ETV Bharat / international

হেলিকপ্টাৰ দুৰ্ঘটনাত এয়াৰ এম্বুলেন্স ক্ৰুৰ 3 সদস্য নিহত

author img

By PTI

Published : Jan 22, 2024, 8:24 AM IST

Updated : Jan 23, 2024, 11:05 AM IST

Helicopter crash : ওকলাহোমাত শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত এয়াৰ এম্বুলেন্স ক্ৰুৰ তিনিজন সদস্য নিহত হয় ৷

Helicopter crash
হেলিকপ্টাৰ দুৰ্ঘটনাত এয়াৰ এম্বুলেন্স ক্ৰুৰ 3 সদস্য নিহত

আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 22 জানুৱাৰী : ওকলাহোমাত শনিবাৰে নিশা এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয় ৷ এই শোকাৱহ দুৰ্ঘটনাটোত এয়াৰ এম্বুলেন্স ক্ৰুৰ তিনিজন সদস্য নিহত হয় বুলি বিষয়াসকলে জানিবলৈ দিছে ৷ নিয়ন্ত্ৰণ কেন্দ্ৰই নিশা প্ৰায় 11.30 বজাত এয়াৰ ইভাক লাইফটীম হেলিকপ্টাৰ ক্ৰুৰ সৈতে সম্পৰ্ক হেৰুৱাই দিয়াৰ পিচতে ৱেদাৰফৰ্ডৰ ওচৰত দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰে ৷

দেওবাৰে এক বিবৃতিযোগে জানিবলৈ দিয়ামতে, ৰাজধানীত ৰোগীক প্ৰয়োজনীয় শুশ্ৰুষা কৰি ওকলাহোমা চিটিৰ পশ্চিমে 70 মাইল (113 কিলোমিটাৰ) দূৰত্বত থকা ৱেদাৰফৰ্ডৰ উভতি অহাৰ পথত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ এই ঘটনাৰ পিচতে সমীপৰে এয়াৰ ইভাক দল এটাই ক্ৰু সদস্যসকলৰ সন্ধান কৰাৰ লগতে উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহে ৷

অৱশ্যে, কোম্পানীটোৱে হেলিকপ্টাৰৰ ধ্বংসাৱশেষ (বেল 206এল3) ক'ত উদ্ধাৰ কৰা হৈছিল সেই বিষয়ে তথ্য প্ৰদান কৰা নাই ৷ একে সময়তে, এতিয়ালৈ মৃতকৰ তথ্যও প্ৰকাশ কৰা হোৱা নাই । ৰাষ্ট্ৰীয় পৰিবহন সুৰক্ষা বোৰ্ডে দুৰ্ঘটনাটোৰ তদন্ত কৰিব বুলি জানিব পৰা গৈছে ৷

ইফালে দেওবাৰে পুৱা আফগানিস্তানৰ বাদাখশান প্ৰদেশৰ কুৰাণ-মুঞ্জন আৰু জিবাক জিলাৰ কাষৰ টোপখানা পৰ্বতমালাত মৰক্কোত পঞ্জীভুক্ত এখন ডিএফ-১০ বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । জানিব পৰামতে, এইখন এখন চাৰ্টাৰ্ড বিমান আছিল ৷ বিমানখনে মস্কো অভিমুখে গৈ থাকোঁতে দুৰ্ঘটনাগ্ৰস্ত হৈছিল ৷ আনহাতে কিছু লোকে দাবী কৰিছিল যে ই এখন যাত্ৰীবাহী বিমান।

তাৰ পিচতে কেন্দ্ৰীয় মন্ত্ৰালয়ে লগতে স্পষ্ট কৰি দিছিল যে বিমানখন থাইলেণ্ডৰ পৰা মস্কোলৈ উৰা এয়াৰ এম্বুলেন্স আছিল । বিমানখনৰ ইন্ধন ভৰাবলৈ গয়া বিমানবন্দৰত অৱতৰণ কৰিছিল ৷ তাৰ পিচতে বিমানখন দুৰ্ঘটনাত পতিত হয় ৷

লগতে পঢ়ক: আফগানিস্তানৰ বাদাখশান প্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখন ভাৰতীয় নহয়- DGCA

Last Updated : Jan 23, 2024, 11:05 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.