ETV Bharat / international

গাজাৰ পৰা ইজৰাইলী সৈন্য প্ৰত্যাহাৰ নোহোৱা পৰ্যন্ত হামাছে গ্ৰহণ নকৰে কোনো চুক্তি

Hamas on new hostage deal offer: গাজাৰ পৰা ইজৰাইলী সৈন্য প্ৰত্যাহাৰ নোহোৱা পৰ্যন্ত হামাছে কোনো চুক্তি গ্ৰহণ নকৰে বুলি ইজৰাইলৰ টাইমছ অৱ ইজৰাইলত প্ৰকাশ পাইছে ৷ হামাছে পণবন্দী কৰি ৰখাসকলক মুকলি কৰি দিয়াৰ লক্ষ্যৰে পেৰিছত আলোচনা চলিছিল আৰু ইয়াৰ প্ৰতি ইজৰাইলে সমৰ্থন আগবঢ়াইছিল ৷ এই খবৰ প্ৰকাশ পোৱাৰ পিছতে হামাছে নিজৰ স্থিতি প্ৰকাশ কৰিছে ।

reject new hostage deal offer
reject new hostage deal offer
author img

By ETV Bharat Assamese Team

Published : January 30, 2024 at 8:35 AM IST

4 Min Read
Choose ETV Bharat

ইণ্টাৰনেশ্যনেল ডেস্ক, 30 জানুৱাৰী: অব্যাহত আছে ইজৰাইলৰ-হামাছৰ মাজৰ সংঘৰ্ষ ৷ ইজৰাইলৰ টাইমছ অৱ ইজৰাইলৰ বাতৰি অনুসৰি, গাজাৰ পৰা ইজৰাইলৰ সকলো সৈন্য প্ৰত্যাহাৰ নোহোৱা পৰ্যন্ত হামাছে কোনো চুক্তি গ্ৰহণ নকৰে বুলি দৃঢ়তাৰে কয় ৷ হামাছে ইজৰাইলৰ সৈতে পণবন্দী চুক্তিৰ প্ৰস্তাৱিত কাঠামো নাকচ কৰা যেন লাগে বুলিও সংবাদ সংস্থাত প্ৰকাশ পাইছে ।

হামাছে পণবন্দী কৰি ৰখাসকলক মুকলি কৰি দিয়াৰ লক্ষ্যৰে পেৰিছত আলোচনা চলিছিল আৰু ইয়াৰ প্ৰতি ইজৰাইলে সমৰ্থন আগবঢ়াইছিল ৷ এই খবৰ প্ৰকাশ পোৱাৰ পিছতে হামাছে নিজৰ স্থিতি প্ৰকাশ কৰিছে । পপুলাৰ ফ্ৰ’ণ্ট ফৰ দ্য লিবাৰেশ্যন অৱ পেলেষ্টাইনৰ সৈতে হামাছে এক যৌথ বিবৃতি প্ৰকাশ কৰি জোৰ দি কয়, "যিকোনো চুক্তিত চলি থকা সংঘাতৰ অন্ত পেলোৱাৰ লগতে গাজাৰ পৰা ইজৰাইলী সৈন্য সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাটো অন্তৰ্ভুক্ত হ’ব লাগিব । ইজৰাইলে নিজৰ “আগ্ৰাসন” বন্ধ কৰিব লাগিব ৷"

হামাছৰ এজন জ্যেষ্ঠ বিষয়াই গাজাত “সম্পূৰ্ণ আৰু ব্যাপক যুদ্ধবিৰতি”ৰ বাবে গোটটোৰ ইচ্ছা প্ৰকাশ কৰে ৷ আমেৰিকা, কাটাৰ আৰু ইজিপ্তৰ বিষয়াসকলৰ সৈতে মোছাদ আৰু শ্বিন বেটৰ চোৰাংচোৱা সংস্থাৰ মুৰব্বীসকলৰ সৈতে হোৱা বৈঠকৰ সময়ত গ্ৰহণ কৰা এই প্ৰস্তাৱিত চুক্তিখনত পৰ্যায়ক্ৰমে এক প্ৰক্ৰিয়াৰ ৰূপৰেখা দাঙি ধৰা হৈছে ।

