ETV Bharat / international

জিন কেৰল মানহানি গোচৰ; ডোনাল্ড ট্ৰাম্পে ভৰিব লাগিব অতিৰিক্ত ৮৩.৩ নিযুত মাৰ্কিন ডলাৰ

author img

By PTI

Published : Jan 27, 2024, 8:20 AM IST

ডোনাল্ড ট্ৰাম্পে ভৰিব লাগিব অতিৰিক্ত 83.3 নিযুত মাৰ্কিন ডলাৰ
ডোনাল্ড ট্ৰাম্পে ভৰিব লাগিব অতিৰিক্ত 83.3 নিযুত মাৰ্কিন ডলাৰ

Jean Carroll Case : উল্লেখ্য যে কেৰলে উত্থাপন কৰা এই গোচৰটোত যোৱা বছৰ আন এক জুৰীয়ে যৌন নিৰ্যাতন আৰু মানহানিৰ অভিযোগত ট্ৰাম্পক ৫ নিযুত আমেৰিকান ডলাৰ জৰিমনা বিহি ৰায় প্ৰদান কৰিছিল । এতিয়া ট্ৰাম্পে নতুন ৰায়ত পূৰ্বৰ পৰিমাণৰ সৈতে অতিৰিক্ত 88.3 নিযুত ডলাৰ পৰিশোধ কৰিব লাগিব ।

ইণ্টাৰনেচনেল ডেস্ক, ২৭ জানুৱাৰী : শুকুৰবাৰে প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক ম্যানহাটানৰ ডিপাৰ্টমেণ্টেল ষ্টোৰত যৌন নিৰ্যাতনৰ অভিযোগত একৰ জুৰীয়ে ৮৩.৩ মিলিয়ন মাৰ্কিন ডলাৰ জৰিমনা বিহিছে । উল্লেখ্য যে দীৰ্ঘদিন ধৰি পৰামৰ্শমূলক স্তম্ভলেখক হিচাপে পৰিচিত ই জিন কেৰলে ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছিল । আনহাতে, এই অভিযোগৰ বিৰুদ্ধে ডোনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমত অব্যাহত ৰখা আক্ৰমণৰ বাবে জুৰীয়ে তীব্ৰ ভর্ৎসনা কৰি ই জিন কেৰলক ৮৩.৩ নিযুত আমেৰিকান ডলাৰ অতিৰিক্তভাৱে প্ৰদানৰ নিৰ্দেশ দিয়ে ।

উল্লেখ্য যে কেৰলে উত্থাপন কৰা এই গোচৰটোত যোৱা বছৰ আন এক জুৰীয়ে যৌন নিৰ্যাতন আৰু মানহানিৰ অভিযোগত ট্ৰাম্পক ৫ নিযুত আমেৰিকান ডলাৰ জৰিমনা বিহি ৰায় প্ৰদান কৰিছিল । এতিয়া ট্ৰাম্পে নতুন ৰায়ত পূৰ্বৰ পৰিমাণৰ সৈতে অতিৰিক্ত 88.3 নিযুত ডলাৰ পৰিশোধ কৰিব লাগিব । অৱশ্যে ডোনাল্ড ট্ৰাম্পে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰি কয় যে তেওঁ এই ৰায়ৰ বিৰুদ্ধে আপীল কৰিব ।

আনহাতে, দুগৰাকী মহিলাসহ সাতজনীয়া জুৰীয়ে এই ৰায় প্ৰদানৰ পিছত ৮০ বছৰীয়া কেৰল আৱেগিক হৈ পৰে । ৰায়ৰ পিছত আৱেগ আৰু আনন্দত তেওঁ উচুপি উঠে ।

অৱশ্যে তেওঁ ম্যানহাটান ফেডাৰেল কোৰ্ট হাউছৰ পৰা যোৱাৰ সময়ত এই বিষয়ত মন্তব্য প্ৰদানৰ পৰা বিৰত থাকে । কিন্তু পিছত তেওঁ জাৰি কৰা এক বিবৃতি কয়, "এয়া তেনেকুৱা প্ৰতিগৰাকী নাৰীৰ বাবে এক ডাঙৰ বিজয়, যিয়ে তেওঁক পদানত কৰি ৰাখিবৰ বাবে চেষ্টা কৰাসকলৰ বিৰুদ্ধে যুঁজিছে । আনহাতে, তেনে প্ৰতিগৰাকী উৎপীড়কৰ বাবে এয়া এক ডাঙৰ পৰাজয়, যিয়ে নাৰীক তলত ৰাখিবলৈ উৎপীড়ন চলাবলৈ চেষ্টা কৰে । ট্ৰাম্পে গোচৰটোৰ শুনানিৰ বাবে দিনটোৰ আৰম্ভণিতে আদালতত উপস্থিত হয় । কিন্তু কেৰলৰ এটৰ্ণীয়ে সামৰণি বিতৰ্ক আগবঢ়োৱাৰ পিছত ৰায় ঘোষণাৰ সময়ত তেওঁ আদালতৰ পৰা ওলাই যায় । তেওঁ নিজৰ এটৰ্ণীৰ সামৰণি বিতৰ্ক আৰু ইয়াৰ ওপৰত আলোচনাৰ এটা অংশৰ বাবে আদালতলৈ উভতি আহে যদিও ৰায়টো ঘোষণাৰ আধা ঘণ্টা পূৰ্বে আদালতৰ পৰা ওলাই যায় ।

আনহাতে, ৰায়ৰ পিছত দিয়া নিজৰ বিবৃতিত ট্ৰাম্পে ইয়াক একেবাৰে হাস্যকৰ বুলি আখ্যা দিয়ে । লগতে তেওঁ আইনী ব্যৱস্থা নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ অভিযোগ কৰে আৰু ইয়াক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে বুলি উল্লেখ কৰে ।

উল্লেখ্য যে ন মাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে এক অসামৰিক জুৰীয়ে কেৰলৰ দাবীৰ সৈতে সম্পৰ্কিত এটা ৰায় প্ৰদান কৰে । ১৯৯৬ চনত বাৰ্গডৰ্ফ গুডমেনৰ ফিফথ এভিনিউ দোকানত ট্ৰাম্পৰ সৈতে এই অভাৱনীয় ঘটনাটো সংঘটিত হোৱা বুলি কেৰলে দাবী কৰিছিল । তেওঁ কৈছিল যে ট্ৰাম্পে তেওঁক ঠেলি নি ড্ৰেছিং ৰুমৰ দেৱালত খুন্দা মাৰিছিল । তাৰ পিছত তেওঁ পিন্ধা কাপোৰ তললৈ টানিছিল আৰু তেওঁক জোৰজুলুম কৰিছিল ।

লগতে পঢ়ক :পৰৱৰ্তী দশকত আফ্ৰিকাত আমূল পৰিৱৰ্তন হ'ব : জয়শংকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.