ETV Bharat / international

নবেল বঁটা বিজয়ী মহম্মদ ইউনুছক জামিন প্ৰদান

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 7:21 PM IST

Nobel laureate Muhammad Yunus bail: বাংলাদেশৰ শ্ৰমিক আইন উলংঘনৰ অভিযোগত যোৱা ১ জানুৱাৰীত নবেল বঁটা বিজয়ী মহম্মদ ইউনুছক ৬ মাহৰ কাৰাদণ্ড প্ৰদান কৰা হৈছিল । দেওবাৰে আদালতে তেওঁক জামিন প্ৰদান কৰে । তেওঁৰ শাস্তিৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি ৩ মাৰ্চত গ্ৰহণ কৰা হ'ব ।

Bail to Nobel laureate Muhammad Yunus
নবেল বঁটা বিজয়ী মহম্মদ ইউনুছক জামিন প্ৰদান

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৮ জানুৱাৰী : শেহতীয়াকৈ দেশৰ শ্ৰমিক আইন উলংঘা কৰাৰ অভিযোগত বাংলাদেশৰ এখন শ্ৰমিক আদালতে নবেল বঁটা বিজয়ী মহম্মদ ইউনুছক ৬ মাহৰ কাৰাদণ্ড প্ৰদান কৰিছিল । দেওবাৰে এখন আদালতে মহম্মদ ইউনুছক জামিন প্ৰদান কৰে আৰু আদালতে তেওঁৰ শাস্তিৰ বিৰুদ্ধে দাখিল কৰা এখন আবেদন গ্ৰহণ কৰিবলৈ সন্মত হয় । দৰিদ্ৰ লোকসকলক, বিশেষকৈ মহিলাসকলক সহায় কৰিবলৈ মাইক্ৰ'ক্ৰেডিট ব্যৱহাৰৰ পথ প্ৰদৰ্শক ইউনুছে দেওবাৰে পুৱা জামিন বিচাৰি আবেদন দাখিল কৰিছিল । উল্লেখ্য যে ২০০৬ চনত মহম্মদ ইউনুছৰ উল্লেখযোগ্য কামৰ বাবে তেওঁক শান্তিৰ নবেল বঁটা প্ৰদান কৰা হৈছিল ।

৮৩ বছৰীয়া অৰ্থনীতিবিদগৰাকীৰ লগতে টেলিকমিউনিকেচন কোম্পানীৰ আন ৩ গৰাকী বিষয়াক ১ জানুৱাৰীত ৬ মাহৰ কাৰাদণ্ড দিয়া হৈছিল । অৱশ্যে তেওঁলোকক ৩০ দিনৰ জামিন প্ৰদান কৰা হৈছিল । দেওবাৰৰ আদালতৰ সিদ্ধান্তত কোৱা হৈছে যে শাস্তিৰ আবেদনৰ ওপৰত চূড়ান্ত সিদ্ধান্ত নোলোৱালৈকে জামিন কাৰ্যকৰী হৈ থাকিব । প্ৰতিৰক্ষা অধিবক্তা আব্দুল্লাহ আল মামুনে কয় যে আবেদনটোৰ ওপৰত প্ৰথম শুনানি ৩ মাৰ্চত অনুষ্ঠিত হ'ব ।

এই গোচৰটোত গ্ৰামীণ টেলিকম অন্তৰ্ভুক্ত আছে, যাক ইউনুছে এক অ-লাভজনক সংগঠন হিচাপে প্ৰতিষ্ঠা কৰিছিল । ইউনুছৰ সমৰ্থকসকলে কৈছিল যে এই গোচৰটো ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত । এই মাহৰ আৰম্ভণিতে একেৰাহে চতুৰ্থবাৰৰ বাবে নিৰ্বাচিত হোৱা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰকাৰে অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰিছে ।

মূল ৰায়টোত ন্যায়াধীশে কৈছিল যে ইউনুছৰ কোম্পানীয়ে বাংলাদেশী শ্ৰমিক আইন উলংঘা কৰিছে । কমেও ৬৭ গৰাকী গ্ৰামীণ টেলিকম কৰ্মীক স্থায়ী নিযুক্তি দিয়াৰ কথা আছিল কিন্তু তেওঁলোকক স্থায়ী কৰোৱা নহ'ল । জৰুৰীকালীন বা বিশেষ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত কৰ্মচাৰীসকলক সহায় কৰাৰ বাবে কেতিয়াও কল্যাণ পুঁজি গঠন কৰা হোৱা নাছিল বুলিও তেওঁৰ কোম্পানীটোৰ বিৰুদ্ধে অভিযোগ আছে ।

গোচৰটোত কোম্পানীটোৰ অধ্যক্ষ ইউনুছ আৰু কোম্পানীৰ আন ৩ সঞ্চালকক দোষী সাব্যস্ত কৰে আৰু কাৰাদণ্ডৰ লগতে প্ৰত্যেকক ৩০,০০০ টকা বা ২৬০ ডলাৰ জৰিমনা বিহা হয় । অৱশ্যে ইউনুছে দাবী কৰিছে যে তেওঁ নিৰ্দোষী ।

লগতে পঢ়ক :আইনৰ ৰোষত শান্তিৰ ন’বেল বঁটা বিজয়ী মহম্মদ ইউনুছ, ছয়মাহৰ কাৰাদণ্ডৰ ৰায় আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.