ETV Bharat / international

ইৰাণত অস্ত্ৰধাৰীৰ আক্ৰমণত মৃত্যু 9 পাকিস্তানীৰ

author img

By ANI

Published : Jan 28, 2024, 7:51 AM IST

অচিনাক্ত অস্ত্ৰধাৰীৰ আক্ৰমণত ইৰাণৰ দক্ষিণ-পূব সীমান্তৰ অশান্ত অঞ্চলত 9 জন পাকিস্তানী শ্ৰমিকৰ মৃত্যু ৷ পাকিস্তানৰ ৰাষ্ট্ৰদূত মুদ্দাছিৰ টিপুৱে নিহত আটাইকেইজনেই পাকিস্তানী নাগৰিক বুলি নিশ্চিত কৰে ।

ইৰাণত অস্ত্ৰধাৰীৰ আক্ৰমণত মৃত্যু  9 জন পাকিস্তানীৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, 28 জানুৱাৰী: ইৰাণৰ দক্ষিণ-পূব সীমান্তৰ অশান্ত অঞ্চলত শনিবাৰে অচিনাক্ত বন্দুকধাৰীয়ে 9 জন পাকিস্তানী শ্ৰমিকক হত্যা কৰে ৷ চুবুৰীয়া দেশসমূহে সীমা অতিক্ৰম কৰি মাৰাত্মক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ এসপ্তাহতকৈও অধিক সময়ৰ পাছত সংঘটিত হৈছে এই শোকাৱহ ঘটনা ৷ উক্ত ক্ষেপণাস্ত্ৰ নিক্ষেপৰ ঘটনাত দুটা শিশুকে ধৰি কেবাজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

  • Deeply shocked by horrifying killing of 9 Pakistanis in Saravan. Embassy will extend full support to bereaved families. Counsel Zahidan is already on his way to incident site & hospital where injured are under treatment.We called upon 🇮🇷 to extend full cooperation in the matter.

    — Ambassador Mudassir (@AmbMudassir) January 27, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

পাকিস্তানৰ বৈদেশিক মন্ত্ৰণালয়ে কয় যে চুবুৰীয়া দেশখনত সংঘটিত হোৱা “সন্ত্ৰাসবাদীৰ ভয়ংকৰ আৰু ঘৃণনীয় হত্যাকাণ্ড” সন্দৰ্ভত ইৰাণ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে । ইৰাণৰ মেহৰ সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি চিস্তান-বেলুচিস্তান প্ৰদেশৰ ছাৰাভান চহৰৰ ছিৰকান চুবুৰীৰ এটা ঘৰত অচিনাক্ত অস্ত্ৰধাৰীয়ে 9 জনকৈ বিদেশী লোকক হত্যা কৰে । ইৰাণৰ আভ্যন্তৰীণ মন্ত্ৰী আহমদ ৱাহিদীয়ে মৃত্যু হোৱা সকলোলোক “বিদেশী নাগৰিক” বুলি উল্লেখ কৰে ।

পৰৱৰ্তী সময়ত তেহৰাণত থকা পাকিস্তানৰ ৰাষ্ট্ৰদূত মুদ্দাছিৰ টিপুৱে নিহত আটাইকেইজনেই পাকিস্তানী নাগৰিক বুলি নিশ্চিত কৰে । টিপিয়ে কয় যে, "ছাৰাভানত 9 জন পাকিস্তানীৰ ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাত অত্যন্ত আচৰিত হৈছো । দূতাবাসে শোকসন্তপ্ত পৰিয়ালসমূহক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব ।"

  • Saddened over the death of Pakistanis in Iran in a terrorist attack.This heinous attack is an attempt to spoil relations between Pakistan and Iran by our common enemies. While offering condolences to the families of victims, urge the Iranian govt for action. @Amirabdolahian

    — Jalil Abbas Jilani (@JalilJilani) January 27, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

বালুচ অধিকাৰ সংগঠন হালভাছে নিজৰ ৱেবছাইটত মৃত্যু ঘটা শ্ৰমিকসকল পাকিস্তানী শ্ৰমিক বুলি জনায় ৷ আটাইকেইজনে এখন অটো মেৰামতিৰ দোকানত কাম কৰিছিল আৰু তাতে বাস কৰিছিল বুলি জানিব পৰা গৈছে । এই ঘটনাত আন তিনিজন আহত বুলিও জানিব পৰা গৈছে ।

উল্লেখ্য যে, অৱশ্যে যোৱা সোমবাৰে দুয়োখন দেশে তেওঁলোকে সমস্যা কম কৰাৰ বাবে সিদ্ধান্ত লৈছে বুলি ঘোষণা কৰে আৰু দুয়োগৰাকী ৰাষ্ট্ৰদূতে নিজৰ পদলৈ ঘূৰি আহি কূটনৈতিক অভিযান পুনৰ আৰম্ভ কৰিছে ।

লগতে পঢ়ক: মধ্যপ্ৰাচ্যৰ সংঘাতে প্ৰভাৱিত কৰিছে ভাৰত মহাসাগৰত যাতায়াতৰ সুৰক্ষাক; ইউএনএছচিত ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.