ETV Bharat / international

ছুডান-দক্ষিণ ছুডানৰ মাজত অৱস্থিত বিবাদমান এলেকাত গোষ্ঠী সংঘৰ্ষ, 52 জন নিহত - ছুডান

Conflict Disputed region of Abyei : ছুডান আৰু দক্ষিণ ছুডানৰ মাজত অৱস্থিত আবাই এলেকাত গোষ্ঠী সংঘৰ্ষ ৷ ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষীসহ প্ৰায় 52 জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে ৷

gunmen attacked villagers in disputed region of abyei
চুডান দক্ষিণ চুডানৰ মাজত অৱস্থিত বিবাদমান এলেকাত গোষ্ঠী সংঘৰ্ষ
author img

By PTI

Published : January 29, 2024 at 7:59 AM IST

Updated : January 29, 2024 at 11:31 AM IST

2 Min Read

ইন্টাৰনেশ্যনেল ডেস্ক, 29 জানুৱাৰী : ভূমি বিবাদক কেন্দ্ৰ কৰি আবাইত সংঘৰ্ষ ৷ ফলত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষীসহ প্ৰায় 52 জন লোক নিহত আৰু 68 জন আহত হয় ৷ উল্লেখ্য যে, আবাইৰ হৈছে ছুডান আৰু দক্ষিণ ছুডানৰ মাজত অৱস্থিত ৰাষ্ট্ৰসংঘৰ নিয়ন্ত্ৰণাধীন এক এলেকা ৷ উক্ত অঞ্চলটোত পোৱা যায় খাৰুৱা তেল ৷ যাৰ বাবে আবাই নামৰ এলেকাটোক লৈ ছুডান আৰু দক্ষিণ ছুডানৰ মাজত সংঘাত প্ৰায়ে চলি থাকে ৷

শনিবাৰৰ ঘটনাৰ সন্দৰ্ভত এজন বিষয়াই জনোৱা অনুসৰি, ছুডান আৰু দক্ষিণ ছুডান দুয়োখনেই দাবী কৰা আবাইত এক অস্ত্ৰধাৰী দুৰ্বৃত্তই আক্ৰমণ চলাই সাধাৰণ লোকৰ ওপৰত ৷ ফলত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষীসহ প্ৰায় 52 জন লোক নিহত আৰু 68 জন আহত হয় । ভূমি বিবাদৰ বাবে এই আক্ৰমণ চলোৱাৰ সন্দেহ কৰা হৈছে ৷

আবাইৰ তথ্য মন্ত্ৰী বুলিছ কোচে সংবাদ মধ্যমৰ আগত কয় যে, অঞ্চলটোত গোষ্ঠীগত সংঘৰ্ষ সঘনাই দেখা পোৱা যায় ৷ য'ত চুবুৰীয়া ৱাৰ্ৰাপ ৰাজ্যৰ টুইক ডিংকা জনজাতীয় সদস্যসকল সীমান্তত অৱস্থিত আবাইৰ নগক ডিংকাৰ সৈতে ভূমি বিবাদত লিপ্ত হয় । শনিবাৰে সংঘটিত হিংসাত্মক ঘটনাত আক্ৰমণকাৰীসকল নুয়েৰ জনজাতিৰ সশস্ত্ৰ যুৱক আছিল ৷ যিসকলে বিগত বছৰ বানপানীৰ বাবে ৱাৰ্ৰাপ ৰাজ্যলৈ প্ৰব্ৰজন কৰিছিল ৷

এক বিবৃতিত ৰাষ্ট্ৰসংঘৰ অন্তৱৰ্তীকালীন নিৰাপত্তা বাহিনী ফৰ আবাই (ইউএনআইএছএফএ) শান্তিৰক্ষীক হত্যা কৰা হিংসাক গৰিহণা দিয়ে। ইউ এন আই এফ এছে নিশ্চিত কৰিছে যে নিনকুয়াক, মাজবং আৰু খাদিয়ান অঞ্চলত সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হৈছিল যাৰ ফলত হতাহত হৈছিল বহু সাধাৰণ লোকো ৷ ইফালে ক্ষতিগ্ৰস্ত ৰাইজক ইউ এন আই এছ এফ এ শিবিৰলৈ স্থানান্তৰ কৰা হৈছিল ৷

উল্লেখ্য যে, 2005 চনৰ শান্তি চুক্তিৰ ফলত ছুডানৰ উত্তৰ আৰু দক্ষিণৰ মাজত কেইবা দশকধৰি চলি থকা গৃহযুদ্ধৰ সমাপ্তি ঘটিছে, সেয়েহে ছুডান আৰু দক্ষিণ ছুডানে আবাই অঞ্চলৰ নিয়ন্ত্ৰণক লৈ সংঘাত আৰম্ভ হৈছে । ছুডান আৰু দক্ষিণ ছুডান দুয়োটাই আবাইৰ অঞ্চলৰ মালিকীস্বত্ব দাবী কৰে ৷

লগতে পঢ়ক : আমেৰিকাৰ যুদ্ধজাহাজত মিছাইল নিক্ষেপ হুথি বিদ্ৰোহীৰ

Last Updated : January 29, 2024 at 11:31 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.