ETV Bharat / international

দক্ষিণ কোৰিয়াৰ সাগৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ F-16 যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত

author img

By PTI

Published : Jan 31, 2024, 10:11 AM IST

F-16 fighter jet crashes : দক্ষিণ কোৰিয়াৰ দক্ষিণ-পশ্চিম উপকূলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ F-16 যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হয় ৷ ইতিমধ্যে দুৰ্ঘটনাত পতিত যুঁজাৰু বিমানখনৰ পৰা এজন পাইলট সুৰক্ষিতভাবে উদ্ধাৰ কৰা হয় ৷

F-16 fighter jet crashes
দক্ষিণ কোৰিয়াৰ সাগৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এফ-১৬ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত

আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 31 জানুৱাৰী : বুধবাৰে দক্ষিণ কোৰিয়াৰ দক্ষিণ-পশ্চিম উপকূলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ F-16 যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হয় ৷ ইতিমধ্যে দুৰ্ঘটনাত পতিত যুঁজাৰু বিমানখনৰ পৰা এজন পাইলট সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয় ৷ জানিব পৰামতে, দুমাহৰো কম সময়ৰ ভিতৰত এইটো দ্বিতীয় বিমান দুৰ্ঘটনা ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ অষ্টম যুঁজাৰু শাখাই এক বিবৃতিযোগে কয় যে, ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ পৰা পাইলটজন উদ্ধাৰ কৰি স্বাস্থ্য় পৰীক্ষাৰ বাবে চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হৈছিল । আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ মিছন অংশীদাৰসকলৰ সৈতে পাইলটজনক উদ্ধাৰ কৰিবলৈ তৎপৰ হৈ পৰিছিল ৷ বিমানখন বন্দৰ চহৰ গুনচানৰ ওচৰত সাগৰত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পূৰ্বে পাইলটগৰাকীক উদ্ধাৰ কৰা হয় ৷ সম্প্ৰতি দুৰ্ঘটনাটো কি কাৰণে সংঘটিত হৈছিল তাৰ সন্দৰ্ভত অনুসন্ধান কৰা হৈছে ৷

কমাণ্ডাৰ শাখা কৰ্ণেল মেথিউ চি গেটকে কয় এই দুৰ্ঘটনাৰ ঘটনাৰ সন্দৰ্ভত কয়, "আমি কোৰিয়া গণৰাজ্যৰ উদ্ধাৰকাৰী বাহিনী আৰু আমাৰ সকলো সতীৰ্থৰ প্ৰতি অত্যন্ত কৃতজ্ঞ যিয়ে আমাৰ পাইলটৰ দ্ৰুত পুনৰুদ্ধাৰ সম্ভৱ কৰি তুলিছে । এতিয়া আমি বিমানখনৰ সন্ধান আৰু পুনৰুদ্ধাৰৰ ওপৰত আমাৰ গুৰুত্ব দিব পাৰিম ।"

উল্লেখ্য যে ইয়াৰ পূৰ্বে হাৰ্ড লেণ্ডিঙৰ বাবে আমেৰিকাৰ কাহুলুই বিমান বন্দৰত 6 জনকৈ যাত্ৰী আহত হৈছে ৷ হাৱাইৰ কাহুলুই বিমানবন্দৰত আমেৰিকান এয়াৰলাইনছৰ এখন বিমানে হাৰ্ড লেণ্ডিঙৰ পিচত এজন যাত্ৰীসহ পাঁচজনকৈ বিমান সেৱক আহত হয় ।

এই ঘটনাৰ পাচতে তদন্ত আৰম্ভ কৰিছে আমেৰিকান এয়াৰলাইনছৰ কৰ্তৃপক্ষই ৷ 271 নম্বৰৰ বিমানখনে অ' জি জিত অৱতৰণৰ সময়তে সমস্যাৰ সন্মুখীন হৈছিল । যাৰ বাবে হাৰ্ড লেণ্ডিং কৰিবলগীয়া হ’ল বিমানখন ৷

লগতে পঢ়ক: আমেৰিকাৰ এখন বিমান অৱতৰণৰ সময়ত যাত্ৰীসহ 6 জনকৈ লোক আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.