ETV Bharat / international

চিলিত বিধ্বংসী বনজুই, মৃতকৰ সংখ্যা ১২২ গৰাকীলৈ বৃদ্ধি

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 12:33 PM IST

Chile Wildfires: চিলিত বনজুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বিনা ডেল মাৰ, কুইলপে আৰু ভিলা আলেমানা আদি চহৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে । ১২২ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে এতিয়াও সন্ধানহীন শ শ লোক ।

Chile Wildfires
চিলিত বিধ্বংসী বনজুইৰ ফলত মৃতকৰ সংখ্যা ১২২ গৰাকীলৈ বৃদ্ধি

ইণ্টাৰনেশ্যনেল ডেস্ক, ৬ ফেব্ৰুৱাৰী : বিধ্বংসী বনজুইৰ কৱলত পৰিছে দক্ষিণ আমেৰিকাৰ পশ্চিম প্ৰান্তত থকা চিলি । বনজুইৰ ফলত এতিয়ালৈ ১২২ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । স্থানীয় তথ্য অনুসৰি শ শ লোক এতিয়াও সন্ধানহীন হৈ আছে । দেশখনৰ অগ্নি নিৰ্বাপক বাহিনী আৰু স্বেচ্ছাসেৱকসকলে নিৰন্তৰভাৱে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । দিনে নিশাই স্বেচ্ছাসেৱকসকলে ধ্বংসাৱশেষ আঁতৰাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

বিনা ডেল মাৰ চহৰৰ পূৱ প্ৰান্তত বনজুইৰ প্ৰভাৱ কিছু হ্ৰাস হৈছে । আন দুখন চহৰ ক্ৰমে কুইলপে আৰু ভিলা আলেমানাতো এই বনজুইৰ ফলত বিস্তৰ ক্ষতি হৈছে । ৰাষ্ট্ৰপতি গেব্ৰিয়েল বৰিকে দেওবাৰে জনোৱা মতে অঞ্চলটোত কমেও ৩,০০০ টা ঘৰ জ্বলি গৈছে ।

চিলিৰ ফৰেনচিক চিকিৎসা সেৱাৰ সঞ্চালক মাৰিচোল প্ৰাডোৱে কোৱা মতে সোমবাৰে আবেলিলৈ মৃতকৰ সংখ্যা ১০ জনলৈ বৃদ্ধি হৈছে । ইয়াৰ লগে লগে চিলিত বনজুইৰ ফলত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ১২২ গৰাকীলৈ বৃদ্ধি হৈছে । প্ৰাডোৱে কোৱা মতে বহু মৃতদেহৰ অৱস্থা অতি বেয়া আৰু চিনাক্ত কৰাটো কঠিন আছিল । অৱশ্যে ফৰেনচিক কৰ্মীসকলে নিৰুদ্দেশ আত্মীয়ৰ খবৰ দিয়া লোকসকলৰ পৰা আনুবংশিক সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰিব বুলি তেওঁ উল্লেখ কৰিছে ।

বিনা ডেল মাৰৰ মেয়ৰ মাকাৰেনা ৰিপামণ্টিয়ে কয় যে প্ৰায় ৩ লাখ লোকে বাস কৰে চহৰখনত প্ৰায় ৩৭০ গৰাকী লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে । এই বনজুইৰ ফলত চহৰখনৰ পূৱত থকা পাহাৰৰ কেইবাটাও ঘৰ ধ্বংসপ্ৰাপ্ত হৈছে ।

বিষয়াসকলে জনোৱা মতে চহৰখনৰ চাৰিওফালে বনজুই নিৰ্বাপণত যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে । শুষ্ক বতৰ, তীব্ৰ বতাহ আৰু কম আৰ্দ্ৰতাৰ বাবে বনজুই দ্ৰুতগতিৰে বিয়পিছে । জানিব পৰা মতে প্ৰভাৱিত অঞ্চলৰ লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে । কিন্তু এতিয়াও বহু লোক আৱদ্ধ হৈ আছে ।

বিনা ডেল মাৰ আৰু ৰাজধানী চহৰ ছেন্টিয়েগোৰ বিদ্যালয় আৰু অন্যান্য ৰাজহুৱা ভৱনসমূহ শিবিৰ হিচাপে ব্যৱহাৰ কৰা হৈছে । য'ত পীড়িত লোকসকলে আশ্ৰয় লৈছে । পীড়িত লোকসকলক খাদ্য, খোৱাপানী, মমবাতি আদি যোগান ধৰা হৈছে । জুইৰ প্ৰভাৱ কিছু পৰিমাণে হ্ৰাস হোৱাত একাংশ লোকে নিজৰ ঘৰখন বিচাৰি গৈছে যদিও ধ্বংসস্তুপত পৰিণত হোৱা আপোন ঘৰখন দেখি তেওঁলোক উচুপি উঠিছে । পীড়িত লোকসকলৰ সাহায্য প্ৰদানৰ বাবেও দাবী উঠিছে ।

লগতে পঢ়ক :মহাকাশত সৰ্বাধিক সময় থকাৰ নতুন অভিলেখ ৰাছিয়ান মহাকাশচাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.