ETV Bharat / international

ফ্ল’ৰিডাত গুলীচালনাত ২ জন নিহত, ২ জন আৰক্ষী বিষয়া আহত

author img

By ANI

Published : Jan 29, 2024, 8:54 AM IST

Crime in Florida :ফ্ল’ৰিডাৰ পাম বে’ত গুলীচালনাৰ ঘটনা ৷ গুলীচালনাত অভিযুক্ত লোকজনকে ধৰি দুজন লোক নিহত হোৱাৰ লগতে দুজন আৰক্ষী বিষয়া আহত হৈছে । ফ্ল’ৰিডাৰ আইন প্ৰয়োগ বিভাগে এই গুলীচালনা ঘটনাৰ তদন্ত চলাব ।

US: 2 killed, 2 police officers injured in Florida shootout
ফ্ল’ৰিডাত গুলীচালনাৰ ঘটনা

ইণ্টাৰনেশ্যনেল ডেস্ক, 29 জানুৱাৰী: মাৰ্কিন যুক্তৰাষ্ট্ৰত ক্ৰমাগত হাৰত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা ৷ পুনৰ দেশখনত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা ৷ ফ্ল’ৰিডাৰ পাম বে’ত দেওবাৰে সংঘটিত হৈছে গুলীচালনাৰ ঘটনা ৷

সংবাদ সংস্থাই প্ৰকাশ কৰা বাতৰি অনুসৰি ফ্ল’ৰিডাৰ পাম বে’ত দেওবাৰে সংঘটিত হোৱা গুলীচালনাত সন্দেহজনক লোক এজনকে ধৰি দুজন লোক নিহত হোৱাৰ লগতে দুজন আৰক্ষী বিষয়া আহত হৈছে । স্থানীয় কৰ্তৃপক্ষই ঘটনা সম্পৰ্কত জানিবলৈ দিয়া মতে, ঘৰুৱা অশান্তি সম্পৰ্কীয় এটা ফোনৰ প্ৰতি বিষয়াসকলে সঁহাৰি জনোৱাৰ পিছতে এই গুলীচালনা সংঘটিত হয় ।

দেওবাৰে এখন সংবাদমেলৰ জৰিয়তে পাম বে’ৰ আৰক্ষী অধীক্ষক মাৰিয়ানো অ’গেলোৱে ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ সময়ত আৰক্ষীয়ে এজন অস্ত্ৰধাৰী 24 বছৰীয়া যুৱকৰ মুখামুখি হয় বুলি জানিবলৈ দিয়ে । আৰক্ষীয়ে জনোৱা মতে, ঘটনাস্থলীত উপস্থিত হোৱাৰ পাচতে আৰক্ষী বিষয়া আৰু লোকজনৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় ৷ বিষয়াসকলক গুলীয়াই সন্দেহজনক লোকজনে পলায়ন কৰে বুলি আৰক্ষী অধীক্ষক অ’গেলোৱে কয় ।

“আমাৰ সমাজৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা অপশক্তি নিষ্ক্ৰিয় আৰু বন্ধ কৰিবলৈ আমাৰ বিষয়াসকলক যি কৰিবলৈ প্ৰশিক্ষণ দিয়া হৈছিল, সেই কামেই কৰিছিল বুলি আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে কয় । আন্তৰ্জাতিক সংবাদ সংস্থাৰ মতে, অ’গেলোৱে কয় যে সৰ্বোচ্চ শক্তি প্ৰয়োগ কৰি বিষয়াসকলে সন্দেহযুক্ত লোকজনক হত্যা কৰে বুলি আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে জনায় ।

বিষয়াগৰাকীয়ে কয়, "সন্দেহজনক লোকজনৰ প্ৰত্যক্ষ কাৰ্যৰ ফলত আন এজন ভুক্তভোগীৰ মৃত্যু হৈছে, যাৰ নাম মই এই মুহূৰ্তত উল্লেখ নকৰো ।"

গুলীবিদ্ধ হোৱা বিষয়া দুজনৰ চিকিৎসা স্থানীয় চিকিৎসালয়ত চলি আছে আৰু তেওঁলোক সুস্থ হৈ উঠিব বুলি অ’গেলোৱে কয় । ফ্ল’ৰিডাৰ আইন প্ৰয়োগ বিভাগে এই গুলীচালনা ঘটনাৰ তদন্ত চলাব ।

পাম বে অৰলেণ্ডোৰ পৰা প্ৰায় 74 মাইল দক্ষিণ-পূবে এখন চহৰ ।

লগতে পঢ়ক: গুলীচালনাৰ ফলত মৃত্যু এবছৰীয়া শিশুকে ধৰি 5 জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.