ETV Bharat / international

সংযুক্ত আৰব আমিৰশ্বাহীত শীঘ্ৰে আৰম্ভ হ’ব ইউ পি আই পেমেণ্ট সেৱা

author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 8:40 AM IST

'Ahlan Modi' Event: It's Time to Hail India-UAE Friendship, Says PM in Abu Dhabi
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

PM Modi in abu dhabi : মঙলবাৰে সংযুক্ত আৰব আমিৰশ্বাহীৰ আবু ধাবিত অনুষ্ঠিত হয় ‘আহলান মোদী’ অনুষ্ঠান ৷ জায়েদ স্প’ৰ্টছ চিটি ষ্টেডিয়ামত আয়োজন কৰা হয় এই ‘আহলান মোদী’ অনুষ্ঠানৰ ৷ ইউ পি আই পেমেণ্ট শীঘ্ৰে ইউ এ ইত আৰম্ভ হ’ব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে আশ্বাস দিয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আবু ধাবিত ভাৰতীয় সমাজৰ আগত কয় যে ভাৰতে তেওঁলোকৰ বাবে গৌৰৱ অনুভৱ কৰে ৷

সংযুক্ত আৰব আমিৰশ্বাহীত শীঘ্ৰে আৰম্ভ হ’ব ইউ পি আই পেমেণ্ট সেৱা

ইণ্টাৰনেশ্যনেল ডেস্ক, 14 ফেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে সংযুক্ত আৰব আমিৰশ্বাহীৰ আবু ধাবিত অনুষ্ঠিত ‘আহলান মোদী’ অনুষ্ঠানত ভাৰতীয় প্ৰব্ৰজনকাৰীক সম্বোধন কৰি ভাৰত-ইউ এ ইৰ বন্ধুত্বক প্ৰশংসা কৰে । দেশখনৰ জায়েদ স্প’ৰ্টছ চিটি ষ্টেডিয়ামত আয়োজন কৰা হয় এই ‘আহলান মোদী’ অনুষ্ঠানৰ ৷ অনুষ্ঠানৰ আৰম্ভণিতে ‘মোদী, মোদী’ ধ্বনি দিয়া পৰিলক্ষিত হ’ল সহস্ৰাধিক দৰ্শকে ৷ কাৰ্যসূচীৰ দ্বাৰা আগবঢ়োৱা আপ্যায়নত দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আপ্লুত হয় ।

'Ahlan Modi' Event: It's Time to Hail India-UAE Friendship, Says PM in Abu Dhabi
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰীয়ে ৰাইজৰ সৈতে মালয়ালম আৰু তামিল ভাষাত ভাব বিনিময় কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ পৰিয়ালৰ সদস্যসকলক লগ কৰিবলৈ আহিছে বুলি জনায় । প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "মই ইয়ালৈ আহিছো 140 কোটিৰো অধিক ভাৰতীয়ৰ পৰা আপোনালোকলৈ এটা বাৰ্তা লৈ যে ভাৰতে আপোনাক লৈ গৌৰৱ কৰে । প্ৰধানমন্ত্ৰীয়ে ইউ এ ইৰ ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতিও কৃতজ্ঞতা জনায় । ভাষণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে 2015 চনত ইউ এ ইলৈ কৰা প্ৰথম ভ্ৰমণৰ কথা সোঁৱৰে ।

প্ৰথম ভ্ৰমণৰ কথা স্মৰণ কৰি মোদীয়ে কয় যে উক্ত সময়ত তেওঁ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল আৰু তিনি দশকৰ ভিতৰত ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীৰ সেয়াই আছিল প্ৰথম ইউ এ ই ভ্ৰমণ । পৰৱৰ্তী দহ বছৰত এয়া সপ্তমটো ইউ এ ই ভ্ৰমণ বুলি কয় মোদীয়ে ।

মোদীয়ে কয়, "আপুনি (ভাৰতীয় প্ৰব্ৰজনকাৰী) এক নতুন ইতিহাস সৃষ্টি কৰিছে, আপুনি ইউ এ ইৰ চুক-কোণৰ পৰা ইয়ালৈ আহিছে ৷ ভাৰত-ইউ এ ই জিন্দাবাদ ।" প্ৰধানমন্ত্ৰীয়ে তেওঁৰ চৰকাৰৰ সাফল্যৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ তৃতীয়টো কাৰ্যকালত ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ নিশ্চয়তা প্ৰদান কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয়, "আজি প্ৰতিজন ভাৰতীয়ৰ লক্ষ্য 2047 চনৰ ভিতৰত ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলা । প্ৰথম প্ৰচেষ্টাতে কোনখন দেশ মংগল গ্ৰহত উপনীত হ'ল- আমাৰ ভাৰত । কোনখন দেশে চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হ'ল- আমাৰ ভাৰত । কোনখন দেশে একেলগে 100 টা উপগ্ৰহ উৎক্ষেপণৰ অভিলেখ গঢ়িলে- আমাৰ ভাৰত ।কোনখন দেশে নিজাববীয়াকৈ 5G প্ৰযুক্তি বিকশিত কৰিলে আৰু ইয়াক আটাইতকৈ দ্ৰুত গতিত সম্পূৰ্ণ কৰিলে- আমাৰ ভাৰত ।"

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰধানমন্ত্ৰীয়ে আৰু কয়, “ইউ পি আই পেমেণ্ট শীঘ্ৰে ইউ এ ইত আৰম্ভ হ’ব আৰু ইয়াৰ দ্বাৰা ভাৰত আৰু ইউ এ ই একাউণ্টৰ মাজত নিৰৱচ্ছিন্ন পেমেণ্ট সম্ভৱ হ’ব ।"

লগতে পঢ়ক: আজি আবু ধাবিত অনুষ্ঠিত হ’ব ‘আহলান মোদী’ অনুষ্ঠান; উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.