ETV Bharat / international

পাকিস্তানৰ নিৰ্বাচনী কাৰ্যালয়ত ধাৰাবাহিক বোমা বিস্ফোৰণ, 24 গৰাকীৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 4:50 PM IST

Pakistan Bomb Blast : পাকিস্তানৰ সংসদীয় নিৰ্বাচনৰ এদিনৰ পূৰ্বে পাকিস্তানত ধাৰাবাহিক বোমা বিস্ফোৰণ ৷ এই দুয়োটা বিস্ফোৰণত কমেও ২৪ জন লোক নিহত হোৱাৰ লগতে প্ৰায় 25 গৰাকী লোক আহত হৈছে ৷

Pakistan Bomb Blast
নিৰ্বাচনী কাৰ্যালয়ত ধাৰাবাহিক বোমা বিস্ফোৰণ, 24 গৰাকীৰ মৃত্যু

নিউজ ডেস্ক, 7 ফেব্ৰুৱাৰী: পাকিস্তানত সংসদীয় নিৰ্বাচনৰ পূৰ্বে দুটাকৈ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনা পোহৰলৈ আহিছে ৷ এই বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত বুধবাৰে বিষয়াসকলে কয় যে, এটা ৰাজনৈতিক দলৰ নিৰ্বাচনী কাৰ্যালয়ত আৰু দক্ষিণ-পশ্চিম পাকিস্তানৰ এজন নিৰ্দলীয় প্ৰাৰ্থীৰ নিৰ্বাচনী কাৰ্যালয়ত হোৱা এক ধাৰাবাহিক বোমা বিস্ফোৰণত কমেও ২৪ গৰাকী লোক নিহত হোৱাৰ লগতে প্ৰায় 24 গৰাকী লোক আহত হৈছে ।

প্ৰাদেশিক চৰকাৰৰ মুখপাত্ৰ জান আচাকজায়ে কয় যে, প্ৰথম বোমা বিস্ফোৰণৰ দুৰ্ঘটনাতো বেলুচিস্তান প্ৰদেশৰ জিলা পাশিনত সংঘটিত হৈছিল । এই বিস্ফোৰণৰ ঘটনাত কমেও 14 জন লোক নিহত হয় ৷ ততালিকে আহতসকলক সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰিছে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি, আহতসকলৰ কিছু লোক এতিয়াও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷

আনটো ঘটনা বুধবাৰে বেলুচিস্তানৰ কিল্লা চাইফুল্লা চহৰত ৰাজনীতিবিদ ফজলুৰ ৰেহমানৰ জমিয়ত উলেমা ইছলাম দলৰ নিৰ্বাচনী কাৰ্যালয়ত সংঘটিত হৈছে ৷ এই বোমা বিস্ফোৰণত কমেও 10 জন লোক নিহত হয় বুলি আচাকজাই আৰু স্থানীয় কৰ্তৃপক্ষই জানিবলৈ দিছে ৷

পাকিস্তানৰ সংসদীয় নিৰ্বাচন অনুষ্ঠিত হোৱাৰ এদিনৰ পূৰ্বে সংঘটিত হোৱা এই বিস্ফোৰণৰ দায়িত্ব এতিয়ালৈকে কোনেও স্বীকাৰ কৰা নাই ৷ তত্বাৱধায়ক অভ্যন্তৰীণ মন্ত্ৰী গোহৰ এজাজে এই বোমা বিস্ফোৰণৰ ঘটনাক কটু ভাষাৰে নিন্দা কৰিছে ৷

লক্ষণীয় যে দেশখনৰ বিশেষকৈ বালুচিস্তানত শেহতীয়াকৈ হোৱা উগ্ৰপন্থী আক্ৰমণৰ পিচত শান্তি নিশ্চিত কৰিবলৈ সমগ্ৰ পাকিস্তানত হাজাৰ হাজাৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছিল ৷ তৎস্বত্বেও এই বোমা বিস্ফোৰণ সংঘটিত হোৱাত জনসাধাৰণ সংকিত হৈছে ৷ আফগানিস্তান আৰু ইৰাণৰ সীমান্তৱৰ্তী বেলুচিস্তানত নিৰাপত্তা বাহিনীৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ আঁৰত অবৈধ বেলুচিস্তান লিবাৰেচন আৰ্মীৰ হাত আছে বুলি সন্দেহ কৰা হৈছিল ।

লগতে পঢ়ক: চিকাগোত ভাৰতীয় ছাত্ৰক নিৰ্মমভাৱে আক্ৰমণ; সহায়ৰ আশ্বাস ভাৰতীয় মিছনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.