এই চুক্তিত মহিলা, শিশু, বৃদ্ধ, ৰোগী আদি শ্ৰেণীৰ পৰা আৰম্ভ কৰি সকলো ইজৰাইলী পণবন্দীক মুকলি কৰি দিয়া হ’ব বুলি উল্লেখ থকাৰ লগতে এই সময়ছোৱাত হামাছৰ বিৰুদ্ধে ইজৰাইলৰ আক্ৰমণত “পৰ্যায়ক্ৰমে বিৰতি” হোৱাৰ পোষকতা কৰে । এই চুক্তি অনুসৰি ইজৰাইলে গাজালৈ অধিক সাহায্যৰ অনুমতি প্ৰদানৰ লগতে এক বৃহৎ সংখ্যক পেলেষ্টাইনী বন্দীক মুকলি কৰি দিব ।

টাইমছ অৱ ইজৰাইলে প্ৰকাশ কৰা অনুসৰি এই প্ৰস্তাৱৰ কেন্দ্ৰবিন্দু হৈছে প্ৰথম পৰ্যায়ত 35-40 জন পণবন্দী মকলি কৰি দিয়াৰ বিনিময়ত 45 দিনৰ যুদ্ধবিৰতি । প্ৰতিজন পণবন্দীৰ বিনিময়ত প্ৰায় 100-250 গৰাকী পেলেষ্টাইনী বন্দীক মুকলি কৰি দিয়া হ’ব । পৰৱৰ্তী সময়ত যুদ্ধবিৰতিৰ সময়সীমা বৃদ্ধিৰ বিনিময়ত আৰু অধিক মুকলি কৰি দিয়া হ’ব আৰু প্ৰতিজন পণবন্দীৰ বাবে পেলেষ্টাইনী নিৰাপত্তা বন্দীক মুকলি কৰি দিয়াৰ অনুপাত বৃদ্ধি কৰা হ’ব ।

খবৰ অনুসৰি এই চুক্তিৰ দ্বাৰা স্থায়ী যুদ্ধবিৰতি নহয় যদিও ইয়াৰ সম্ভাৱনা প্ৰশস্ত কৰিছে । চুক্তিখনৰ জৰিয়তে গাজালৈ মানৱীয় সাহায্য বৃদ্ধি আৰু যথেষ্ট সংখ্যক পেলেষ্টাইনী বন্দীক মুকলি কৰি দিয়াৰ ব্যৱস্থাও সন্নিবিষ্ট কৰা হৈছে । কাটাৰৰ প্ৰধানমন্ত্ৰী মহম্মদ বিন আব্দুলৰহমান আল থানীয়ে আলোচনাৰ অগ্ৰগতি সন্দৰ্ভত আশা প্ৰকাশ কৰি হামাছে সম্ভাৱনাময়ভাৱে নিজৰ স্থিতি সলনি কৰা বুলি উল্লেখ কৰে ৷ ইয়াৰ বিপৰীতে ইজৰাইল সতৰ্ক হৈ আছে বুলিও কয় । ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতি প্ৰকাশ কৰি চুক্তিৰ অস্তিত্ব নিশ্চিত বা অস্বীকাৰ কৰা নাই যদিও “ইজৰাইলৰ বাবে অগ্ৰহণযোগ্য ” চৰ্তসমূহ অন্তৰ্ভুক্ত কৰা হৈছে বুলি কয় ।

7 অক্টোবৰত হামাছৰ নেতৃত্বত ইজৰাইলৰ ওপৰত চলোৱা হয় ব্যাপক আক্ৰমণ ৷ এই আক্ৰমণত প্ৰায় 1200 লোকৰ মৃত্যু হয়, য’ত বেছিভাগেই সাধাৰণ নাগৰিক । হামাছ আৰু অন্যান্য সন্ত্ৰাসবাদীয়েও বিভিন্ন বয়সৰ 253 জন লোকক অপহৰণ কৰি গাজালৈ লৈ যায় । ইয়াৰ পিছতে গাজাত ইজৰাইলে সামৰিক অভিযান চলাই কমেও 26,637 জন লোকৰ মৃত্যু হয় আৰু 65,384 জন আহত হয় ।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুক পণবন্দী পৰিয়ালবোৰে হেঁচা প্ৰয়োগ কৰিছে ৷ টেল আভিভত অনুষ্ঠিত হোৱা সমাৱেশত চুক্তিৰ আহ্বান জনোৱা হৈছিল । নৱেম্বৰ মাহত যুদ্ধবিৰতি চুক্তিৰ অধীনত প্ৰায় 100 জন পণবন্দীক মুকলি কৰি দিয়া হৈছিল ।

লগতে পঢ়ক: গাজাত আটাইতকৈ ক্ষতিগ্ৰস্ত শিশু আৰু মহিলা; ১৬ হাজাৰ লোক নিহত