ETV Bharat / international

আফগানিস্তানৰ বাদাখশান প্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখন ভাৰতীয় নহয়- DGCA

author img

By ANI

Published : Jan 21, 2024, 3:53 PM IST

Updated : Jan 23, 2024, 10:55 AM IST

Aircraft crash: বাদাখশান প্ৰদেশৰ কুৰাণ-মুঞ্জন আৰু জিবাক জিলাৰ কাষৰ টোপখানা পৰ্বতমালাত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমান ডিএফ-১০ ভাৰতৰ নহয় - নিশ্চিত কৰিলে DGCA এ ৷

Etv BharatAircraft that crashed in Badakhshan province of Afghanistan
আফগানিস্তানৰ বাদাখশান প্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখন ভাৰতীয় নহয়- DGCA

আন্তঃৰাষ্ট্ৰীয় ডেস্ক, ২১ জানুৱাৰী : দেওবাৰে পুৱা আফগানিস্তানৰ বাদাখশান প্ৰদেশৰ কুৰাণ-মুঞ্জন আৰু জিবাক জিলাৰ কাষৰ টোপখানা পৰ্বতমালাত মৰক্কোত পঞ্জীভুক্ত এখন ডিএফ-১০ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। আফগানিস্তানস্থিত এটা ব্যক্তিগত প’ৰ্টেলে দাবী কৰিছিল যে দুৰ্ঘটনাত পতিত হোৱা বিমানখন ভাৰতীয় যাত্ৰীবাহী বিমান আছিল ৷

ইয়াৰ পিচতে দেশৰ বিমান সেৱাৰ শীৰ্ষ নিয়ন্ত্ৰক অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ (ডিজিচিএ) এজন বিষয়াই নিশ্চিত কৰে যে দুৰ্ঘটনাত পতিত হোৱা বিমানখন ভাৰতীয় বিমান নহয় ৷ ডিজিচিএৰ বিষয়াজনে কয়, "বাদাখশান প্ৰদেশৰ কুৰাণ-মুঞ্জন আৰু জিবাক জিলাৰ সমীপৰ টপখানা পৰ্বতমালাত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখন মৰক্কোৰ পঞ্জীভুক্ত ডিএফ-১০ বিমান আছিল । দুৰ্ঘটনাটোত জড়িত বিমানখনৰ সন্দৰ্ভত আমি এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ল আৰু অন্যান্য বিমান সংস্থাৰ পৰা নিশ্চিত তথ্য লাভ কৰিছো । এই বিমানখন মৰক্কোৰ পঞ্জীভুক্ত ডিএফ-১০ বিমান হিচাপে চিনাক্ত কৰা হৈছে ৷"

স্থানীয় বাসিন্দাসকলৰ উদ্ধৃতি দি আফগান প’ৰ্টেলে জনাই যে, দেওবাৰে পুৱতি নিশা বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । প্ৰাৰম্ভিক তথ্য অনুসৰি, কিৰণ আৰু মিঞ্জন জিলা আৰু বাদাখশানৰ জেবাক জিলাকে পাহাৰীয়া অঞ্চলত এখন যাত্ৰীবাহী জেট বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে । প্ৰদেশৰ নিৰাপত্তা বিষয়াসকলে কোৱা অনুসৰি বিমানখনত থকা যাত্ৰীৰ সংখ্যা এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই।

জানিব পৰামতে, এইখন এখন চাৰ্টাৰ্ড বিমান আছিল ৷ বিমানখনে মস্কো অভিমুখে গৈ থাকোঁতে দুৰ্ঘটনাগ্ৰস্ত হৈছিল ৷ আনহাতে কিছু লোকে দাবী কৰিছিল যে ই এখন যাত্ৰীবাহী বিমান।

কেন্দ্ৰীয় মন্ত্ৰালয়ে লগতে স্পষ্ট কৰি দিছিল যে বিমানখন থাইলেণ্ডৰ পৰা মস্কোলৈ উৰা এয়াৰ এম্বুলেন্স আছিল । বিমানখনৰ ইন্ধন ভৰাবলৈ গয়া বিমানবন্দৰত অৱতৰণ কৰিছিল ৷

লগতে পঢ়ক: মধ্যপ্ৰাচ্যত বৰ্ধিত উত্তেজনাৰ মাজতে খাৰুৱা তেলৰ মূল্য উচ্চ স্তৰত

Last Updated : Jan 23, 2024, 10:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.