ETV Bharat / international

হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু চিলিৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পিনেৰাৰ

author img

By ANI

Published : Feb 7, 2024, 7:30 AM IST

Updated : Feb 7, 2024, 10:03 AM IST

Former President of Chile dies in helicopter crash: চিলিৰ প্ৰাক্তন ৰাষ্ট্ৰপতি চেবাষ্টিয়ান পিনেৰাৰ মৃত্যু ৷ মঙলবাৰে বিয়লি দেশখনৰ দক্ষিণ অংশত সংঘটিত হোৱা এক হেলিকপ্টাৰ দুৰ্ঘটনাত পিনেৰাৰ মৃত্যু ঘটে । মৃত্যুৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীৰ বয়স আছিল 74 ৷

Former President of Chile Sebastian Pinera dies in helicopter crash
চিলিৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পিনেৰাৰ মৃত্যু

ইণ্টাৰনেশ্যনেল ডেস্ক, 7 ফেব্ৰুৱাৰী : বিমান দুৰ্ঘটনাত পতিত হৈ মৃত্যু ঘটিছে চিলিৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ ৷ চিলিৰ প্ৰাক্তন ৰাষ্ট্ৰপতি চেবাষ্টিয়ান পিনেৰাৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক বিবৃতিত মঙলবাৰে বিয়লি দেশখনৰ দক্ষিণ অংশত সংঘটিত হোৱা এক হেলিকপ্টাৰ দুৰ্ঘটনাত পিনেৰাৰ মৃত্যু ঘটে বুলি জনায় । মৃত্যুৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীৰ বয়স আছিল 74 ৷

পিনেৰাৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত বিবৃতিটোত কোৱা হৈছে, 'আমি গভীৰ দুখৰ সৈতে চিলি গণৰাজ্যৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুৰ কথা ঘোষণা কৰিছো ৷ 74 বছৰীয়া পিনেৰাৰ মৃত্যু চেণ্টিয়াগোৰ পৰা প্ৰায় 920 কিলোমিটাৰ (570 মাইল) দক্ষিণে থকা আমোদ-প্ৰমোদৰ স্থান লাগো ৰেংকোত হয় বুলি জনায় ।

দুৰ্ঘটনাগ্ৰস্ত হোৱা হেলিকপ্টাৰখনত চাৰিজন লোক আছিল বুলি চৰকাৰৰ জৰুৰীকালীন সংস্থা সেনাপ্ৰেডে জানিবলৈ দিয়ে । ইয়াৰে তিনিজন আঘাতপ্ৰাপ্ত হোৱা বুলি সংস্থাটোৱে লগতে কয় । চিলিৰ গৃহ দপ্তৰৰ মন্ত্ৰী কেৰ’লিনা টোহাই কয় যে ঘটৱনাস্থলীত উদ্ধাৰ চলোৱা দলে পিনেৰাৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰু চৰকাৰে ৰাষ্ট্ৰীয় শোকৰ সময় ঘোষণা কৰিব ।

সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মন্তব্যত টোহাই কয় চিলিৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক তেওঁৰ প্ৰাপ্য সকলো সন্মান আৰু গণতান্ত্ৰিক স্বীকৃতি প্ৰদান কৰা হ’ব । প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক সুঁৱৰি টোহাই কয়, “ৰাষ্ট্ৰপতি পিনেৰাই আমাক শাসন কৰিছিল আৰু তেওঁ জনসেৱাৰ বাবে নিজৰ জীৱনটো যিদৰে উৎসৰ্গা কৰিছিল, সেই কথা আমি সদায়ে মনত ৰাখিম ।”

স্থানীয় সংবাদ মাধ্যমে লাগো ৰেংকোত দুৰ্ঘটনাস্থলীৰ ওচৰত প্ৰচণ্ড বৰষুণ আৰু বতাহৰ ছবি দেখুৱাইছে । আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতিত্বই পিনেৰাৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে বুলি এক বিবৃতিত প্ৰকাশ পাইছে ।

লগতে পঢ়ক: চিলিত বিধ্বংসী বনজুই, মৃতকৰ সংখ্যা ১২২ গৰাকীলৈ বৃদ্ধি

Last Updated : Feb 7, 2024, 10:03 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.