ETV Bharat / health

নতুন মহামাৰীৰ কাৰণ হ’ব পাৰে নেকি আৰ্কটিক বৰফৰ তলত পুতি থোৱা Zombie Virus ?

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 10:57 AM IST

Zombie viruses : Corona মহামাৰী এতিয়াও আমাৰ মাজৰ পৰা আঁতৰি যোৱা নাই যদিও এতিয়া বিজ্ঞানীসকলে আন এক নতুন মহামাৰীক লৈ উদ্বেগ প্ৰকাশ কৰিছে । দৰাচলতে বিজ্ঞানীসকলৰ মতে, গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত আৰ্কটিক বৰফ গলি যোৱাৰ বাবে জম্বি ভাইৰাছ নিৰ্গত হোৱাৰ আশংকা বৃদ্ধি পাইছে । এই ভাইৰাছে নতুন মহামাৰীৰ সৃষ্টি কৰিব পাৰে বুলিও বিজ্ঞানীসকলে আশংকা প্ৰকাশ কৰিছে ।

Zombie virus buried under Arctic ice could become the cause of a new epidemic
নতুন মহামাৰীৰ কাৰণ হ’ব পাৰে নেকি আৰ্কটিক বৰফৰ তলত পুতি থোৱা Zombie Virus ?

Corona মহামাৰীৰ ভয়াৱহ দৃশ্য এতিয়াও মানুহৰ মন-মগজুত ভাঁহি আছে ৷ আজিও সেই ভয়ংকৰ সময়ছোৱাৰ কথা কোনোও পাহৰিব পৰা নাই ৷ এই মহামাৰীয়ে সমগ্ৰ বিশ্বতে বহু লোকৰ প্ৰাণ কাঢ়ি লৈ ​​গৈছিল ৷ আজিলৈকে বহুতে ইয়াৰ বিষৰ পৰা আৰোগ্য লাভ কৰিব পৰা নাই ৷ আজিও এই ভাইৰাছৰ নতুন প্ৰজাতিয়ে মানুহৰ চিন্তা বৃদ্ধি কৰে ৷

ইফালে, বিজ্ঞানীসকলে এতিয়া আন এটা ভাইৰাছক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৷ শেহতীয়াকৈ বিজ্ঞানীসকলে ‘জম্বি ভাইৰাছ’ৰ বিষয়ে এক আচৰিত ধৰণৰ তথ্য প্ৰকাশ কৰিছে ৷ ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক-

নতুন মহামাৰীৰ ভাবুকি

আৰ্কটিকত বৰফৰ তৰপৰ তলত পুতি থোৱা ‘জম্বি ভাইৰাছ’ নতুন মহামাৰীৰ কাৰণ হ’ব পাৰে বুলি সকীয়াই দিছে বিজ্ঞানীসকলে ৷ নিত্য বৃদ্ধি পোৱা উষ্ণতাৰ বাবে এই ভাবুকি আৰু অধিক বৃদ্ধি পাইছে ৷ কিয়নো গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বৰফবোৰ গলিবলৈ ধৰিছে ৷ ইয়াৰ বাবে ‘জম্বি ভাইৰাছ’ নিৰ্গত হোৱাৰ ফলত নতুন মহামাৰীৰ জন্ম হ’ব পাৰে বুলি বিজ্ঞানীসকলে জানিবলৈ দিয়ে ৷

বৰফ গলি যোৱাটো চিন্তাৰ বিষয়

বিজ্ঞানীসকলৰ মতে, উষ্ণতা বৃদ্ধিৰ বাবে পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ বাবে আৰু জাহাজ, খনন আদি মানুহৰ কাম-কাজ বৃদ্ধিৰ বাবে আৰ্কটিক পাৰ্মাফ্ৰষ্টত আবদ্ধ হৈ থকা পুৰণি ‘জম্বি ভাইৰাছ’ ওলাই আহিব পাৰে ৷ যাৰ ফলত আন এক নতুন মহামাৰীৰ সৃষ্টি হ’ব পাৰে ৷ পাৰ্মাফ্ৰষ্ট হৈছে পৃথিৱীৰ পৃষ্ঠত বা তলত স্থায়ীভাৱে জমা হৈ থকা স্তৰ ৷ মাটি, শিলগুটি আৰু বালিৰে গঠিত এই স্তৰটো সাধাৰণতে বৰফে একেলগে ধৰি ৰাখে ৷

বিজ্ঞানীসকলে কি কয়

বিগত বৰ্ষত এজন বিজ্ঞানীয়ে চাইবেৰিয়াৰ পাৰ্মাফ্ৰষ্টৰ পৰা লোৱা নমুনাৰ ওপৰত গৱেষণা কৰি এই বৃহৎ ভয়াৱহতাৰ উমান লাভ কৰিছিল ৷ এই গৱেষণাৰ আধাৰত তেওঁ আৰ্কটিকত তলত পুতি থোৱা ভাইৰাছৰ বিষয়ে উল্লেখ কৰে ৷ বিজ্ঞানীসকলৰ মতে, আৰ্কটিকত উপস্থিত থকা এই ভাইৰাছবোৰ হাজাৰ হাজাৰ বছৰ ধৰি ফ্ৰীজত ৰখাৰ লগতে পাৰ্মাফ্ৰষ্টত নিষ্ক্ৰিয় হৈ আছে যদিও ইয়াৰ ফলত ৰোগ বিয়পি পৰা আৰু বিয়পোৱাৰ আশংকা থাকে ৷

আইক্স-মাৰ্চেইল বিশ্ববিদ্যালয়ৰ বিজ্ঞানী জিন-মিচেল ক্লেভেৰীৰ মতে, হাজাৰ হাজাৰ বছৰ ধৰি সংৰক্ষিত হৈ থকা এই ভাইৰাছবোৰ নতুন ৰোগ বিয়পোৱাৰ সম্ভাব্য কাৰক ৷ এনে পৰিস্থিতিত আৰ্কটিকৰ পৰা বৰফ নোহোৱা হোৱাৰ বাবে বৰফত পুতি থোৱা এই ভাইৰাছ বৃদ্ধি পাব পাৰে আৰু বিশ্বৰ বাবে বিপৰ্যয়জনক বুলি প্ৰমাণিত হ’ব পাৰে ৷

লগতে পঢ়ক : ৰামলীলাত হনুমানৰ চৰিত্ৰত অভিনয় কৰা ব্যক্তিৰ হাৰ্ট এটাকত মৃত্যু, জানক কিয় হঠাৎ বৃদ্ধি পাইছে হাৰ্ট এটাকৰ ঘটনা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.