পেংগুইন-মানৱৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ আকৰ্ষণীয় কাহিনী - Human Penguin Friendship

author img

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 4:22 PM IST

Human Penguin Friendship

Human Penguin Friendship: ইছৰোৰ এগৰাকী প্ৰাক্তন বিজ্ঞানীয়ে বৰ্ণনা কৰিলে পেংগুইনৰ সৈতে হোৱা তেওঁৰ বন্ধুত্বৰ কাহিনী । কেনেদৰে এণ্টাৰ্কটিকাৰ ভাৰতীয় গৱেষণা কেন্দ্ৰলৈ অতিথিৰ ৰূপত আহিছিল পেংগুইনটো ? তেওঁলোকৰ জীৱনৰ আনন্দৰ মুহূৰ্ত আছিল সেই সময়খিনি ।

ইণ্টাৰনেশ্যনেল ডেস্ক,২৯ মাৰ্চ : পৃথিৱীত এতিয়া পেংগুইন বিলুপ্তিৰ পথত । যাক লৈ প্ৰকৃতিপ্ৰেমীৰ মাজত হতাশা দেখা গৈছে । কিন্তু ইয়াৰ মাজতে এটা বিশেষ পেংগুইনৰ কাহিনীক লৈ ই টিভি ভাৰতৰ প্ৰতিবেদন । যিটো পেংগুইনে এণ্টাৰ্কটিকাত থকা ভাৰতৰ গৱেষণা কেন্দ্ৰলৈ আলহী হৈ আহিছিল । গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীসকলে কেনেদৰে আলহীৰ ৰূপত অহা পেংগুইনটোক আদৰণি জনাইছিল সেই কথা বিৱৰি ক'লে কেন্দ্ৰটোৰ এগৰাকী বিজ্ঞানীয়ে ।

মানুহ আৰু এটা অকলশৰীয়া পেংগুইনৰ মাজৰ বন্ধুত্বৰ কাহিনী ই টিভি ভাৰতৰ সন্মুখত ইছৰোৰ এগৰাকী প্ৰাক্তন বিজ্ঞানী ৰাধা কৃষ্ণ কাভুলুৰুৱে বৰ্ণনা কৰিছে । কাভুলুৰুৱে যেতিয়া এণ্টাৰ্কটিকাত থকা ভাৰতীয় গৱেষণা কেন্দ্ৰত কাম কৰিছিল তেতিয়া তেওঁ আকৰ্ষণীয় কাহিনীটোৰ সাক্ষী হৈছিল ।

প্ৰাক্তন বিজ্ঞানী ৰাধা কৃষ্ণ কাভুলুৰুৱে সেই সময়ত হঠাৎ বৰফত পেংগুইনৰ খোজ প্ৰত্যক্ষ কৰিছিল । কাভুলুৰু আৰু দলটোৱে প্ৰায় ১৪০০ মিটাৰলৈ সেই ছাপবোৰ অনুসৰণ কৰিছিল । তাৰ পিচত শিলবোৰৰ মাজত তেওঁলোকে এটা অপ্ৰত্যাশিত অতিথিৰ মুখামুখি হৈছিল । সেইটো আছিল এটা সৰু পেংগুইন ।

বৰ্তমান এৰোস্পেচ ফাৰ্মত অভিযন্তা হিচাপে কাম কৰি থকা কাভুলুৰু এই অপ্ৰত্যাশিত অতিথিক দেখি আচৰিত হৈ পৰিছিল । তেওঁৰ দলটোৱে পেংগুইনটোৰ নাম 'মাৰুতি' ৰাখিছিল, যাৰ অৰ্থ হৈছে পৱন পুত্ৰ বা বতাহৰ পুত্ৰ । কাভুলুৰুৱে দৃঢ়তাৰে কৈছিল যে বতাহে পেংগুইনটোক বৰফৰ মৰুভূমিলৈ লৈ গৈছিল । কাভুলুৰু আৰু এই পেংগুইনটোৰ মাজত এক পৃথক বন্ধুত্ব গঢ়ি উঠিছিল ।

দিনবোৰ পাৰ হৈ গ'ল আৰু মাৰুতি ভাৰতীয় গৱেষণা কেন্দ্ৰটোৰ অংশ হৈ পৰিল । মাৰুতিক লৈ সকলোৰে মুখত হাঁহি বিৰিঙিছিল । কাভুলুৰুৱে মাৰুতিক অতি আপোন কৰি লৈছিল আৰু দুঃসাহসিক অভিযানবোৰত সংগ দিছিল ।

তেওঁলোকে একেলগে খেলিছিল । বিজ্ঞানীৰ দলটোৱে মাৰুতিক বৰফৰ পানীত খেলি থকা আৰু সাঁতুৰি থকা দেখি আনন্দিত হৈছিল । কিন্তু এদিন তেনেকৈ সাগৰত খেলি থাকোতে মাৰুতি বহুদূৰ পাইছিল গৈ আৰু প্ৰায় দুদিন ধৰি উভতি অহা নাছিল । অৱশ্যে পিচত নিজেই উভতি আহিছিল আৰু মাৰুতিৰ সুৰক্ষিত প্ৰত্যাৱৰ্তনত দলটো আনন্দিত হৈছিল ।

এটা সময়ত দ্বীপটোৰ চাৰিওফালে থকা বৰফবোৰ গলি যোৱাৰ লগে লগে মাৰুতিৰ পৰিয়াল তাত উপস্থিত হৈছিল । পেংগুইন পৰিয়ালটোৰ বাবে ই নিশ্চিতভাৱে এক আনন্দদায়ক মুহূৰ্ত আছিল । কিন্তু কাভুলুৰুসহ দলটোৰ বাবে মাৰুতিক এৰি যোৱাটো সহজভাৱে ল'ব পৰা নাছিল । মাৰুতিয়ে তেওঁলোকক এৰি যোৱাৰ লগে লগে সকলোৰে চকু সেমেকি উঠিছিল । কাভুলুৰুৰ মতে অতিথিৰ ৰূপত অহা পেংগুইন তথা মাৰুতি তেওঁলোকৰ জীৱন এক সুখৰ মুহূৰ্ত আছিল ।

লগতে পঢ়ক :৮ এপ্ৰিলত বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ, ভাৰতত ইয়াৰ প্ৰভাৱ কি হ'ব ? - Solar Eclipse 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.