ETV Bharat / bharat

তেলেংগানাত বৃহৎ পৰিমাণৰ ধনৰ সৈতে চৰকাৰী বিষয়াক গ্ৰপ্তাৰ দুৰ্নীতিবিৰোধী ব্যুৰোৰ

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 9:49 AM IST

Anti Corruption Bureau Conducting the operation : তেলেংগনাৰ 14 টাকৈ স্থানত দুৰ্নীতিবিৰোধী ব্যুৰোৰ অভিযান ৷ বৃহৎ পৰিমাণৰ ধনৰ সৈতে তেলেংগানাৰ ৰাজ্যিক ৰিয়েল ইষ্টেট নিয়ামক কৰ্তৃপক্ষক এছ বালাকৃষ্ণক গ্ৰেপ্তাৰ কৰে এ চি বিয়ে ৷

anti corruption bureau conducting the operation
তেলেংগানাত বৃহৎ পৰিমাণৰ ধনৰ সৈতে চৰকাৰী বিষয়াক গ্ৰপ্তাৰ দুৰ্নীতি বিৰোধী সংস্থাৰ

নিউজ ডেস্ক, 25 জানুৱাৰী : তেলেংগানাত বৃহৎ পৰিমাণৰ ধনৰ সৈতে এজন চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে দুৰ্নীতি বিৰোধী ব্যুৰো চমুকৈ এ চি বিৰ তেলেংগানা গোটে ৷ বুধবাৰে এ চি বিয়ে তেলেংগানাৰ ৰাজ্যিক ৰিয়েল ইষ্টেট নিয়ামক কৰ্তৃপক্ষ চমুকৈ টি এছ আৰ ই আৰ এৰ সচিব আৰু মেট্ৰ' ৰে'লৰ পৰিকল্পনা বিষয়া এছ বালাকৃষ্ণৰ বাসগৃত অভিযান চলাইছিল ৷ অভিযানৰ সময়ত বালাকৃষ্ণৰ বাসগৃতৰ পৰা 100 কোটিৰ সম্পত্তি জব্দ কৰিছে এ চি বিয়ে ৷

উল্লেখ্য যে, বালাকৃষ্ণ পূৰ্বে হায়দৰাবাদ মেট্ৰ'পলিটান ডেভেলপমেণ্ট অথৰিটিত নগৰ পৰিকল্পনাৰ সঞ্চালক বিষয়া হিচাপে কাম কৰিছিল । দুৰ্নীতি বিৰোধী সংস্থাটোৱে বুধবাৰে 14 টাকৈ স্থানত অভিযান চলাইছিল ৷ একে সময়তে বালাকৃষ্ণৰ ঘৰ, কাৰ্যালয়, তেওঁৰ আত্মীয়সকলৰ ঘৰৰ চৌহদতো অভিযান চলোৱা হৈছিল ৷

এই অভিযানৰ অন্তত দুৰ্নীতিবিৰোধী ব্যুৰোৱে 100 কোটি টকাৰো অধিক সম্পত্তি জব্দ কৰা হয় । বৰ্তমানলৈকে প্ৰায় 40 লাখ টকা নগদ ধন, 2 কিলোগ্ৰাম সোণ, স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ নথিপত্ৰ, 60 টা ব্যয়বহুল হাতঘড়ী, 14 টা ম’বাইল ফোন আৰু 10 টা লেপটপ জব্দ কৰিছে অভিযানকাৰী দলটোৱে ৷

আনহাতে, এ চি বিয়ে কমেও বিষয়াজনৰ চাৰিটাকৈ বেংকত লকাৰ আছে বুলি জানিবলৈ দিছে ৷ কিন্তু বিষয়াজনৰ বেংক লকাৰ এতিয়াও খোলা হোৱা নাই ৷ ধাৰণা কৰা হৈছে যে অতি সোনকালে লকাৰ কেইটা খোলা হ’ব ৷ ইফালে, এ চি বিয়ে বালাকৃষ্ণৰ বাসগৃহত ধন গণনা যন্ত্ৰও জব্দ কৰিছে ৷ যেতিয়া হায়দৰাবাদ মেট্ৰ'পলিটান ডেভেলপমেণ্ট অথৰিটিতৰ বিষয়া হিচাপে কৰ্মৰত হৈ থকা অৱস্থাৰ পৰাই এছ বালাকৃষ্ণই দুৰ্নীতি লিপ্ত হোৱাৰ অভিযোগ উঠিছিল ৷

ইফালে, বৃহস্পতিবাৰ অৰ্থাৎ আজিও বিভিন্ন স্থানত পুনৰ অভিযান চলোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : দুৰ্ঘটনা ৰোধ কৰিবলৈ গৈ নিজেই দুৰ্ঘটনাত পতিত হ’ল মমতা বেনাৰ্জী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.