ETV Bharat / international

মহিলাৰ সাজত ইজৰাইলী সেনাই গাজাৰ চিকিৎসালয়ত চলালে আক্ৰমণ, নিহত 3 পেলেষ্টাইনী

author img

By PTI

Published : Jan 31, 2024, 10:50 AM IST

israeli forces stormed a hospital in the gaza
ছদ্মবেশী ইজৰাইলীৰ সেনাই গাজাৰ চিকিৎসালয়ত চলালে আক্ৰমণ

Israeli forces : গাজাৰ এখন চিকিৎসালয়ত ইজৰাইলৰ সেনাই আক্ৰমণ চলায় ৷ এই আক্ৰমণত তিনিজনকৈ পেলেষ্টাইনী সন্ত্ৰাসবাদী নিহত হৈছে ৷

ইন্টাৰনেশ্যনেল ডেস্ক, 31 জানুৱাৰী : গাজাৰ পৰা ইজৰাইলে সামৰিক বাহিনী প্ৰত্যাহাৰ কৰিছে যদিও হামাছ আৰু পেলেষ্টাইনীৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছে ইজৰাইলে ৷ মঙলবাৰে পশ্চিম গাজাৰ এখন চিকিৎসালয়ত আক্ৰমণ ইজৰাইলৰ ৷ এই আক্ৰমণত তিনিজন পেলেষ্টাইনী সন্ত্ৰাসবাদী নিহত হৈছে ৷ ঘটনা অনুসৰি, চিকিৎসকৰ ছদ্মবেশত থকা ইজৰাইলীৰ সেনাই বাহিনীয়ে মঙলবাৰে পশ্চিম গাজাৰ এখন চিকিৎসালয়ত আক্ৰমণ চলায় ৷ ফলত তিনিজন পেলেষ্টাইনী সন্ত্ৰাসবাদী নিহত হৈছে ৷

পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ এজন বিষয়াই কৈছিল যে, ছদ্মবেশত থকা ইজৰাইলীৰ সেনাই পশ্চিম গাজাৰ জেনিন চহৰস্থিত ইবন ছিনা চিকিৎসালয়ৰ ভিতৰত গুলীচালনা কৰিছিল। ইজৰাইলৰ উদ্যেশ্য প্ৰণোদিত আক্ৰমণ আছিল বুলিও দাবী কৰে বিষয়াজনে ৷

চিকিৎসালয়ৰ আন এজন বিষয়াই কয়, চিকিৎসালয়ত নিৰাপত্তাৰ বাবে স্থাপন কৰা চি চি টি ভিত বন্দী হৈছে ইজৰাইল সেনাৰ আকৰ্মণ্যতাৰ দৃশ্য ৷ কেমেৰাত বন্দী হোৱা দৃশ্য অনুসৰি, ইজৰাইলৰ অস্ত্ৰধাৰী সেনাই চিকিৎসালয়খনত বোৰ্খা, চিকিৎসকৰ কোট পিন্ধি আহিছিল । তাৰে এজনে কান্ধত ৰাইফল আৰু আনখন হাতত ভাঁজ কৰা হুইলচেয়াৰ লৈ গৈছিল ।

আক্ৰমণৰ সন্দৰ্ভত ইজৰাইলৰ অভিযোগ অনুসৰি, উক্ত চিকিৎসালয়খন পেলেষ্টাইনী সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰিছিল ৷ চিকিৎসালয়খনৰ গোপন কক্ষত অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ মজুত ৰাখিছিল ৷ লগতে ইজৰাইলৰ ওপৰত আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰিছিল পেলেষ্টাইনী সন্ত্ৰাসবাদীয়ে ৷ 7 অক্টোবৰত হামাছে দক্ষিণ ইজৰাইলত চলোৱা আক্ৰমণৰ পৰিকল্পনা কৰা হৈছিল উক্ত স্থানতে ৷ যাৰবাবে গাজাত ইজৰাইল-হামাছৰ যুদ্ধ আৰম্ভ হয় বুলি দাবী কৰে ইজৰাইলে ৷

আনহাতে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ঘোষণা কৰিছিল যে, গাজাত যুদ্ধসমাপ্তিৰ বাবে সম্ভাৱ্য যুদ্ধবিৰতি চুক্তিৰ বাতৰি অস্বীকাৰ কৰে আৰু হামাছক পৰাস্ত কৰা বিৰুদ্ধে বিজয় নোহোৱালৈকে যুঁজ অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিছিল ৷

লগতে পঢ়ক : গাজাৰ পৰা ইজৰাইলী সৈন্য প্ৰত্যাহাৰ নোহোৱা পৰ্যন্ত হামাছে গ্ৰহণ নকৰে কোনো চুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.