ETV Bharat / international

আমেৰিকাৰ এখন বিমান অৱতৰণৰ সময়ত যাত্ৰীসহ 6 জনকৈ লোক আহত

author img

By ANI

Published : Jan 29, 2024, 7:06 AM IST

American Airlines flight makes hard landing : হাৰ্ড লেণ্ডিঙৰ বাবে আমেৰিকাত 6 জনকৈ যাত্ৰী আহত হৈছে ৷ হাৱাইৰ কাহুলুই বিমানবন্দৰত আমেৰিকান এয়াৰলাইনছৰ এখন বিমানে হাৰ্ড লেণ্ডিঙৰ পিছত এজন যাত্ৰীসহ পাঁচজনকৈ বিমান সেৱক আহত হয় ।

american airlines flight makes hard landing at hawaii kahului airport
আমেৰিকাৰ এখন বিমান অৱতৰনৰ সময়ত যাত্ৰীসহ 6 জনকৈ লোক আহত

ইন্টাৰনেশ্যনেল ডেস্ক, 29 জানুৱাৰী : বৃহৎ অঘটনৰ পৰা কথমপি ৰক্ষা পৰিল আমেৰিকাৰ এখন বিমান ৷ হাৰ্ড লেণ্ডিঙৰ বাবে 6 জনকৈ যাত্ৰী আহত হৈছে ৷ এই ঘটনা সংঘটিত হৈছে আমেৰিকাৰ কাহুলুই বিমান বন্দৰত ৷ চি এন এনৰ বাতৰি অনুসৰি, শনিবাৰে হাৱাইৰ কাহুলুই বিমানবন্দৰত আমেৰিকান এয়াৰলাইনছৰ এখন বিমানে হাৰ্ড লেণ্ডিঙৰ পিছত এজন যাত্ৰীসহ পাঁচজনকৈ বিমান সেৱক আহত হয় ।

চি এন এনৰ বাতৰি, "লছ এঞ্জেলছ চমুকৈ এল এ এক্সৰ পৰা মাউলৈ (অ' জি জি) উৰা মাৰিছিল ৷ 271 নম্বৰৰ বিমানখনে অ' জি জিত অৱতৰণৰ সময়তে সমস্যাৰ সন্মুখীন হৈছিল । যাৰ বাবে হাৰ্ড লেণ্ডিঙ কৰিবলগীয়া হ’ল বিমানখন ৷ যিটো যাত্ৰীসকলে কেতিয়াও ভবা নাছিল ৷ ইফালে বিমানখনত ১৬৭ জন যাত্ৰী আৰু সাতজন ক্ৰু’ সদস্য আছিল।"

ইয়াৰ পাচতেই আহত ছয়জন লোকক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় ৷ এই ঘটনাৰ পাচতে তদন্ত আৰম্ভ কৰিছে আমেৰিকান এয়াৰলাইনছৰ কৰ্তৃপক্ষই ৷ বিমানখনত আমাৰ তত্বাৱধানত থকা দলৰ দ্বাৰা পৰিদৰ্শনৰ বাবে সেৱাৰ পৰা বাহিৰ লৈ যোৱা হৈছিল বুলি বিমান কোম্পানীটোৱে সদৰী কৰিছে ৷ এক প্ৰেছ বিবৃতিৰ যোগে কোম্পানীটোৱে কয় যে, যাত্ৰী আৰু বিমান ক্ৰুৰ’ সদস্যসকলৰ সুৰক্ষা আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ ৷ সেয়ে কিয় বিমানখনে হাৰ্ড লেণ্ডিঙ কৰিবলগীয়া হ’ল সেয়া তদন্ত হ’ব ৷

ইফালে ঘটনাৰ সন্দৰ্ভত হাৱাইৰ বিমান বন্দৰ নিশ্চিত কৰিছে যে, শনিবাৰে বিয়লি বিমান বন্দৰত এখন বিমান হাৰ্ড লেণ্ডিং কৰিছিল । যাৰ বাবে 6 জনকৈ লোক আহত হয় ৷

লগতে পঢ়ক : ছুইডেনৰ নাটোত প্ৰৱেশত সঁহাৰি; আমেৰিকাই তুৰস্কক বিক্ৰী কৰিব এফ১৬ যুদ্ধ বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.