ETV Bharat / international

আমেৰিকা-চীনৰ আলোচনা পুনৰ আৰম্ভ হোৱাৰ লগে লগে টাইৱানৰ ওপৰত সামৰিক হেঁচা বৃদ্ধি বেইজিঙৰ - China Taiwan issue

আমেৰিকা-চীনৰ আলোচনা পুনৰ আৰম্ভ হোৱাৰ লগে লগে টাইৱানৰ ওপৰত সামৰিক হেঁচা তীব্ৰতৰ কৰি তুলিছে বেইজিঙে ৷ টাইৱানৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে জনোৱা মতে, শুকুৰবাৰে পুৱা 6 বজাৰ পৰা শনিবাৰে পুৱা 6 বজাৰ ভিতৰত চীনে দ্বীপ ৰাষ্ট্ৰখনৰ চাৰিওফালে এছ ইউ-30 যুঁজাৰু বিমান আৰু ছখন নৌসেনাৰ জাহাজকে ধৰি 33 খন বিমান প্ৰেৰণ কৰে ।

military pressure on Taiwan
military pressure on Taiwan
author img

By ANI

Published : January 28, 2024 at 8:31 AM IST

Updated : January 28, 2024 at 2:32 PM IST

2 Min Read

ইণ্টাৰনেশ্যনেল ডেস্ক, 28 জানুৱাৰী: টাইৱানৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে জনোৱা মতে, শুকুৰবাৰে পুৱা 6 বজাৰ পৰা শনিবাৰে পুৱা 6 বজাৰ ভিতৰত চীনে দ্বীপ ৰাষ্ট্ৰখনৰ চাৰিওফালে এছ ইউ-30 যুঁজাৰু বিমান আৰু ছখন নৌসেনাৰ জাহাজকে ধৰি 33 খন বিমান প্ৰেৰণ কৰে ।

প্ৰেৰণ কৰা 33 খন বিমানৰ ভিতৰত 13 খন যুদ্ধ বিমানে টাইৱান আৰু চীনৰ মাজৰ বেচৰকাৰী সীমা টাইৱান জলদ্বীপ অতিক্ৰম কৰিছিল ।

শনিবাৰে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে "চীন-আমেৰিকাৰ সম্পৰ্কৰ বাবে “টাইৱানৰ স্বাধীনতাই” আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে বুলি আল জাজিৰা সংবাদ সংস্থাই প্ৰকাশ কৰিছে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত এছিয়া-পেচিফিক অৰ্থনৈতিক সহযোগিতা সন্মিলন অনুষ্ঠিত হোৱাৰ মাত্ৰ দুমাহতকৈও অধিক সময়ৰ পাছতে শনিবাৰে থাইলেণ্ডৰ বেংককত আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভানক সাক্ষাৎ কৰে চীনৰ বৈদেশিক মন্ত্ৰীয়ে ৷

হোৱাইট হাউছে কয় যে বিষয়াসকলৰ মাজত অনুষ্ঠিত হোৱা বৈঠকখন দুয়োখন দেশৰ মাজত যোগাযোগ বৰ্তায় ৰখা প্ৰচেষ্টাৰ অংশ বুলি কয় । ইয়াত লগতে চুলিভানে কয় যে, যদিও আমেৰিকা আৰু চীনৰ মাজত প্ৰতিযোগিতা অব্যাহত, দুয়োখন দেশেই এই সংঘাতৰ পৰা ৰক্ষা কৰাটো প্ৰয়োজন ।”

ইয়াৰ পূৰ্বেও বেইজিং আৰু ৱাশ্বিংটনৰ মাজত প্ৰযুক্তি, বাণিজ্য, মানৱ অধিকাৰ আদিৰ লগতে চীনে টাইৱানক নিজৰ ভূখণ্ড বুলি দাবী কৰা সন্দৰ্ভত সংঘৰ্ষ হৈছিল । ইফালে শেহতীয়াকৈ টাইৱানৰ নিৰ্বাচনত ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিয়ে তৃতীয়বাৰৰ বাবে কাৰ্যকাল নিশ্চিত কৰিছে ।

এই সপ্তাহত আমেৰিকাৰ দুজন সাংসদে টাইৱানৰ নতুন নেতা লাই চিং-টেক সাক্ষাৎ কৰি স্বশাসিত দ্বীপটোৰ প্ৰতি ৱাশ্বিংটনৰ সমৰ্থন পুনৰ দৃঢ় কৰে । চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ মতে চুলিভানৰ সৈতে হোৱা বৈঠকত ৱাঙে জোৰ দি কয় যে টাইৱান হৈছে “চীনৰ আভ্যন্তৰীণ বিষয়, আৰু টাইৱানৰ আঞ্চলিক নিৰ্বাচনে টাইৱান চীনৰ অংশ বুলি মৌলিক বাস্তৱতাক সলনি কৰিব নোৱাৰে ।"

লগতে পঢ়ক: ইৰাণত অস্ত্ৰধাৰীৰ আক্ৰমণত মৃত্যু 9 পাকিস্তানীৰ

Last Updated : January 28, 2024 at 2:32 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.