ETV Bharat / international

ইৰাক-চিৰিয়াত ইৰাণ সমৰ্থিত গোটৰ ওপৰত আক্ৰমণ আমেৰিকাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 8:40 AM IST

ইৰাণ সমৰ্থিত গোটৰ ওপৰত আক্ৰমণ আমেৰিকাৰ
ইৰাণ সমৰ্থিত গোটৰ ওপৰত আক্ৰমণ আমেৰিকাৰ

US President Joe Biden : বাইডেনে সতৰ্ক কৰি দিয়ে, "যিসকলে আমাক ক্ষতি কৰিব বিচাৰিব তেওঁলোকে এইটো জানি থওক: যদি আপোনালোকে এজনো আমেৰিকানৰ ক্ষতি কৰে, তেন্তে আমি তাৰ উচিত প্ৰত্যুত্তৰ দিম ।"

ইণ্টাৰনেচনেল ডেস্ক, ৩ ফেব্ৰুৱাৰী : ইৰাক সমৰ্থিত বিদ্ৰোহী আৰু ইৰাণী বিপ্লৱী গাৰ্ডৰ দ্বাৰা ব্যৱহৃত ইৰাক আৰু চিৰিয়াৰ কেইবাটাও স্থানত আমেৰিকাই বিমান আক্ৰমণ কৰে । যোৱা সপ্তাহত জৰ্ডানত তিনিজন আমেৰিকান সেনাক ড্ৰোণ আক্ৰমণেৰে হত্যা কৰাৰ প্ৰতিশোধকল্পেই আমেৰিকাৰ সামৰিক বাহিনীয়ে এই আক্ৰমণ চলায় ।

এই বৃহৎ আক্ৰমণে মুঠ সাতটা স্থানত ৮৫ টাতকৈও অধিক লক্ষ্যত আঘাত কৰে । ইয়াৰ ভিতৰত আছে কমাণ্ড এণ্ড কণ্ট্ৰোল হেডকোৱাৰ্টাৰ, চোৰাংচোৱা কেন্দ্ৰ, ৰকেট আৰু মিছাইল, ড্ৰোণ আৰু গোলাবাৰুদ সংৰক্ষণ স্থান আৰু অন্যান্য সুবিধা । এই লক্ষ্যবোৰ হৈছে তেহৰাণৰ সৈতে সম্পৰ্ক থকা আৰু অস্ত্ৰ-শস্ত্ৰৰে শক্তিশালী কৰা আইআৰজিচিৰ কুডছ ফ'ৰ্চৰ সৈতে সংযুক্ত আৰু পৰিচালনা কেন্দ্ৰ । আনহাতে, ৰাষ্ট্ৰপতি জ’ বাইডেনে এক বিবৃতিত স্পষ্ট কৰি দিয়ে যে এনে ধৰণৰ আক্ৰমণৰ ঘটনা আৰু বহু হ'ব ।

"আমাৰ সঁহাৰি আজিৰ পৰা আৰম্ভ হৈছে । এই আক্ৰমণ আমি বাছনি কৰা সময় আৰু স্থানবোৰত অব্যাহত থাকিব ।" বাইডেনে কয় । তেওঁ লগতে সতৰ্ক কৰি দিয়ে, "যিসকলে আমাক ক্ষতি কৰিব বিচাৰিব তেওঁলোকে এইটো জানি থওক: যদি আপোনালোকে এজনো আমেৰিকানৰ ক্ষতি কৰে, তেন্তে আমি তাৰ উচিত প্ৰত্যুত্তৰ দিম ।"

উল্লেখ্য যে বাইডেন আৰু আন শীৰ্ষ আমেৰিকান নেতাসকলে কেইবাদিনো ধৰি এইটো কৈ আহিছে যে যিকোনো আমেৰিকানক ক্ষতিৰ প্ৰত্যুত্তৰ কেৱল এটা আক্ৰমণ নহয়, ই সময়ৰ লগে লগে বিভিন্ন স্তৰত হ'ব ।

অৱশ্যে আমেৰিকাৰ আক্ৰমণবোৰে ইৰাণ বা ইয়াৰ সীমাৰ ভিতৰত বিপ্লৱী গাৰ্ড কুদছ বাহিনীৰ জ্যেষ্ঠ নেতাসকলক পোনপটীয়াকৈ লক্ষ্য কৰি লোৱা নাই । কিয়নো আমেৰিকাই সংঘাত আৰু অধিক বৃদ্ধি হোৱাটো প্ৰতিহত কৰিবলৈ চেষ্টা কৰিছে । ইফালে ইৰাণে জৰ্ডান আক্ৰমণৰ আঁৰত থকা বুলি কোৱাটো অস্বীকাৰ কৰিছে ।

কিন্তু এইটো অস্পষ্ট হৈ আছে যে এই আক্ৰমণৰ প্ৰভাৱ কি হ'ব । আমেৰিকাৰ সতৰ্কবাণীয়ে হয়তো বিদ্ৰোহী সদস্যসকলক লুকাই থাকিবলৈ বাধ্য কৰাব পাৰে । আনহাতে, কেইবাখনো দেশৰ বিভিন্ন স্থানত এনেধৰণৰ একাধিক গোটে কাম কৰি আছে । কিন্তু পৰৱৰ্তী সময়ত আমেৰিকাই কেনে ধৰণ পদক্ষেপ গ্ৰহণ কৰে সেইটো লক্ষণীয় হ'ব ।

অৱশ্য়ে ইৰাণ সমৰ্থিত অন্যতম মুখ্য বিদ্ৰোহী গোট কাতাইব হিজবুল্লাই কৈছে যে গোটটোৱে আমেৰিকান সেনাৰ ওপৰত আক্ৰমণ স্থগিত ৰাখিছে । আনহাতে, আনসকলে যুদ্ধ অব্যাহত ৰখাৰ হুংকাৰ দিছে । এই গোটবোৰে তেতিয়ালৈকে পেলেষ্টাইনীৰ সপক্ষে এই আক্ৰমণ চলাই যাব বুলি উল্লেখ কৰিছে, যেতিয়ালৈকে গাজাত যুদ্ধ সমাপ্ত নহয় আৰু স্বাধীন গাজাৰ স্বীকৃতি নহয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক :মহিলাৰ সাজত ইজৰাইলী সেনাই গাজাৰ চিকিৎসালয়ত চলালে আক্ৰমণ, নিহত 3 পেলেষ্টাইনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.