ETV Bharat / international

দক্ষিণ লোহিত সাগৰত জাহাজৰ ওপৰত হুথি বিদ্ৰোহীৰ ড্ৰোণ আক্ৰমণ; উত্তেজনা বৃদ্ধি

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 12:31 PM IST

Houthi Rebel Drone Attack : জাহাজখন ব্যক্তিগত সুৰক্ষা প্ৰতিষ্ঠান আম্ব্ৰেৰ দ্বাৰা পৰিচালিত বাৰ্বাডোছৰ পতাকাযুক্ত আৰু ব্ৰিটেইনৰ মালিকানাধীন মালবাহী জাহাজ বুলি চিনাক্ত কৰা হৈছে । সৌভাগ্যক্ৰমে থকা কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই । অৱশ্যে ইয়াৰ সামান্য ক্ষতি হৈছে । এই আক্ৰমণৰ তৎক্ষণিক সন্দেহ য়েমেনৰ ইৰাণ সমৰ্থিত হুথি বিদ্ৰোহীসকলৰ ওপৰত কৰা হৈছে ।

দক্ষিণ লোহিত সাগৰত জাহাজৰ ওপৰত হুথি বিদ্ৰোহীৰ ড্ৰোণ আক্ৰমণ

ইণ্টাৰনেচনেল ডেস্ক, ৬ ফেব্ৰুৱাৰী : দক্ষিণ লোহিত সাগৰৰ মাজত পুনৰ এখন জাহাজৰ ওপৰত মঙলবাৰে পুৱতি নিশা সন্দেহযুক্ত য়েমেন হুথি বিদ্ৰোহী ড্ৰ'ণেৰে আক্ৰমণ কৰা বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে । গাজা ষ্ট্ৰিপত হামাছৰ বিৰুদ্ধে ইজৰাইলৰ যুদ্ধক লৈ হুথী বাহিনীয়ে জাহাজসমূহক লক্ষ্য কৰি কৰা চলাই থকা এইটো হৈছে শেহতীয়া আক্ৰমণৰ ঘটনা ।

ব্ৰিটিছ সামৰিক বাহিনীৰ ব্ৰিটেইন সামুদ্ৰিক বাণিজ্য অভিযানে কয় যে এই আক্ৰমণটো য়েমেনৰ হোদেইদাৰ পশ্চিমে সংঘটিত হয় আৰু এই আক্ৰমণত জাহাজখনৰ খিৰিকীৰ সামান্য ক্ষতি হৈছে । আক্ৰমণৰ পূৰ্বে এখন সৰু জাহাজ জাহাজখনৰ ওচৰত আছিল বুলিও লগতে কোৱা হৈছে ।

ব্যক্তিগত নিৰাপত্তা প্ৰতিষ্ঠান আম্ব্ৰেয়ে এই জাহাজখনক বাৰ্বাডোছৰ পতাকাযুক্ত ব্ৰিটেইনৰ মালিকানাধীন মালবাহী জাহাজ বুলি চিনাক্ত কৰিছে । অৱশ্যে আক্ৰমণটোত জাহাজখনত থকা কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই যদিও জাহাজখনৰ সামান্য ক্ষতি হৈছে । প্ৰতিষ্ঠানটোৱে লগতে কয় । অৱশ্যে কোনো গোটে তাৎক্ষণিকভাৱে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই । অৱশ্যে য়েমেনৰ ইৰাণ সমৰ্থিত হুথি বিদ্ৰোহীসকলৰ ওপৰত তাৎক্ষণিকভাৱে এই আক্ৰমণৰ সন্দেহৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে, বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা বিদ্ৰোহীসকলে হামাছৰ বিৰুদ্ধে গাজাত ইজৰাইলৰ আক্ৰমণক লৈ লোহিত সাগৰত বাৰে বাৰে জাহাজক আক্ৰমণৰ লক্ষ্য কৰি আহিছে । কিন্তু তেওঁলোকে প্ৰায়ে দুৰ্বল বা ইজৰাইলৰ সৈতে কোনো স্পষ্ট সম্পৰ্ক নথকা জাহাজবোৰকহে লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে । যাৰ ফলত এছিয়া, মধ্যপ্ৰাচ্য আৰু ইউৰোপৰ মাজত বাণিজ্যৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পথত জাহাজ চলাচল বিপদাপন্ন হৈছে ।

শেহতীয়া সপ্তাহবোৰত আমেৰিকা আৰু ব্ৰিটেইনে অন্যান্য মিত্ৰশক্তিৰ সমৰ্থনত এই আক্ৰমণৰ বাবে হুথিৰ মিছাইল অস্ত্ৰাগাৰ আৰু উৎক্ষেপণ স্থানসমূহক লক্ষ্য কৰি বিমান আক্ৰমণ আৰম্ভ কৰিছে ।

আমেৰিকা আৰু ব্ৰিটেইনে শনিবাৰে য়েমেনৰ ৩৬ টা হুথিৰ লক্ষ্যত আঘাত কৰে । ইৰাক আৰু চিৰিয়াত শুকুৰবাৰে সংঘটিত এক বিমান আক্ৰমণত জৰ্ডানত তিনিজন আমেৰিকান সেনা নিহত হোৱা ড্ৰোণ আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ইৰাণ সমৰ্থিত অন্যান্য বিদ্ৰোহী আৰু ইৰাণী বিপ্লৱী গাৰ্ডক লক্ষ্য কৰি লোৱা হয় ।

আমেৰিকাৰ সামৰিক বাহিনীৰ কেন্দ্ৰীয় কমাণ্ডে সোমবাৰে হুথিসকলৰ ওপৰত হোৱা আক্ৰমণৰ কথা পৃথকে পৃথকে স্বীকাৰ কৰিছে । তেওঁলোকে আক্ৰমণ কৰা নাও দুখন বিস্ফোৰক ভৰ্তি দুখন হুথি ড্ৰোণ নাও বুলি উল্লেখ কৰিছে ।

আনহাতে, আমেৰিকান বাহিনীয়ে উল্লেখ কৰিছে যে তেওঁলোকে অঞ্চলটোত আমেৰিকাৰ নৌসেনাৰ জাহাজ আৰু ব্যৱসায়িক জাহাজৰ বাবে এক আসন্ন ভাবুকি প্ৰদান কৰিছে । এই পদক্ষেপবোৰে নৌ-চলাচলৰ স্বাধীনতা সুৰক্ষিত কৰিব আৰু আমেৰিকাৰ নৌসেনাৰ জাহাজ আৰু ব্যৱসায়িক জাহাজৰ বাবে আন্তৰ্জাতিক জলসীমা সুৰক্ষিত কৰি তুলিব বুলিও উল্লেখ কৰে ।

লগতে পঢ়ক :হুথি বিদ্ৰোহীৰ এণ্টি-শিপ ক্ৰুজ মিছাইলত আমেৰিকাৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.