ETV Bharat / international

নিউয়ৰ্কৰ ৰে'ল ষ্টেচনত অচিনাক্ত লোকৰ গুলীচালনাত হতাহত ছয়

author img

By ANI

Published : Feb 13, 2024, 10:40 AM IST

subway station in Bronx country
নিউয়ৰ্কৰ মাউণ্ট ইডেন এভিনিউ ষ্টেচন

New York city Police: মাউণ্ট ইডেন এভিনিউ ষ্টেচনত গুলীচালনাৰ ঘটনা । বন্দুকধাৰীৰ পলায়ন । নিউয়ৰ্ক মহানগৰ আৰক্ষী বিভাগৰ শীৰ্ষ বিষয়াই সদৰী কৰিছে এই তথ্য় ।

ইন্টানেশ্য়নেল ডেস্ক, ১৩ ফেব্ৰুৱাৰী : নিউয়ৰ্কৰ মাউণ্ট ইডেন এভিনিউ ষ্টেচনত সোমবাৰে বিয়লি এটা চাবৱে ষ্টেচনত সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা । এই ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন পাঁচজন লোক আহত হয় । উক্ত ভয়াৱহ ঘটনাটোৰ বিষয়ে সদৰী কৰিছে নিউয়ৰ্ক চিটি আৰক্ষী বিভাগৰ (এনৱাইপিডি) মুখ্য ট্ৰেঞ্জিট মাইকেল এম কেম্পাৰে ।

নিউয়ৰ্ক চিটিৰ আৰক্ষী বিভাগৰ (এনৱাইপিডি) মুখ্য ট্ৰেঞ্জিট মাইকেল এম কেম্পাৰে উল্লেখ কৰা অনুসৰি, আবেলি প্ৰায় ৪:৩০ বজাত বিষয়াসকলে মাউণ্ট ইডেন এভিনিউ ষ্টেচনত গুলীচালনা সংঘটিত হোৱাৰ বিষয়ে ৯১১ কলৰ জৰিয়তে জানিব পাৰে । ইয়াৰ পিচতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত ছয়জন লোকক গুলিওৱাৰ বিষয়ে জ্ঞাত হয় । নিউয়ৰ্ক চিটি আৰক্ষী বিভাগৰ (এনৱাইপিডি) মুখ্য ট্ৰেঞ্জিট মাইকেল এম কেম্পাৰে সোমবাৰে নিশা এক সংবাদ বিজ্ঞপ্তিত এই বিষয়ে উল্লেখ কৰে ।

নিউয়ৰ্ক চিটি আৰক্ষী বিভাগৰ (এনৱাইপিডি) মুখ্য ট্ৰেঞ্জিট মাইকেল এম কেম্পাৰে এই প্ৰসংগত কয় "গুলীচালনাৰ ঘটনাৰ পিছত, চাৰিজন পুৰুষ আৰু দুগৰাকী মহিলাক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু ছেইণ্ট বাৰ্ণবাছ চিকিৎসালয়ত ৩৪ বছৰীয়া পুৰুষ এজনৰ মৃত্যু হয় ।" কেম্পাৰে কয় যে এই আহতসকল বৰ্তমান বিপদমুক্ত ।

নিউয়ৰ্ক চিটি আৰক্ষী বিভাগৰ (এনৱাইপিডি) মুখ্য ট্ৰেঞ্জিটৰে কয় যে ৪ নম্বৰ ৰে'লৰ ভিতৰতে দুটা ফৈদৰ মাজত কোনো বিষয়ক লৈ প্ৰথমে বিবাদৰ সূত্ৰপাত ঘটে । ৰে'লখন ষ্টেচনলৈ যোৱাৰ সময়তেই এজন ব্যক্তিয়ে বন্দুক উলিয়াই গুলীচালনা কৰে । এই ঘটনাত আহত সকলৰ ভিতৰত একাংশই বন্দুকধাৰী লোকজনৰ সৈতে তৰ্কত লিপ্ত হৈছিল । অৱশ্য়ে আন একাংশ এই বন্দুকধাৰী লোকজনৰ সৈতে তৰ্কত লিপ্ত হোৱা নাছিল বুলি কয় মাইকেল এম কেম্পাৰে । ইপিনে, এই সন্দেহজনক লোকজনক আৰক্ষীয়ে চিনাক্ত কৰিব পৰা নাই বুলিও বিষয়া গৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক:গাজাৰ ৰাফা চহৰত ইজৰাইলী আক্ৰমণত নিহত ১৩

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.