ETV Bharat / international

কংগোৰ খনন স্থানত বিদ্ৰোহীৰ আক্ৰমণ, 12 জনক হত্যা, 16 জনকৈ লোকক অপহৰণ

author img

By PTI

Published : Feb 16, 2024, 7:30 AM IST

Eastern Congo mining site : পূব কংগোৰ এক খনন স্থানত বিদ্ৰোহীৰ আক্ৰমণ ৷ কমেও 12 জন লোকক হত্যা কৰাৰ লগতে 16 জনকৈ লোকক অপহৰণ কৰে । আক্ৰমণৰ সৈতে কোডেকো সশস্ত্ৰ সংগঠনৰ বিদ্ৰোহী জড়িত বুলি দাবী স্থানীয় অধিকাৰ গোট মাবেণ্ডিৰ মুৰব্বীৰ ৷

Eastern Congo mining site
কংগোৰ খনন স্থানত বিদ্ৰোহীৰ আক্ৰমণ, 12 জনক হত্যা, 16 জনকৈ লোকক অপহৰণ

ইণ্টাৰনেশ্যনেল ডেস্ক, 16 ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে নাগৰিক সমাজৰ এটা সংগঠনে প্ৰকাশ কৰা অনুসৰি পূব কংগোৰ এক খনন স্থানত বিদ্ৰোহীয়ে কমেও এক ডজন লোকক হত্যা কৰাৰ লগতে 16 জনকৈ লোকক অপহৰণ কৰে । স্থানীয় অধিকাৰ গোট মাবেণ্ডিৰ মুৰব্বী ভিটাল টুংগুলোৱে জনোৱা মতে, বুধবাৰে ইটুৰি প্ৰদেশৰ ড্জুগু জিলাৰ সমীপৰ এটা সোণৰ খনিত কোডেকো সশস্ত্ৰ সংগঠনৰ বিদ্ৰোহীয়ে আক্ৰমণ কৰে । শত্ৰুৰ এই আক্ৰমণত তেওঁলোক ক্ষোভিত হৈ পৰিছে বুলিও জনায় ৷

দশক দশক ধৰি সংঘাতৰ হোৱাত সমগ্ৰ পূব কংগোত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে । 120 টাতকৈও অধিক সশস্ত্ৰ গোটে অঞ্চলটোত যুঁজি আছে, বেছিভাগেই ভূমি আৰু মূল্যৱান খনিজ পদাৰ্থৰ খনি নিয়ন্ত্ৰণৰ বাবে যুঁজি আছে ৷ আনহাতে কিছুমান গোটে নিজৰ সম্প্ৰদায়ক সুৰক্ষা দিবলৈ চেষ্টা কৰিছে ।

কোডেকো হৈছে মূলতঃ মিলিচীয়া গোটৰ এক শিথিল সংগঠন । 2017 চনৰ পৰা ই মূলতঃ হেমা জনগোষ্ঠীয় সম্প্ৰদায়ৰ পৰা উদ্ভৱ আত্মৰক্ষাকাৰী গোট জাইৰেৰ সৈতে যুঁজি আহিছে । আফ্ৰিকান চেণ্টাৰ ফৰ দ্য ষ্টাডি এণ্ড ৰিচাৰ্চ অন টেৰ’ৰিজিমৰ তথ্য অনুসৰি 2022 চনৰ ভিতৰত চাৰি বছৰত কোডেকোৰ আক্ৰমণত প্ৰায় 1800 লোকৰ মৃত্যু হয় আৰু 500 ৰো অধিক লোক আহত হয় ।

কোডেকোৱে সোণ আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ অঞ্চলবোৰক লক্ষ্য কৰি লোৱা বুলি জনা যায় । ছেপ্টেম্বৰ মাহত এই বিদ্ৰোহীসকলে ইতুৰি প্ৰদেশৰ এখন গাঁৱত আক্ৰমণ চলাইছিল আৰু ইয়াৰ ফলত 14 জন লোকৰ মৃত্যু হৈছিল । কংগোত বিশ্বৰ কিছুমান বৃহৎ আপুৰুগীয়া খনিজ পদাৰ্থ যেনে কোবাল্ট আৰু তাম আছে ৷ এইবোৰৰ বৈদ্যুতিক বাহন, বতাহৰ টাৰ্বাইন আৰু সৌৰ পেনেল নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট চাহিদা আছে ।

বৃহস্পতিবাৰে সামৰিক অধিনায়ক ইভচ কাডজেনাই কয় যে তেওঁ এই আক্ৰমণত হতাশ হৈছে ৷ কাৰণ জানুৱাৰী মাহৰ শেষৰ ফালে কোডেকোৱে অন্যান্য সহযোগী সৈন্যৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল ৷ লগতে যুদ্ধ বন্ধ কৰি পণবন্দীসকলক মুকলি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ।

কাডজেনাই কয় যে সেনাই হিংসাত্মক পৰিস্থিতিৰ অন্ত পেলাবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে ।

লগতে পঢ়ক: দক্ষিণ আফ্ৰিকাৰ প্লেটিনাম খনিত লিফ্ট খহি নিহত ১১, আহত ৭৫

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.