ETV Bharat / international

ইজৰাইলৰ অভিযোগ, ইজৰাইলৰ আক্ৰমণত হামাছক সহায় কৰিছিল ৰাষ্ট্ৰসংঘৰ কৰ্মচাৰীয়ে

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 1:57 PM IST

UN Employees Participated In Hamas Attack : ইজৰাইলৰ বিস্ফোৰক অভিযোগ ৷ ইজৰাইলত আক্ৰমণত হামাছক সাহয় কৰিছিলে ৰাষ্ট্ৰসংঘৰ কৰ্মচাৰীয়ে ৷ এক তথ্যচিত্ৰ জড়িয়তে এই অভিযোগ উত্থাপন কৰিছে ইজৰাইলে ৷

israel allegations un employees participated in hamas attack
ইজৰাইলৰ আক্ৰমণত হামাছক সহায় কৰিছিল ৰাষ্ট্ৰসংঘৰ কৰ্মচাৰীয়ে

ইন্টাৰনেশ্যনেল ডেস্ক, 30 জানুৱাৰী : ইজৰাইল আক্ৰমণত হামাছক সাহয় কৰিছিলে নেকি ৰাষ্ট্ৰসংঘৰ কৰ্মচাৰীৰে ! 7 অক্টোবৰত হামাছে ইজৰাইলত চলোৱা আক্ৰমণত ৰাষ্ট্ৰসংঘৰ কৰ্মচাৰী জড়িত আছে বুলি দাবী উত্থাপন কৰিছে ইজৰাইলে ৷ সোমবাৰে এখন তথ্যচিত্ৰ প্ৰকাশ কৰি ইজৰাইলে দাবী কৰিছে যে, 7 অক্টোবৰত হামাছে ইজৰাইলত চলোৱা আক্ৰমণত ৰাষ্ট্ৰসংঘৰ কৰ্মচাৰীয়ে সহযোগিতা কৰিছিল ৷ ৰাষ্ট্ৰসংঘৰ কৰ্মচাৰীয়ে ইজৰাইলৰ ভূ-খণ্ডত প্ৰৱেশ কৰি এজনক অপহৰণত হামাছক সহযোগিতা কৰিছিল আৰু আন এজন কৰ্মচাৰীয়ে ইজৰাইলৰ সেনাক হত্যা কৰাত হামাছক সহায় কৰিছিল।

উল্লেখ্য যে, ইউ এন আৰ ডব্লিউ এ নামৰ ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে দীৰ্ঘদিনৰ পৰা যুদ্ধ বিধ্বস্ত গাজাত বিভিন্ন কাম কৰি আহিছে ৷ প্ৰায় 13 হাজাৰ লোকক ৰাষ্ট্ৰসংঘৰ সংস্থাটোৰ সৈতে জড়িত হৈ আছে ৷ ইউ এন আৰ ডব্লিউ এ হৈছে গাজাৰ আটাইতকৈ ডাঙৰ সাহায্য প্ৰদানকাৰী সংস্থা, য'ত হামাছ-ইজৰাইলৰ যুদ্ধৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলৰ লোকক উদ্ধাৰ কৰাত সহায় কৰি আহিছে ৷ কিন্তু বৰ্তমান সংস্থাটোৰ বিৰুদ্ধে ইজৰাইলে বিভিন্ন অভিযোগ উত্থাপন কৰিছে ৷

আনহাতে উক্ত ঘটনাক ৰাষ্ট্ৰসংঘই "ঘৃণনীয় কাৰ্য" বুলি গৰিহণা দিয়াৰ লগতে অভিযুক্ত 9 জন শ্ৰমিকক বৰ্খাস্ত কৰিছিল, য'ত শিক্ষক আৰু এজন সমাজকৰ্মী অন্তৰ্ভুক্ত আছিল । খবৰ অনুসৰি দুজনৰ মৃত্যু হৈছে যদিও আন এজন এতিয়াও চিনাক্ত কৰিব পৰা নাই ।

ইফালে, ৰাষ্ট্ৰসংঘৰ পৰা যি পৰিমাণে ধন ব্যয় কৰাৰ বাবে বৰঙণি বা আৱন্টন দিয়া হয় সেই মতে সংস্থাটোৱে উপযুক্ত ধন ব্যৱহাৰ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰ বাবে আমেৰিকাই সংস্থাটোলৈ ধন আৱন্টন দিয়াত বাধা প্ৰদান কৰিছে ৷ যদিহে পুঁজি প্ৰদান নকৰিলে এসপ্তাহৰ ভিতৰত কাৰ্যকলাপ বন্ধ কৰিবলৈ বাধ্য হ'ব বুলি ইউ এন আৰ ডব্লিউ এৰ কৰ্তৃপক্ষই মন্তব্য কৰিছে ৷

লগতে পঢ়ক : গাজাৰ পৰা ইজৰাইলী সৈন্য প্ৰত্যাহাৰ নোহোৱা পৰ্যন্ত হামাছে গ্ৰহণ নকৰে কোনো চুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.