ETV Bharat / bharat

দুৰ্ঘটনা ৰোধ কৰিবলৈ গৈ নিজেই দুৰ্ঘটনাত পতিত হ’ল মমতা বেনাৰ্জী

author img

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 9:09 PM IST

Mamata Banerjee injured : দুৰ্ঘটনাত পতিত হ’ল মমতা বেনাৰ্জী ৷ দুৰ্ঘটনা ৰোধ কৰিবলৈ গৈ মুখ্যমন্ত্ৰীগৰাকীৰ বাহনখন দুৰ্ঘটনাত পতিত হয় ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সম্প্ৰতি কলকাতা অভিমুখে ৰাওনা হৈছে ৷

Etv BharatMamata Banerjee injured
দুৰ্ঘটনা ৰোধ কৰিবলৈ গৈ নিজেই দুৰ্ঘটনাত পতিত হ’ল মমতা বেনাৰ্জী

নেশ্যনেল ডেস্ক, 24 জানুৱাৰী : সততে বাতৰিৰ শিৰোনাম দখল কৰা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আজি এক দুৰ্ঘটনাত পতিত হয় ৷ বুধবাৰে আন এখন বাহনৰ সৈতে দুৰ্ঘটনা ৰোধ কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হয় মুখ্যমন্ত্ৰীৰ বাহনখন ৷ ফলত মুখ্যমন্ত্ৰীগৰাকী কঁপালত আঘাতপ্ৰাপ্ত হয় ৷

মুখ্য়মন্ত্ৰীগৰাকীয়ে চালকজনৰ কাষত বহি গৈ থকাৰ বাবে বেনাৰ্জীৰ মূৰটো উইণ্ডস্ক্ৰীণত খুন্দা খায় ৷ লগে লগে আঘাতপ্ৰাপ্ত অৱস্থাত মুখ্যমন্ত্ৰীগৰাকীক কলকাতালৈ ঘূৰাই অনা হয় ৷ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসালয়ত চিকিৎসা কৰে বুলি জানিব পৰা গৈছে ৷ সূত্ৰ অনুসৰি, চালকজনে হঠাতে গাড়ীখনৰ ব্ৰেক মাৰোঁতে, মুখ্যমন্ত্ৰীৰ মূৰটো চালকৰ আসনৰ পিচফালে খুন্দা মাৰে ৷

বুধবাৰে পুৱা মুখ্যমন্ত্ৰীয়ে বৰ্ধমানত উপস্থিত হৈছিল, কিন্তু বতৰ বেয়া হোৱাৰ বাবে হেলিকপ্টাৰখন উৰা মাৰিব নোৱাৰিলে। গতিকে মমতা বেনাৰ্জীয়ে তেওঁৰ ব্যক্তিগত বাহনেৰে ৰাস্তাৰে কলকাতালৈ উভতি যোৱাৰ সিদ্ধান্ত লৈছিল । বিগত বছৰত জুন মাহত উত্তৰ বংগৰ চালুগাৰাত প্ৰতিৰক্ষা বাহিনীৰ এয়াৰবেচত প্ৰতিকূল বতৰৰ বাবে জৰুৰী অৱতৰণ কৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে তেওঁৰ হেলিকপ্টাৰৰ পৰা নামিবলৈ চেষ্টা কৰোঁতে ভৰিত আঘাত পাইছিল।

ইফালে ইয়াৰ পূৰ্বে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া ব্লকত ৰাজ্যিক পৰ্যায়ত আসন বিতৰণৰ ব্যৱস্থা নহ'ব । কিন্তু তেওঁ এতিয়াও ৰাষ্ট্ৰীয় পৰ্যায়ত বিৰোধী ভাৰত ব্লকৰ অংশ হৈ থাকিব বুলিও কয় । তেওঁ কয় যে তেওঁৰ দলে ৰাজ্যখনৰ আটাইকেইখন লোকসভা আসনত অকলে নিৰ্বাচনত যুঁজিব । আনহাতে, দেশৰ সবাতোকৈ পুৰণি দলটোৰ সৈতে তেওঁৰ আসন ভাগ-বতৰা সন্দৰ্ভত কোনো আলোচনা হোৱা নাই বুলি তেওঁ উল্লেখ কৰে ।

"কংগ্ৰেছ দলৰ সৈতে মোৰ কোনো আলোচনা হোৱা নাই । মই সদায় কৈ আহিছোঁ যে বংগত আমি অকলে যুঁজ দিম ।" মমতাই দৃঢ়তাৰে কয় ।আনহাতে, পশ্চিমবংগৰ মাজেৰে পাৰ হ'বলগীয়া কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ যাত্ৰা সন্দৰ্ভত কোনো তথ্য নোলোৱাৰ বিষয়েও তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে ।

লগতে পঢ়ক: ৰাষ্ট্ৰীয় মিত্ৰজোঁটৰ অংশ হ'লেও বংগত ইণ্ডিয়াৰ সৈতে কোনো মিত্ৰতা নাই; মমতা বেনাৰ্জী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.