ETV Bharat / international

মধ্যপ্ৰাচ্যৰ সংঘাতে প্ৰভাৱিত কৰিছে ভাৰত মহাসাগৰত যাতায়াতৰ সুৰক্ষাক; ইউএনএছচিত ভাৰত

UNSC Debate on Middle East : বৰ্তমান চলি থকা ইজৰাইল-হামাছ সংঘৰ্ষই ভাৰত মহাসাগৰত সামুদ্ৰিক বাণিজ্যিক যান-বাহনৰ সুৰক্ষাৰ ওপৰতো প্ৰভাৱ পেলাইছে । ইয়াৰ ভিতৰত আছে ভাৰতৰ ওচৰ-পাজৰত কিছু আক্ৰমণ । ৰাষ্ট্ৰসংঘত ভাৰতৰ উপ-স্থায়ী প্ৰতিনিধি আৰ ৰবীন্দ্ৰই ইউএনএছচিত কয় ।

ভাৰত মহাসাগৰত যাতায়াতৰ সুৰক্ষা সন্দৰ্ভত ইউএনএছচিত ভাৰত
ভাৰত মহাসাগৰত যাতায়াতৰ সুৰক্ষা সন্দৰ্ভত ইউএনএছচিত ভাৰত
author img

By PTI

Published : January 24, 2024 at 11:03 AM IST

2 Min Read
Choose ETV Bharat

ইণ্টাৰনেচনেল ডেস্ক, ২৪ জানুৱাৰী : ইজৰাইল আৰু হামাছৰ মাজত চলি থকা সংঘৰ্ষই ভাৰত মহাসাগৰত সামুদ্ৰিক বাণিজ্যিক যান-বাহনৰ সুৰক্ষাত প্ৰভাৱ পেলাইছে । ইয়াৰ ভিতৰত আছে ভাৰতৰ ওচৰত কিছু আক্ৰমণ । মঙলবাৰে এগৰাকী শীৰ্ষ ভাৰতীয় কূটনীতিবিদে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যসকলক এই কথা জনায় ।

চলিত ইজৰাইল-হামাছ সংঘৰ্ষই ভাৰত মহাসাগৰত সামুদ্ৰিক বাণিজ্যিক যান-বাহনৰ সুৰক্ষাৰ ওপৰতো প্ৰভাৱ পেলাইছে । ইয়াৰ ভিতৰত আছে ভাৰতৰ ওচৰ-পাজৰত কিছু আক্ৰমণ । ৰাষ্ট্ৰসংঘত ভাৰতৰ উপ-স্থায়ী প্ৰতিনিধি আৰ ৰবীন্দ্ৰই মধ্যপ্ৰাচ্যৰ ওপৰত ইউএনএছচিৰ মুকলি বিতৰ্কৰ সময়ত তেওঁৰ মন্তব্যত এনেদৰে কয় ।

এইটো হৈছে আন্তৰ্জাতিক সম্প্ৰদায়ৰ বাবে যথেষ্ট চিন্তাৰ বিষয় আৰু ই ভাৰতৰ নিজৰ শক্তি আৰু অৰ্থনৈতিক স্বাৰ্থৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাইছে । এনে পৰিস্থিতি কোনো পক্ষৰ বাবে যে লাভজনক নহয় সেয়া সকলোৱে স্পষ্টভাৱে স্বীকাৰ কৰিব লাগিব । ৰবীন্দ্ৰই লগতে কয় ।

ৰবীন্দ্ৰই কয় যে এই সংঘৰ্ষৰ আৰম্ভণিৰে পৰা ভাৰতে যি বাৰ্তা আগবঢ়াই আহিছে সেয়া অতি স্পষ্ট আৰু সুস্থিৰ । যুদ্ধৰ বৃদ্ধি প্ৰতিহত কৰা, মানৱীয় সাহায্য নিৰন্তৰ প্ৰদান নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ । মানৱীয় পৰিস্থিতিৰ আন্তৰিকতাৰে সমাধান কৰা প্ৰয়োজন বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতে এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘ আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ প্ৰচেষ্টাক আদৰণি জনাইছে ।

তেওঁ কয় যে ভাৰতে গাজাৰ পেলেষ্টাইনীসকললৈ সাহায্য সামগ্ৰী ৰপ্তানি কৰিছে । ভাৰতে ডিচেম্বৰৰ শেষত প্ৰদান কৰা 2.5 নিযুত আমেৰিকান ডলাৰসহ 5 নিযুত আমেৰিকান ডলাৰ নিকট প্ৰাচ্যত পেলেষ্টাইনী শৰণাৰ্থীসকলৰ বাবে ৰাষ্ট্ৰসংঘৰ সাহায্য আৰু কৰ্ম সংস্থাক প্ৰদান কৰিছে । এই সাহায্যই পেলেষ্টাইনী শৰণাৰ্থীসকলক প্ৰদান কৰা শিক্ষা, স্বাস্থ্য সেৱা, সাহায্য আৰু সামাজিক সেৱাকে ধৰি সংস্থাটোৰ মূল কাৰ্যসূচী আৰু সেৱাসমূহক সহায় কৰিব ।

আনহাতে, ইজৰাইলৰ নিৰাপত্তাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি পেলেষ্টাইনী জনসাধাৰণে সুৰক্ষিত সীমাৰ ভিতৰত এখন স্বাধীন দেশত মুক্তভাৱে বাস কৰিবলৈ সক্ষম হোৱা দ্বি-ৰাষ্ট্ৰীয় সমাধানৰ বাবে ভাৰতৰ দীৰ্ঘদিনীয়া সমৰ্থনৰ কথা দোহাৰি ৰবীন্দ্ৰই কয় যে ভাৰতে দৃঢ়ভাৱে বিশ্বাস কৰে যে দুই ৰাষ্ট্ৰৰ চূড়ান্ত স্থিতিৰ বিষয়ত কেৱল দুয়োপক্ষৰ মাজত প্ৰত্যক্ষ আৰু অৰ্থপূৰ্ণ আলোচনাৰ জৰিয়তেহে সমাধান লাভ কৰিব পৰা যায় । ইয়াৰ দ্বাৰা ইজৰাইল আৰু পেলেষ্টাইনৰ লোকসকলে বিচৰা আৰু প্ৰাপ্য এক স্থায়ী শান্তি প্ৰদান কৰিব ।

লগতে পঢ়ক :গাজাত নিহত ২১ ইজৰাইলী সেনা; যুদ্ধক লৈ ইজৰাইলত সমালোচনা বৃদ্ধি