ETV Bharat / international

চিকাগোত ভাৰতীয় ছাত্ৰক নিৰ্মমভাৱে আক্ৰমণ; সহায়ৰ আশ্বাস ভাৰতীয় মিছনৰ

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 10:46 AM IST

Updated : Feb 7, 2024, 11:44 AM IST

Indian Student Attack in Chicago : আক্ৰমণৰ ঘটনাৰ পিচত চিকাগোৰ ভাৰতীয় কনছুলেটে কয় যে তেওঁলোকে ভুক্তভোগী চৈয়দ মাজাহিৰ আলী আৰু ভাৰতত থকা তেওঁৰ পত্নীৰ সৈতে যোগাযোগ কৰিছে ।

Indian Student Attack in Chicago
চিকাগোত ভাৰতীয় ছাত্ৰক নিৰ্মমভাৱে আক্ৰমণ

নিউজ ডেস্ক,7 ফেব্ৰুৱাৰী : ভাৰতীয় ছাত্ৰক বিদেশত আক্ৰমণৰ আন এক দুখজনক ঘটনা সংঘটিত হৈছে । এইবাৰ আন এগৰাকী ভাৰতীয় ছাত্ৰই মঙলবাৰে (স্থানীয় সময় অনুসৰি) চিকাগোত এক নিৰ্মম আক্ৰমণৰ সন্মুখীন হয় ।

ভুক্তভোগীজনক হায়দৰাবাদৰ লাংগৰ হাউছ অঞ্চলৰ চৈয়দ মাজাহিৰ আলী বুলি চিনাক্ত কৰা হৈছে । উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যোৱা যুৱকজনে ইণ্ডিয়ান ৱেছলি বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰি আছে । তেওঁ খাদ্য আনিবলৈ ঘৰৰ ওচৰৰ এখন হোটেললৈ গৈ থকাৰ সময়ত তিনিজন আক্ৰমণকাৰীয়ে তেওঁক খেদি যায় আৰু বেয়াকৈ আঘাত কৰে । যাৰ ফলত তেওঁৰ প্ৰচুৰ ৰক্তক্ষৰণ হয় ।

ওচৰৰ চিচিটিভি কেমেৰাত ৰেকৰ্ড হোৱা আক্ৰমণৰ দৃশ্যবোৰত দেখা গৈছে যে দুৰ্বৃত্তই তেওঁৰ ম’বাইল ফোন আৰু ধন কাঢ়ি লৈ পলাই গৈছে । এই ভিডিঅ' বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । অৱশ্যে হায়দৰাবাদৰ লংগৰ হাউছ আৰক্ষীক এই বিষয়ে সোধাত তেওঁলোকৰ হাতত ইয়াৰ কোনো তথ্য নাই বুলি জনায় ।

আনহাতে, আক্ৰমণৰ ঘটনাটোৰ পিচত চিকাগোৰ ভাৰতীয় কনছুলেটে কয় যে তেওঁলোকে ভুক্তভোগী চৈয়দ মাজাহিৰ আলী আৰু ভাৰতত থকা তেওঁৰ পত্নীৰ সৈতে যোগাযোগত আছে ।

"ভাৰতীয় মিছনে হায়দৰাবাদৰ বাসিন্দা আলী আৰু তেওঁৰ পৰিয়ালক সকলো সম্ভৱ সহায়ৰ আশ্বাস দিছে । কনছুলেট চৈয়দ মাজাহিৰ আলী আৰু ভাৰতত থকা তেওঁৰ পত্নী চৈয়দা ৰুকিয়া ফাতিমা ৰাজভিৰ সৈতে যোগাযোগ কৰি আছে আৰু সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিছে ।" চিকাগোৰ ভাৰতীয় কনছুলেটে এক্স পোষ্টত এনেদৰে লিখিছে ।

আনহাতে, ঘটনাটোৰ তদন্ত কৰি থকা স্থানীয় কৰ্তৃপক্ষৰ সৈতেও কনছুলেটে যোগাযোগ কৰিছে । ইফালে ছ’চিয়েল মিডিয়াত পোহৰলৈ অহা ভিডিঅ'বোৰত দেখা গৈছে যে আলীয়ে ভয়ংকৰ ঘটনাটো বৰ্ণনা কৰি থকাৰ সময়ত তেওঁৰ প্ৰচুৰ ৰক্তক্ষৰণ হৈছে । ছ'চিয়েল মিডিয়াত প্ৰচাৰিত আন এটা ভিডিঅ'ত, ঘটনাটোৰ চিচিটিভি ফুটেজত দেখা গৈছে যে আলীক চিকাগোৰ ৰাজপথত তিনিজন আক্ৰমণকাৰীয়ে খেদি ফুৰিছে । ঘটনাটোৰ অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে ।

উল্লেখ্য যে আমেৰিকাত ভাৰতীয় বংশোদ্ভৱ শিক্ষাৰ্থীসকলৰ বিৰুদ্ধে আক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাৰ সময়তে এই ঘটনাটো সংঘটিত হৈছে । বিগত সপ্তাহত আমেৰিকাত শ্ৰেয়স ৰেড্ডী নামৰ এজন ভাৰতীয় ছাত্ৰ ওহাইঅ'ৰ ছিনচিনাটিত মৃত অৱস্থাত উদ্ধাৰ হয় । অৱশ্যে তেওঁৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে অজ্ঞাত হৈ আছে । বাতৰি অনুসৰি, ৰেড্ডী লিণ্ডাৰ স্কুল অব বিজনেছৰ ছাত্ৰ আছিল ।

নিউয়ৰ্কৰ ভাৰতীয় কনছুলেটে ঘটনাটোৰ বিষয়ে দুখ প্ৰকাশ কৰি কয় যে তেওঁলোকে ৰেড্ডীৰ পৰিয়ালৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আছে আৰু তেওঁলোকক সম্ভৱৰ সকলো সহায় আগবঢ়াইছে । লক্ষণীয়ভাৱে এসপ্তাহৰ ভিতৰতে কোনো ভাৰতীয় শিক্ষাৰ্থীৰ এইটো আছিল তৃতীয়টো মৃত্যুৰ ঘটনা ।

টিপেকেনো কাউণ্টি কৰোনাৰৰ তথ্য অনুসৰি, ৩০ জানুৱাৰীত পাৰ্ডু বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ নীল আচাৰ্যক কেইবাদিনো ধৰি সন্ধানহীন হৈ থকাৰ পিছত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল ।

একেদৰে, ২৯ জানুৱাৰীত আমেৰিকাৰ জৰ্জিয়াৰ লিথোনিয়াৰ এখন দোকানৰ ভিতৰত এজন গৃহহীন ব্যক্তিয়ে হাতুৰীৰে বাৰম্বাৰ আঘাত কৰি বিবেক সাইনী নামৰ আন এজন ভাৰতীয় ছাত্ৰক নিৰ্মমভাৱে হত্যা কৰে । ঘটনাটোৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হয় । কিন্তু ঘটনাটোৰ তাৰিখ নিশ্চিত কৰিব পৰা হোৱা নাই ।

লগতে পঢ়ক :হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু চিলিৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পিনেৰাৰ

Last Updated : Feb 7, 2024, 11:44 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.