ETV Bharat / international

পত্নীসহ প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰান খানক ১৪ বছৰৰ কাৰাদণ্ড

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 3:49 PM IST

Imran Khan and Wife Gets 14-Year Prison Sentence: তৃতীয়বাৰৰ বাবে দোষী সাব্যস্ত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান আৰু পত্নী, দুয়োকে ১৪ বছৰৰ কাৰাদণ্ড ৷

Former Pakistani Prime Minister Imran Khan And Wife Gets 14-Year Prison Sentence In Third Conviction
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান

ইণ্টাৰনেশ্যনেল ডেস্ক, 31 জানুৱাৰী : দুৰ্নীতিৰ অপৰাধত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান আৰু তেওঁৰ পত্নীক ১৪ বছৰৰ কাৰাদণ্ড বিহা হৈছে ৷ আনহাতে এখন বিশেষ আদালতে ইমৰান খানক ৰাষ্ট্ৰৰ গোপনীয়তা প্ৰকাশ কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰি ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে । আদালতৰ এই ৰায়ক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে খান ।

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান আৰু তেওঁৰ পত্নীক দুৰ্নীতিৰ অপৰাধত ১৪ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে বুলি তেওঁৰ অধিবক্তা আৰু কাৰাগাৰৰ বিষয়াসকলে প্ৰকাশ কৰিছে । আন এখন বিশেষ আদালতে খানক ৰাজ্যিক গোপনীয়তা ফাদিল কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰি ১০ বছৰৰ কাৰাদণ্ড বিহিছে ৷

২০২২ চনত ক্ষমতাৰ পৰা বহিষ্কাৰ কৰাৰ পিচত শেহতীয়া এই দোষী সাব্যস্ত কৰি শাস্তি বিহাৰ ঘটনাটো খানৰ বাবে তৃতীয়টো ঘটনা আছিল ৷ শেহতীয়া গোচৰটোত খান আৰু তেওঁৰ পত্নীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ক্ষমতাত থকাৰ সময়ত ৰাজ্যিক উপহাৰ ধৰি ৰখা আৰু বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছিল ।

আদালতে খানক পাকিস্তানৰ ৮ ফেব্ৰুৱাৰীৰ সংসদীয় নিৰ্বাচনৰ পূৰ্বে যিকোনো ৰাজহুৱা পদত অধিষ্ঠিত হোৱাৰ বাবে এবছৰলৈ অযোগ্য ঘোষণা কৰে । খানৰ অধিবক্তা বাবৰ আৱানে কৈছিল যে প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক দোষী সাব্যস্ত কৰি ইমান খৰখেদাকৈ দণ্ডিত কৰা হৈছিল যে বিচাৰকজনে তেওঁৰ আইনী দলৰ আগমনৰ বাবেও অপেক্ষা নকৰিলে ।

তেওঁ কয় যে খানৰ মানৱ আৰু মৌলিক অধিকাৰ উলংঘা কৰা হৈছে ৷ শেহতীয়াকৈ দোষী সাব্যস্ত কৰা আৰু শাস্তি প্ৰদানক উচ্চ আদালতত প্ৰত্যাহ্বান জনোৱা হ’ব । তেওঁ লগতে কয়, "এনেকুৱা লাগিছে যে বিচাৰকজনে ৰায়দান দিবলৈ খৰখেদা কৰিছিল ।"

খানৰ পাকিস্তান তেহৰিক-ই-ইনছাফ দল বা পিটিআইৰ মুখ্য মুখপাত্ৰ জুলফিকাৰ বুখাৰীয়েও দোষী সাব্যস্ত হোৱা আৰু শাস্তি প্ৰদান কৰাটো নিশ্চিত কৰে । কৰ্তৃপক্ষই জনোৱা মতে, খান আৰু তেওঁৰ পত্নী বুছৰা বিবিৰ বিৰুদ্ধে ছৌদি আৰৱ চৰকাৰৰ গহনা আৰু ঘড়ীকে ধৰি ৰাষ্ট্ৰীয় উপহাৰ ৰখাৰ অভিযোগ উত্থাপন হোৱাৰ তিনি সপ্তাহৰ পিচতে শেহতীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।

শেহতীয়া আদালতৰ নিৰ্দেশ খানৰ বাবে আন এক আঘাত । চলিত মাহৰ আৰম্ভণিতে গেৰিছন চহৰ ৰাৱালপিণ্ডিৰ কাৰাগাৰৰ আদালতত অভিযোগ পাঠ কৰাৰ সময়ত তেওঁ আৰু বিবিয়ে নিজকে দোষমুক্ত বুলি স্বীকাৰ কৰিছিল । ন্যায়াধীশে ৰায় ঘোষণা কৰাৰ সময়ত আদালতত খান উপস্থিত আছিল ৷

২০২২ চনৰ এপ্ৰিলত সংসদত অনাস্থা ভোটত খানক ক্ষমতাৰ পৰা বহিষ্কাৰ কৰা হৈছিল । দোষী সাব্যস্ত হোৱা আৰু শাস্তি প্ৰদান কৰা স্বত্বেও তেওঁ জনপ্ৰিয় হৈ আছে ৷ বৰ্তমান দুৰ্নীতিৰ দোষী সাব্যস্ত হৈ কাৰাবাস খাটি আছে আৰু তেওঁৰ ওপৰত আন একাধিক আইনী গোচৰো চলি আছে ।

লগতে পঢ়ক : আৰৱ সাগৰত ছোমালিয়ান জলদস্যুৰ পৰা পাকিস্তানী কৰ্মচাৰীক মুক্ত কৰে ভাৰতীয় নৌসেনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.