ETV Bharat / international

ৰাজস্থানত ইউ পি আইৰ জৰিয়তে সামগ্ৰী ক্ৰয় কৰিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে !

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 10:48 AM IST

French President Emmanuel Macron : আজি ভাৰতলৈ আহিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন ৷ ভাৰতৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে আজিয়ে ভাৰতত উপস্থিত হ’ব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰন ৷

French President Emmanuel Macron will attend the Republic Day parade as the chief guest
আজি ভাৰতলৈ আহিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

নিউজ ডেস্ক, 25 জানুৱাৰী : মাজত মাত্ৰ কেইটামান ঘন্টা, শুকুৰবাৰে সমগ্ৰে দেশে উদযাপন কৰিব গণৰাজ্য বা গণতন্ত্ৰত দিৱস ৷ 1950 চনৰ 26 জানুৱাৰীতে ভাৰতৰ সংবিধানখন গৃহীত হৈছিল ৷ সেয়ে উক্ত দিনটো সমগ্ৰ দেশে গণতন্ত্ৰ দিৱস হিচাপে উদযাপন কৰি আহিছে ৷ এইবাৰ গণতন্ত্ৰত দিৱসৰ পেৰেড অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন ৷

ভাৰতৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে আজিয়ে ভাৰতত উপস্থিত হ’ব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰন ৷ ইফালে দিল্লীত উপস্থিত হোৱাৰ পাচত এক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আজিয়ে ৰাজস্থানলৈ যাব ৰাষ্ট্ৰপতিগৰাকী ৷ ফ্ৰান্সৰ ৰাষ্ট্ৰনেতাগৰাকীয়ে বিয়লি ৰাজস্থানৰ ৰাজধানীত উপস্থিত হৈ অম্বৰ ফৰ্ট অভিমুখে ৰাওনা হ’ব ।

এম্বাৰ ফৰ্টত, তেওঁ এক সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰণি জনোৱাৰ লগতে এম্বাৰ ফৰ্টৰ দিৱান-ই-খাছত স্থানীয় শিল্পকলাৰ এখন প্ৰদৰ্শনীও প্ৰত্যক্ষ কৰিব । য’ত স্থানীয় শিল্পকলাৰ প্ৰদৰ্শীত কৰিব ৷ অম্বৰ ফৰ্ট ভ্ৰমণৰ পিছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে যন্তৰ মন্তৰলৈ যাব, য'ত তেওঁক প্ৰধানমন্ত্ৰী মোদীয়ে আদৰণি জনাব ৷

তাৰ পিচত দুয়োগৰাকী নেতাই হাৱা মহললৈ যাব ৷ য’ত স্থানীয় লোকৰ দোকানৰ পৰা ইউ পি আই (UPI) ৰ জৰিয়তে সামগ্ৰী ক্ৰয় কৰাৰ সম্ভাৱনা আছে ৷ নিশা ভাগলৈ ৰাষ্ট্ৰপতি মেক্ৰ'নে ৰামবাগ প্ৰাসাদ অভিমুখে যাত্ৰা কৰিব ৷ প্ৰধানমন্ত্ৰী মোদীৰ আমন্ত্ৰণ ৰক্ষা কৰি ৰাষ্ট্ৰপতি মেক্ৰ'নে ৰামবাগ প্ৰাসাদত আয়োজন কৰা নৈশ ভোজত অংশগ্ৰহণ কৰিব ।

ইফালে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ পূৰ্বে গুলপীয়া চহৰ হিচাপে খ্যাত জয়পুৰ ন-কন্যাৰ দৰে সজাই পৰাই তোলা লগতে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ৷ উল্লেখ্য যে, এইবাৰো গণৰাজ্য দিৱসৰ পেৰেডত দেখিবলৈ পোৱা যাব ফ্ৰান্সৰ সশস্ত্ৰ বাহিনীৰ এটা দল ৷

লগতে পঢ়ক : তেলেংগানাত বৃহৎ পৰিমাণৰ ধনৰ সৈতে চৰকাৰী বিষয়াক গ্ৰপ্তাৰ দুৰ্নীতিবিৰোধী ব্যুৰোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.