ETV Bharat / international

ৰিয়েল মাদ্ৰিদৰ কিংবদন্তী গ'লৰক্ষক মিগুৱেল এঞ্জেলৰ দেহাৱসান

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 2:12 PM IST

Miguel Angel No More
মিগুৱেল এঞ্জেলৰ দেহাৱসান

Miguel Angel No More : ৰিয়েল মাদ্ৰিদৰ প্ৰাক্তন গ'লৰক্ষক মিগুৱেল এঞ্জেলৰ ৭৬ বছৰ বয়সত মৃত্যু হয় । মেচৰ সময়ত তেওঁ প্ৰকাশ কৰা প্ৰতিক্ৰিয়াৰ বাবে জনাজাত আছিল । বিশ্বৰ মহান ব্যক্তিসকলে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গক সমবেদনা জনাইছে ।

ইণ্টাৰনেচনেল ডেস্ক, ৭ ফেব্ৰুৱাৰী : বিশ্বৰ প্ৰসিদ্ধ ফুটবল ক্লাৱ ৰিয়েল মাদ্ৰিদৰ প্ৰাক্তন গ'লৰক্ষক মিগুৱেল এঞ্জেল গঞ্জালেজৰ ৭৬ বছৰ বয়সত দোহাৱসান ঘটে । মঙলবাৰে ক্লাৱটোৰ তৰফৰ পৰা এই কথা জনোৱা হয় আৰু তেওঁৰ প্ৰতি সমবেদনা ব্যক্ত কৰে ।

১৯৪৭ চনত উত্তৰ-পশ্চিম স্পেইনৰ অৰেন্সে চহৰত জন্মগ্ৰহণ কৰা মিগুৱেল এঞ্জেলে ক্লাৱটোত নিজৰ দক্ষতাৰ চাপ ৰাখি থৈ গৈছে । ১৯৬৮ চনৰ পৰা ১৯৮৬ চনৰ ভিতৰত তেওঁৰ ফউটবল কেৰিয়াৰত গঞ্জালেজে ৩৪৬ খন মেচত অংশগ্ৰহণ কৰে । তেওঁ আঠটা লা লিগা খিতাপ, দুটা উৱেফা কাপ আৰু পাঁচটা কোপা ডেল ৰে খিতাপ জয় কৰিছিল ।

ৰিয়েল মাদ্ৰিদে এক বিবৃতিত কৈছে, "ৰিয়েল মাদ্ৰিদ তেওঁৰ পত্নী মাৰিয়া ডেল পিলাৰ, তেওঁৰ পুত্ৰ মিগুৱেল এঞ্জেল, তেওঁৰ নাতি ডেনিয়েলা আৰু মাউৰো, তেওঁৰ আত্মীয়, তেওঁৰ সতীৰ্থ আৰু তেওঁৰ সকলো প্ৰিয়জনৰ প্ৰতি সমবেদনা আৰু সহানুভূতি জ্ঞাপন কৰিছে । মিগুৱেল এঞ্জেল তেওঁৰ গতি আৰু সজাগতাৰ বাবে জনাজাত আছিল । তেওঁ ১৮ বাৰ স্পেইনৰ ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰিছিল । লগতে ১৯৭৮ আৰু ১৯৮২ ফিফা বিশ্বকাপৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছিল ।"

ছিনহুয়াৰ প্ৰতিবেদন অনুসৰি, ২০২২ চনৰ ডিচেম্বৰত মিগুৱেল এঞ্জেল মটৰ নিউৰন ৰোগত আক্ৰান্ত হয় আৰু অসুস্থতাৰ সময়ত তেওঁৰ পূৰ্বৰ ক্লাবটোৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰিছিল ।

উল্লেখ্য যে শেহতীয়া কোপা ডেল ৰে টুৰ্ণামেণ্টৰ ৰাউণ্ড ১৬-ত ৰিয়েল মাদ্ৰিদ প্ৰতিযোগিতাখনৰ পৰা বাহিৰ ওলাবলগা হৈছিল । চিভিটাছ মেট্ৰ'পলিটানো ষ্টেডিয়ামত অনুষ্ঠিত উক্ত মেচখনত এটলেটিকোৱে ডিফেণ্ডিং চেম্পিয়ন ৰিয়েল মাদ্ৰিদক ৪-২ গ'লৰ ব্যৱধানত পৰাস্ত কৰে । ২১ খন মেচৰ পিচত এইটো আছিল ৰিয়েল মাদ্ৰিদৰ প্ৰথম পৰাজয় ।

লগতে পঢ়ক : হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু চিলিৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পিনেৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.