবাৰী ব্লেক টী (Durgabari Black Tea), নাগালেণ্ডৰ ওংপাং লু অৰ্থ'ডক্স (Ongpang Lu Orthodox), অৰুণাচল প্ৰদেশৰ মিছমি হিল্ছ অৰ্গেনিক গ্ৰীণ টী (Mishmi Hills Organic Green Tea), মণিপুৰৰ চুৰাচান্দপুৰ ৱাইল্ড স্ম'ক টী (Churachandpur Wild Smoke Tea)। 'ইউনিটী'ৰ পেকেটবোৰত প্ৰতিখন ৰাজ্যৰ সাংস্কৃতিক প্ৰতীকো সন্নিৱিষ্ট কৰা হৈছে ।

ইউনিটীৰ পৰিকল্পনা

উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ ৮ টা পৃথক চাহ এই 'ইউনিটী'ত সন্নিৱিষ্ট কৰা হৈছে । প্ৰতিটো চাহে নিজ নিজ অঞ্চলৰ স্বাদ আৰু সংস্কৃতিক প্ৰতিনিধিত্ব কৰে বুলি মন্তব্য কৰে এৰোমিকা টীৰ স্বত্বাধিকাৰী ৰঞ্জিত বৰুৱাই । তেওঁ কয়,"ইউনিটী, 'ওৱান নেশ্যন,ওৱান ড্ৰিংক,ইউনাইটেড বাই টী'ৰ (One Nation, One Drink, United by tea) লগত উত্তৰ পূবৰ চাহৰ সৈতে সমগ্ৰ বিশ্বৰ এটা সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰিছোঁ । ৫ মাহৰ চিন্তা চৰ্চাৰ অন্তত মুকলি কৰা হৈছে এই বিশেষ চাহ । ইউনিটী হৈছে এটা উপহাৰ বাকচ য'ত উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ চাহ থাকিব । এই বাকচটোৰ প্ৰতিটো টেমাতে প্ৰতিখন ৰাজ্যৰ সাংস্কৃতিক প্ৰতীক আছে । তদুপৰি বাকচটোৰ যিটো ক'ভাৰ তাত ৮ খন ৰাজ্যৰ সংস্কৃতিৰ প্ৰতীক আছে । এইদৰে চাহৰ লগতে উত্তৰ-পূবৰ সাংস্কৃতিক প্ৰতীকবোৰ দাঙি ধৰাৰ চেষ্টা কৰা হৈছে ।"

UNITEA
উত্তৰ পূবৰ ৮ ৰাজ্যৰ বিশেষ চাহ (ETV Bharat)

তেওঁ লগতে কয়, "আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস চাহৰ লগত জড়িতসকলৰ বাবে বিশেষ দিন । এই দিনটোতে আমি আমাৰ 'ইউনিটী' চাহ মুকলি কৰিবলৈ পাই সুখী হৈছোঁ । 'ইউনিটী' আমি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিজন মুখ্যমন্ত্ৰীক উপহাৰ হিচাপে দিয়াৰ পৰিকল্পনা কৰিছোঁ । অহা এসপ্তাহৰ ভিতৰত গ্ৰাহকেও আমাৰ পৰা ক্ৰয় কৰিব পাৰিব ।" এই চাহৰ বাকচটোৰ মূল্য ৩৫০০-৪০০০ টকা হ'ব ।" ইফালে 'ইউনিটী' সমগ্ৰ দেশৰ লগতে বিদেশলৈও পঠিওৱাৰ পৰিকল্পনা আছে চাহ ব্যৱসায়ী ৰঞ্জিত বৰুৱাৰ ।

International Tea Day
আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনাই মুকলি 'ইউনিটী' (ETV Bharat)

উল্লেখ্য যে ২০ বছৰ অসমৰ বিভিন্ন চাহ বাগিচাত চাকৰি কৰাৰ পিছত অসমৰ চাহে আন্তঃৰাষ্ট্ৰীয় বজাৰখন দখল কৰা আৰু ক্ষুদ্ৰ চাহ খেতিয়কক সহায় কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ ৰঞ্জিত বৰুৱাই ২০১৯ চনত আৰম্ভ কৰিছিল এৰোমিকা টী । ২০১৯ চনত তেওঁ প্ৰথমে ৫ বিধ চাহেৰে আৰম্ভ কৰা এই চাহৰ ব্যৱসায়ত বৰ্তমান ৫৪ বিধ চাহ পোৱা যায় । গ্ৰীণ টি, তুলসী গ্ৰীণ টী, পদিনা গ্ৰীণ টী, মচলা টী, লেমন গ্ৰাচ জিনজাৰ গ্ৰীণ টী, ভোটজলকীয়া টী, ব্লু টী, ৰ'জ টী, গ'ল্ডেন অৰ্থ'ডক্স টীকে ধৰি ৫৪ বিধ চাহ পোৱা যায় । ৰঞ্জিত বৰুৱাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ২০০ টকাৰ পৰা আৰম্ভ কৰি ২৫ হাজাৰ টকা পৰ্যন্ত চাহৰ পেকেট পোৱা যায় । এই বছৰত আৰু নতুন কেইবিধমান চাহ প্ৰস্তুত কৰাৰ পৰিকল্পনা আছে বৰুৱাৰ । বৰুৱাই অনলাইনযোগে দেশৰ বিভিন্ন প্ৰান্তলৈ চাহ প্ৰেৰণ কৰাৰ উপৰিও অষ্ট্ৰেলিয়া, জাপান, আবুধাবি, লণ্ডন, কানাডা, নিউজীলেণ্ড আদিলৈ এৰোমিকা টী প্ৰেৰণ কৰে ।

লগতে পঢ়ক :সমগ্ৰ অৰুণাচল প্ৰদেশত শ্বহীদ তাগেৰ স্মৃতিত শোৰ্য সন্মান শ্ৰদ্ধাঞ্জলি - SHAURYA SAMMAN YATRA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.