ETV Bharat / international

65 গৰাকী ইউক্ৰেইনৰ যুদ্ধবন্দীসহ ভূ-পতিত ৰাছিয়ান বিমান

Russian Plane Crash: ৰাছিয়া-ইউক্ৰেইন সীমান্তত ভূ-পতিত ৰাছিয়ান সেনাৰ এখন বিমান ৷ দুৰ্ঘটনাত পতিত হোৱা বিমানখনত আছিল ইউক্ৰেইনৰ 65 গৰাকী যুদ্ধবন্দী ৷

Ukrainian POWs in Russia
Russian Plane Crash
author img

By ETV Bharat Assamese Team

Published : January 24, 2024 at 7:15 PM IST

2 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, 24 জানুৱাৰী: ইউক্ৰেইনৰ সীমান্ত অঞ্চলত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ 65 গৰাকী যুদ্ধবন্দীসহ মুঠ 74 গৰাকী যাত্ৰীক লৈ উৰা মৰা ৰাছিয়ান সেনাৰ এখন বিমান ভূ-পতিত হৈছে ৷ বিমানখনত থকা আটাইকেইগৰাকী যাত্ৰী নিহত হোৱা বুলি চৰকাৰী সূত্ৰত প্ৰকাশ ৷

বেলগ’ৰড অঞ্চলত কি কাৰণত এই দুৰ্ঘটনা সংঘটিত হ’ল সেয়া তাৎক্ষণিকভাৱে স্পষ্ট হোৱা নাই । গৱৰ্ণৰ ভিয়াচেছলাভ গ্লাডকোভে বিমানখনত কোন আছিল সেই কথা উল্লেখ কৰা নাই । এছ’চিয়েটেড প্ৰেছেও নিশ্চিত কৰিব পৰা নাই যে জাহাজখনত কোন আছে আৰু ইউক্ৰেইনৰ বিষয়াসকলে অসত্য তথ্য ভাগ-বাটোৱাৰা নকৰিবলৈ সকীয়াই দিয়ে ।

ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা আৰ আই এ নভোষ্টিয়ে মন্ত্ৰালয়ৰ উদ্ধৃতি দি প্ৰকাশ কৰা অনুসৰি বন্দীসকলক ওভতাই পঠিওৱাৰ বাবে সীমান্ত অঞ্চললৈ লৈ যোৱা হৈছিল । ছ’চিয়েল মিডিয়াত পোষ্ট কৰা এই দুৰ্ঘটনাৰ ফুটেজত দেখা গৈছে যে বৰফেৰে ভৰা, গ্ৰাম্য অঞ্চলত আকাশৰ পৰা বিমান এখন পৰি গৈছিল আৰু আপাত দৃষ্টিত মাটিত খুন্দা মৰাৰ পিচতেই প্ৰচণ্ড বিস্ফোৰণ ঘটি বিমানখন জ্বলি উঠিছিল ৷

স্থানীয় জৰুৰীকালীন সেৱাৰ এজন বিষয়াৰ উদ্ধৃতি দি সংবাদ সংস্থা টাছে জনোৱা মতে, বেলগ’ৰডৰ কোৰোচানস্কি জিলাত সংঘটিত হোৱা দুৰ্ঘটনাস্থলীলৈ অগ্নিনিৰ্বাপক বাহিনী, এম্বুলেন্স আৰু আৰক্ষী ততাতৈয়াকৈ ৰাওনা হয় ৷

ৰাছিয়াৰ দুজন জ্যেষ্ঠ বিষয়াই কোনো তথ্য-প্ৰমাণ অবিহনে অভিযোগ কৰা অনুসৰি ইউক্ৰেইনৰ সেনাই মিছাইল আক্ৰমণ কৰি বিমানখন ভূ-পতিত কৰিছে ৷ দুৰ্ঘটনাত পতিত হোৱাৰ ঠিক আগেয়ে গ্লেডকোভে নিজৰ টেলিগ্ৰাম চেনেলত সেই অঞ্চলত ‘‘মিছাইল এলাৰ্ট’’ লাভ কৰা বুলি উল্লেখ কৰি লোকসকলক সতৰ্ক হ’বলৈ কৈছিল ৷ যুদ্ধবন্ধীসকলৰ শুশ্ৰূষাৰ বাবে থকা ইউক্ৰেইনৰ সহযোগী মুখ্যালয়ৰ সূত্ৰই কয় যে তেওঁলোকে দুৰ্ঘটনাটো দেখিছিল যদিও তৎক্ষণাত কোনো তত্য দিব পৰা নাছিল ৷ তাৰ পৰিৱৰ্তে তেওঁলোকে ভুৱা তথ্য প্ৰচাৰ নকৰিবলৈ সকীয়নি দিছিল ৷

টেলিগ্ৰামত প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে, ‘‘আমি লক্ষ্য কৰিছোঁ যে শত্ৰুৱে ইউক্ৰেইনৰ সমাজখনক অস্থিৰ কৰাৰ লক্ষ্যৰে ইউক্ৰেইনৰ বিৰুদ্ধে তথ্য বিশেষ অভিযান সক্ৰিয়ভাৱে চলাই আছে ।’’

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, দুৰ্ঘটনাস্থলীলৈ যোৱাৰ পথত এটা বিশেষ সামৰিক আয়োগ আছিল, যিয়ে কয় যে, যুদ্ধবন্দী সকলৰ উপৰিও তেওঁলোকৰ লগত তিনিজন লোক আৰু ছয়জন ক্ৰূ সদস্য বিমানখনত আছিল ।

লগতে পঢ়ক: মধ্যপ্ৰাচ্যৰ সংঘাতে প্ৰভাৱিত কৰিছে ভাৰত মহাসাগৰত যাতায়াতৰ সুৰক্ষাক; ইউএনএছচিত ভাৰত