ETV Bharat / international

সাধাৰণ নিৰ্বাচনৰ পূৰ্বে পাকিস্তানত বিস্ফোৰণৰ ঘটনা, 3 জন নিহত

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 11:40 AM IST

Pakistan Bomb Blast : বেলুচিস্তানৰ ছিবিত হোৱা বিস্ফোৰণত 3 জন লোক নিহত, 5 জন লোক আহত ৷ 8 ফেব্ৰুৱাৰীৰ সাধাৰণ নিৰ্বাচনৰ আঠদিন পূৰ্বে সংঘটিত হৈছে এই ঘটনা ৷

3 killed, 5 injured in explosion in Balochistan's Sibi
3 killed, 5 injured in explosion in Balochistan's Sibi

ইণ্টাৰনেশ্যনেল ডেস্ক, 31 জানুৱাৰী: বেলুচিস্তানৰ ছিবিত বিস্ফোৰণ ৷ এই বিস্ফোৰণত 3 জন লোক নিহত, 5 জন লোক আহত বুলি মঙলবাৰে ARY নিউজে প্ৰকাশ কৰিছে । ARY নিউজৰ তথ্য অনুসৰি প্ৰদেশখনত শেহতীয়া সন্ত্ৰাসবাদী আক্ৰমণৰ অব্যাহত থকাৰ সময়তে এই তথ্য প্ৰকাশ পাইছে ।

স্থানীয় আৰক্ষীৰ মতে, মহানগৰীখনৰ জিন্না ৰোডত সংঘটিত হৈছে এই ঘটনা ৷ এই বিস্ফোৰণৰ কাৰণ এতিয়াও নিৰ্ণয় কৰিব পৰা হোৱা নাই । অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ শ্বাহিদে তিনিজন আহত লোকৰ অৱস্থা 'সংকটজনক' বুলি জনায় । উল্লেখ্য যে, 8 ফেব্ৰুৱাৰীৰ সাধাৰণ নিৰ্বাচনৰ আঠ দিন পূৰ্বে সমগ্ৰ দেশতে নিৰাপত্তা বৃদ্ধি পোৱাৰ লগতে আইন-শৃংখলাৰ পৰিস্থিতি নিশ্চিত কৰিবলৈ আইন প্ৰয়োগকাৰী সংস্থা মোতায়েন কৰা হৈছে ।

ছিবিৰ উপাযুক্ত খুদা-ই-ৰহিমে নিশ্চিত কৰিছে যে পাকিস্তান তেহৰিক-ই-ইনছাফৰ (পিটিআই) ৰেলী চহৰখনৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হৈছে । পিটিআই বেলুচিস্তানৰ মুখপাত্ৰ নাজিৰ আচাকজাইয়েও ইয়াৰ এজন প্ৰাৰ্থীয়ে অনুষ্ঠিত কৰা সমাৱেশক লক্ষ্য কৰি ঘটোৱা বিস্ফোৰণটোত তিনিজন দলীয় কৰ্মীৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে ।

বেলুচিস্তানৰ তত্ত্বাবধায়ক তথ্যমন্ত্ৰী জন আচাকজাইয়ে এই কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে । আগন্তুক নিৰ্বাচন সময়সূচী অনুসৰি আগবাঢ়িব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰাদেশিক চৰকাৰক নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰা নিৰুৎসাহিত কৰাৰ লক্ষ্যৰে এই আক্ৰমণৰ ব্যৱস্থা কৰা হৈছে ।

যোৱা কেইমাহমানত বেলুচিস্তান আৰু খাইবাৰ পখতুনখোৱা প্ৰদেশত সন্ত্ৰাসবাদী আক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে এই ঘটনা সংঘটিত হৈছে ।

লগতে পঢ়ক: চাইফাৰ গোচৰত ইমৰান খানক ১০ বছৰৰ কাৰাদণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.