ETV Bharat / international

আৰৱ সাগৰত ছোমালিয়ান জলদস্যুৰ পৰা পাকিস্তানী কৰ্মচাৰীক মুক্ত কৰে ভাৰতীয় নৌসেনাই

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 4:49 PM IST

ভাৰতীয় নৌসেনাই সোমবাৰে ছোমালিয়াৰ পূব উপকূল আৰু এডেন উপসাগৰত জলদস্যু বিৰোধী অভিযানত ১৭ জন ক্ৰু সদস্য থকা ইৰাণৰ পতাকা থকা আন এখন মাছ ধৰা জাহাজ এফ ভি ইমানক ছোমালি জলদস্যুৰ পৰা ৰক্ষা কৰিছিল ।

INS Sumitras 2nd Successful anti piracy Op 19 Pakistani Crew from Somali Pirates in Arabian Sea
পাকিস্তানী কৰ্মচাৰীক মুক্ত কৰে ভাৰতীয় নৌসেনাই

ইণ্টাৰনেশ্যেনেল ডেস্ক, 30 জানুৱাৰী : ভাৰতীয় নৌ সেনাৰ জাহাজ সুমিত্ৰা, যি FV Imanৰ ওপৰত জলদস্যুতাৰ প্ৰচেষ্টা বিফল কৰিছিল, ছোমালিয়াৰ পূব উপকূলত আন এক সফল জলদস্যু বিৰোধী অভিযান সম্পন্ন কৰে ৷ জাহাজ সুমিত্ৰাই ১১ জন ছোমালি জলদস্যুৰ হাতৰ পৰা উদ্ধাৰ কৰে মাছ ধৰা জাহাজ আল নাইমীত থকা ১৯ জন পাকিস্তানী ক্ৰুক ।

সোমবাৰে ছোমালিয়াৰ পূব উপকূল আৰু এডেন উপসাগৰত পাইৰেচি বিৰোধী অভিযানত ১৭ জন ক্ৰু সদস্য থকা ইৰাণৰ পতাকা থকা আন এখন মাছ ধৰা জাহাজ এফ ভি ইমানক ছোমালি জলদস্যুৰ পৰা ৰক্ষা কৰাৰ পিচত ভাৰতীয় নৌসেনাৰ বাবে এদিনৰ ভিতৰতে এইটো দ্বিতীয়টো উদ্ধাৰ অভিযান- এই বুলি এক চৰকাৰী বিবৃতিত কোৱা হৈছে ।

ভাৰতীয় নৌসেনাই জনোৱা মতে, তেওঁলোকৰ যুদ্ধ জাহাজ আই এন এছ সুমিত্ৰাই দুৰ্দশাগ্ৰস্ত জাহাজখনক বাধা দি মাছ ধৰা জাহাজখনৰ স্থান নিৰ্ণয় কৰিবলৈ হেঁচা প্ৰয়োগ কৰে, যিখন জাহাজত ১৯ জন পাকিস্তানী ৰাষ্ট্ৰীয় ক্ৰু সদস্যক জলদস্যুই পণবন্দী কৰি ৰাখিছিল ৷ যুদ্ধজাহাজখনে প্ৰতিষ্ঠিত এছ অ’ পি অনুসৰি কাম কৰি নাওখনৰ লগতে ক্ৰু সদস্যসকলক নিৰাপদে মুকলি কৰি দিয়াৰ বাবে জলদস্যুৰ ওপৰত হেঁচা কৰিছিল আৰু নাওখনৰ লগতে ১৯ জন ক্ৰু সদস্যক সফলতাৰে মুকলি কৰি দিয়াটো নিশ্চিত কৰিছিল ।

ইয়াৰ পিচত জাহাজখনে বৰ্ডিং কৰে য’ত ছোমালি জলদস্যুৱে বন্দী কৰি ৰখা ক্ৰু সদস্যসকলৰ মংগলৰ বাবে সকলোকে চেনিটাইজ কৰা হয় । 'আই এন এছ সুমিত্ৰাই ৩৬ ঘণ্টাৰো কম সময়ৰ ভিতৰতে দ্ৰুত, অবিৰত আৰু অদম্য প্ৰচেষ্টাৰ জৰিয়তে কোচিৰ পৰা প্ৰায় ৮৫০ এন এম পশ্চিমে দক্ষিণ আৰব সাগৰত (১৭ জন ইৰানী আৰু ১৯ পাকিস্তানী) ৩৬ জন ক্ৰু সদস্যৰ সৈতে দুখনকৈ হাইজেক কৰা মাছ ধৰা জাহাজ উদ্ধাৰ কৰিছে আৰু এই মাছ ধৰা জাহাজসমূহক মাৰ্চেণ্ট জাহাজত পাইৰেচিৰ অধিক কাৰ্য্যৰ বাবে মূল জাহাজ হিচাপে অপব্যৱহাৰ কৰাত বাধা দিয়ে’- নৌসেনাই এক বিবৃতিত এইদৰে কয় ।

ইয়াৰ পূৰ্বে দ্ৰুত আৰু ফলপ্ৰসূ সঁহাৰি জনাই ভাৰতীয় নৌসেনাৰ মিছনত নিয়োজিত গাইডেড মিছাইল ধ্বংসকাৰী জাহাজ আই এন এছ বিশাখাপট্টনমে ১৭ জানুৱাৰীৰ নিশা ড্ৰোণ আক্ৰমণৰ পিচত মাৰ্শ্বেল দ্বীপৰ পতাকা থকা এম ভি জেনকো পিকাৰ্ডিৰ পৰা অহা দুৰ্যোগৰ সন্ধান লাভ কৰে । বৰ্তমান এডেন উপসাগৰত পাইৰেচি বিৰোধী অভিযানত থকা আই এন এছ বিশাখাপট্টনমে তৎক্ষণাত এই দুৰ্দশা সন্দৰ্ভত অৱগত হয় । ২০২৪ চনৰ ১৮ জানুৱাৰীৰ মাজনিশা ধ্বংসকাৰী জাহাজখনে তাৎক্ষণিক সহায় আগবঢ়ায় ৷

সাগৰত সকলো নাৱিক আৰু জাহাজৰ সুৰক্ষা নিশ্চিত কৰাৰ স্বাৰ্থত সকলো সামুদ্ৰিক ভাবুকিৰ বিৰুদ্ধে কাম কৰাৰ বাবে ভাৰতীয় নৌসেনাই পুনৰবাৰ এই অঞ্চলত এই অভিযানেৰে নিজৰ প্ৰতিশ্ৰুতি প্ৰমাণ কৰিছে ।

লগতে পঢ়ক : ইজৰাইলৰ অভিযোগ, ইজৰাইলৰ আক্ৰমণত হামাছক সহায় কৰিছিল ৰাষ্ট্ৰসংঘৰ কৰ্মচাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.