ETV Bharat / international

গুলীচালনাৰ ফলত মৃত্যু এবছৰীয়া শিশুকে ধৰি 5 জনৰ

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 11:50 AM IST

Updated : Dec 5, 2023, 1:40 PM IST

আমেৰিকাত পুনৰ গুলীচালনাৰ ঘটনা ৷ দেশখনৰ ডালাছৰ এটা ঘৰত গুলীচালনা কৰাৰ ফলত এটি এবছৰীয়া শিশুকে ধৰি চাৰিজন লোক নিহত হোৱাৰ লগতে এগৰাকী 15 বছৰীয়া কিশোৰী আহত হয় । গুলীচালনাত আৰক্ষীয়ে পাঁচজন লোকৰ মৃত্যু ঘটে বুলি নিশ্চিত কৰে ৷

US shooting: 4 killed, including a 1-year-old boy, at a Dallas home
গুলীচালনাৰ ফলত মৃত্যু এবছৰীয়া শিশুকে ধৰি 5 জনৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ : আমেৰিকাৰ ডালাছ চহৰৰ এটা ঘৰত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা ৷ এটি এবছৰীয়া শিশুকে ধৰি চাৰিজন লোক নিহত হোৱাৰ লগতে এগৰাকী 15 বছৰীয়া কিশোৰী আহত হয় গুলীচালনাৰ ফলত । আৰক্ষীয়ে দেওবাৰৰ বিয়লি চহৰখনৰ দক্ষিণ-পূব অঞ্চলত অৱস্থিত এটা ঘৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে বুলি জনায় আৰু পাঁচজন লোকক গুলীয়াই হত্যা কৰা বুলি জানিব দিয়ে ৷

গুলীচালনাৰ ফলত থিতাতে তিনিজন প্ৰাপ্তবয়স্কৰ মৃত্যু হয় ৷ 1 বছৰীয়া শিশু আৰু 15 বছৰীয়া এগৰাকী কিশোৰীক আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয়, য'ত এবছৰীয়া শিশুটিৰ মৃত্যু ঘটে আৰু কিশোৰজনীৰ অৱস্থা বৰ্তমানে সুস্থিৰ বুলি জানিব দিয়ে । দেওবাৰ পৰ্যন্ত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কোনো এজন সন্দেহযুক্ত লোককে জিম্মাত লোৱা নাই বুলি জনায়, যদিও সেয়া এক বিচ্ছিন্নতাবাদী গোটৰ কাণ্ড বুলি প্ৰাথমিকভাৱে সন্দেহ প্ৰকাশ কৰিছে ৷ সোমবাৰৰ পুৱা পৰ্যন্ত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই ।

ডালাছ কাউন্টি চিকিৎসা পৰীক্ষকৰ কাৰ্যালয়ে নিহতসকলৰ নাম প্ৰকাশ কৰিছে ৷ তেওঁলোক হ’ল- লগান ডি লা ক্ৰুজ (1); ভেনেছা ডি লা (20) ; কাৰিনা লোপেজ (33) আৰু জোচে লোপেজ (50) ।

উল্লেখ্য যে, দেশখনত ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা ৷ চলিত বৰ্ষৰ অক্টোবৰৰ শেষ সপ্তাহত লুজিয়ানাৰ হাউচ পাৰ্টিত কিশোৰ-কিশোৰীসকলৰ মাজত সৃষ্টি হোৱা সংঘাতৰ ফলত গুলীচালনাৰ ঘটনা সংঘটিত হয় । পাৰ্টীটোত উপস্থিত থকা এজন কিশোৰে বন্দুক উলিয়াই নিৰ্বিচাৰে গুলীচালনা কৰিবলৈ ধৰে । এই ঘটনাত ছয়জন কিশোৰক গুলীয়াই হত্যা কৰা হয় ।

অক্টোবৰৰ তৃতীয় সপ্তাহত এজন 19 বছৰীয়া যুৱকে তিনিজন লোকক গুলীয়াই হত্যা কৰিছিল আৰু পিছত আত্মঘাটী হৈছিল । এই কাণ্ডৰ পিছতে টপপেনিছ আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰে যদিও কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল ৷

লগতে পঢ়ক: পূৰ্বতকৈ অধিক শক্তিশালী ৰূপত হামাছক আক্ৰমণ কৰাৰ প্ৰস্তুতি ইজৰাইলৰ

Last Updated :Dec 5, 2023, 1:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.