ETV Bharat / international

আমেৰিকা সেনাৰ বিৰুদ্ধে যুদ্ধ নকৰাৰ ঘোষণা কাতাইব হিজবুল্লাহৰ

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 8:00 AM IST

Kataib Hezbollah temporary suspension of military operations : আমেৰিকাৰ সেনাৰ বিৰুদ্ধে সামৰিক অভিযান অস্থায়ীভাৱে স্থগিত ৰখাৰ কথা ঘোষণা কাতাইব হিজবুল্লাহৰ ৷ ইৰাক চৰকাৰৰ বাবেহে আমেৰিকাৰ সৈন্যৰ বিৰুদ্ধে সামৰিক আৰু নিৰাপত্তা অভিযান স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে ৷

kataib hezbollah temporary suspension of military operations against us forces
আমেৰিকাৰ সেনাৰ বিৰুদ্ধে যুদ্ধ নকৰাৰ ঘোষণা কাতাইব হিজবুল্লাহৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 31 জানুৱাৰী : ইৰাকত ইৰাণ সমৰ্থিত কাতাইব হিজবুল্লাহৰ বৃহৎ ঘোষণা ৷ আমেৰিকাৰ সেনাৰ বিৰুদ্ধে সামৰিক অভিযান অস্থায়ীভাৱে স্থগিত ৰখাৰ কথা ঘোষণা কৰে সংগঠনটোৱে । মঙলবাৰে এক বিবৃতিত জড়িয়তে কাতাইব হিজবুল্লাহে কয়, "আমি ইৰাক চৰকাৰৰ বাবেহে আমেৰিকাৰ সৈন্যৰ বিৰুদ্ধে সামৰিক আৰু নিৰাপত্তা অভিযান স্থগিত ৰখাৰ কথা ঘোষণা কৰিছো ।

বিবৃতিটোত লগতে কোৱা হৈছে, "আমি গাজাত আমাৰ লোকসকলক আন এক পদ্ধতিৰে ৰক্ষা কৰি যাম ৷ আমাৰ হিজবুল্লাহ ব্ৰিগেডৰ সাহসী মুজাহিদীনসকলক নিষ্ক্ৰিয়ভাৱে থাকি প্ৰতিৰক্ষা কৰিবলৈ পৰামৰ্শ দিওঁ ৷’’

কাতাইব হিজবুল্লাহক ইৰাকত ইছলামিক প্ৰতিৰোধৰ ভিতৰত আটাইতকৈ শক্তিশালী সশস্ত্ৰ গোট হিচাপে স্বীকৃতি দিয়া হয় ৷ ইফালে আমেৰিকাই এই গোটবোৰক সমৰ্থন আৰু অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰাৰ বাবে ইৰাণক দায়ী কৰে ৷

আনহাতে পেন্টাগনচৰ প্ৰেছ সচিব মেজৰ জেনেৰেল পেট ৰাইডাৰে কয় যে, "অৱশ্যে এইটো প্ৰথম বাৰৰ বাবে নহয় ৷ আমেৰিকাই পূৰ্বেও ইৰাক আৰু চিৰিয়াত বিমান আক্ৰমণ আৰম্ভ কৰা হৈছিল ৷ অঞ্চলটোত আমেৰিকাই কৰা আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে কাতাইব হিজবুল্লাহ আৰু ইৰাণৰ সৈতে সম্পৰ্কিত অন্যান্য গোটবোৰে আমেৰিকাৰ সেনাৰ ওপৰত আক্ৰমণ কৰিছিল ৷ মধ্য প্ৰাচ্যত আমেৰিকাৰ সৈন্যক লক্ষ্য কৰি 166 বাৰ আক্ৰমণ কৰা হৈছে ৷’’

উল্লেখ্য যে, কাতাইব হিজবুল্লাহৰ সশস্ত্ৰ গোটে জৰ্ডানত হোৱা এটা ড্ৰোন আক্ৰমণত আমেৰিকাৰ তিনিজন সেনা নিহত হোৱাৰ লগতে 40 জন আহত হৈছিল ৷ যাৰ বাবে হোৱাইট হাউছে স্পষ্টকৈ ঘোষণা কৰিছিল যে, ইৰাণৰ সৈতে সক্ৰিয়ভাৱে যুদ্ধ বিচৰা নাই ৷

মঙলবাৰে হোৱাইট হাউচৰ এক প্ৰেছ ব্ৰিফিংত ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ মুখপাত্ৰ জন কাৰ্বিয়ে কয়, "আমি ইৰাণৰ সৈতে যুদ্ধ বিচাৰি থকা নাই ৷ আমি সামৰিক সংঘৰ্ষ বিচৰা নাই ।’’

লগতে পঢ়ক : ইজৰাইলৰ অভিযোগ, ইজৰাইলৰ আক্ৰমণত হামাছক সহায় কৰিছিল ৰাষ্ট্ৰসংঘৰ কৰ্মচাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.