ETV Bharat / international

চাইফাৰ গোচৰত ইমৰান খানক ১০ বছৰৰ কাৰাদণ্ড

Imran Khan jailed: পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ সন্মুখত আন এক সংকট । কাৰাগাৰত থকা ইমৰান খানক চাইফাৰ গোচৰত ১০ বছৰৰ কাৰাদণ্ড প্ৰদান । প্ৰাক্তন বৈদেশিক মন্ত্ৰী শ্বাহ মাহমুদ কুৰেছিকো একে শাস্তি ।

Cipher case
চাইফাৰ গোচৰত ইমৰান খানক ১০ বছৰৰ কাৰাদণ্ড
author img

By PTI

Published : January 30, 2024 at 2:18 PM IST

2 Min Read
Choose ETV Bharat

ইণ্টাৰনেশ্যনেল ডেস্ক,৩০ জানুৱাৰী : পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান আৰু প্ৰাক্তন বৈদেশিক মন্ত্ৰী শ্বাহ মাহমুদ কুৰেছিক ১০ বছৰৰ কাৰাদণ্ড প্ৰদান । আদালতে মঙলবাৰে চাইফাৰ গোচৰত দুয়োগৰাকীকে ১০ বছৰৰ কাৰাদণ্ড প্ৰদান কৰে । ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰত অনুষ্ঠিত গোচৰটোৰ শুনানিৰ সময়ত বিশেষ আদালতৰ ন্যায়াধীশ আবুল হাসনাত জুলকাৰনাইনে এই ৰায় প্ৰদান কৰে । খানৰ দল পাকিস্তান তেহৰিক-ই-ইনচাফে এই ৰায়ৰ পিচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এয়া এক ভুৱা গোচৰ ।

পিটিআইয়ে উল্লেখ কৰা মতে দলটোৰ আইনী দলে এই সিদ্ধান্তক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব আৰু আশা কৰা হৈছে যে এই শাস্তি স্থগিত ৰখা হ'ব । ইছলামাবাদ উচ্চ ন্যায়ালয়ে স্পষ্টভাৱে দুবাৰকৈ শুনানিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰু সংবাদ মাধ্যম আৰু জনসাধাৰণৰ অনুমতিৰ নিৰ্দেশ দিছিল কিন্তু ইয়াৰ বিপৰীতে আইনী দলৰ হস্তক্ষেপ অস্বীকাৰ কৰা হৈছিল আৰু সিদ্ধান্তটো তাৎক্ষণিকভাৱে লোৱাৰ অভিযোগ দলটোৰ । চাইফাৰ গোচৰটো এক গুৰুত্বপূৰ্ণ দস্তাবেজৰ সৈতে জড়িত । যাক কূটনৈতিক কেবল বুলি কোৱা হয় ।

উল্লেখ্য যে ইমৰান খানক যোৱা বছৰ মাৰ্চত ৱাশ্বিংটনত দেশৰ দূতাবাসে প্ৰেৰণ কৰা এক গোপন কূটনৈতিক কেবল (চাইফাৰ) প্ৰকাশ কৰি অফিচিয়েল চিক্ৰেটছ এক্ট উলংঘা কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল আৰু এই গোচৰটোত আগষ্টত গ্ৰেপ্তাৰ কৰা হৈছিল ।

উল্লেখ্য যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াকে ধৰি বিভিন্ন ধৰণৰ অভিযোগ আছে । বিভিন্ন গোচৰত ইতিমধ্যে প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে কাৰাগাৰত থাকিবলগীয়া হৈছে । কাৰাগাৰত থকাৰ সময়তে ইমৰান খানৰ বিৰুদ্ধে এইবাৰ আদালতে ঘোষণা কৰা এই ৰায়ে পুনৰ এবাৰ তেওঁৰ সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক :অনুচ্ছেদ ৩৭০ সন্দৰ্ভত ৰায়ে কাশ্মীৰ সমস্যাক অধিক জটিল কৰি তুলিব; ইমৰান খান