ETV Bharat / health

ৰামলীলাত হনুমানৰ চৰিত্ৰত অভিনয় কৰা ব্যক্তিৰ হাৰ্ট এটাকত মৃত্যু, জানক কিয় হঠাৎ বৃদ্ধি পাইছে হাৰ্ট এটাকৰ ঘটনা ?

Heart Attack Risk Factors: যদি কোনো ব্যক্তিৰ বংশগতভাৱে হৃদৰোগৰ সমস্যা আছে তেন্তে নিয়মিতভাৱে নিজৰ স্বাস্থ্য়ৰ পৰীক্ষা কৰাওক । যদি কোনো ইতিহাস নাই তেন্তে এগৰাকী ব্যক্তিয়ে ৩০ বছৰ বয়সৰ ভিতৰত সম্পূৰ্ণ শৰীৰ পৰীক্ষা কৰিব লাগে ।

The person playing the role of Hanuman in Ramlila died of heart attack, know why he is having heart attacks suddenly?
ৰামলীলাত হনুমানৰ চৰিত্ৰত অভিনয় এজন ব্যক্তিৰ হাৰ্ট এটেকত মৃত্যু, জানক কিয় হঠাৎ বৃদ্ধি পাইছে হাৰ্ট এটাকৰ ঘটনা ?
author img

By ETV Bharat Assamese Team

Published : January 24, 2024 at 2:52 PM IST

|

Updated : January 24, 2024 at 3:09 PM IST

3 Min Read
Choose ETV Bharat

অযোধ্যাৰ লগতে সমগ্ৰ দেশতে ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ আনন্দ অব্যাহত থকাৰ মাজতে হাৰিয়ানাৰ ভিৱানীৰ পৰা ভাইৰেল হৈছে এটা চাঞ্চল্যকৰ ভিডিঅ’ ৷ য’ত ৰামলীলা প্ৰদৰ্শনৰ মাজতে হনুমানৰ সাজ-পোছাক পৰিহিত এজন লোকৰ মৃত্যু হয় ৷ জানিব পৰা মতে, মৃত লোকজনৰ নাম হৰিষ মেহতা ৷ খবৰ অনুসৰি লোকজন হাৰ্ট এটাকত আক্ৰান্ত হৈ মঞ্চত ঢলি পৰে ৷ এই ঘটনাই আকৌ এবাৰ আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যক লৈ প্ৰশ্ন উত্থাপন কৰিছে যে কি কাৰণত এনেদৰে হঠাৎ মানুহৰ হাৰ্ট এটাক আহিবলৈ ধৰিছে ৷

কিয় হঠাৎ আহে হাৰ্ট এটাক ?

বিগত কেইবছৰমানৰ পৰা হাৰ্ট এটাকৰ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, আমি যেতিয়া নৃত্য কৰোঁ বা কোনো শৰীৰত জোৰ পৰা কাম কৰোঁ তেতিয়া আমাৰ শৰীৰত অক্সিজেনৰ প্ৰয়োজনীয়তা বাঢ়ি যায় ৷ যাৰ ফলত আমাৰ হাওঁফাওঁত ইয়াৰ প্ৰভাৱ পৰে ৷ অক্সিজেনৰ অধিক প্ৰয়োজনৰ বাবে হাওঁফাওঁৰ কামো বৃদ্ধি পায় আৰু যিয়ে হৃদযন্ত্ৰৰ কাৰ্যত প্ৰভাৱ পেলায় ৷ হৃদযন্ত্ৰই দ্ৰুতগতিত তেজ পাম্প কৰিবলৈ আৰম্ভ কৰে ৷ ইয়াৰ বাবে হৃদযন্ত্ৰৰ ওপৰত চাপ পৰে আৰু হাৰ্ট এটাকৰ দৰে সমস্যাৰ সৃষ্টি হয় ৷ কোনো ব্যক্তিয়ে যেতিয়া শৰীৰত জোৰ পৰা যিকোনো কাম কৰে তেতিয়া ইয়াৰ সম্ভাৱনা বাঢ়ি যায় ৷ যিকোনো জোৰদাৰ কাৰ্যকলাপে হৃদস্পন্দন অনিয়মিত কৰিব পাৰে ৷

এইসকল লোকৰ বিপদ অধিক-

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, যদি কোনো ব্যক্তিৰ পৰিয়ালত হৃদৰোগৰ ইতিহাস আছে তেন্তে নিয়মিতভাৱে নিজৰ পৰীক্ষা কৰাব লাগে ৷ যদি কোনো ব্যক্তিৰ বংশগতভাৱে হৃদৰোগৰ সমস্যা আছে তেন্তে নিয়মিতভাৱে নিজৰ স্বাস্থ্য়ৰ পৰীক্ষা কৰাওক । যদি কোনো ইতিহাস নাই তেন্তে এগৰাকী ব্যক্তিয়ে ৩০ বছৰ বয়সৰ ভিতৰত সম্পূৰ্ণ শৰীৰ পৰীক্ষা কৰিব লাগে ।

এনে লোকৰ অন্য এক বিপদৰ শ্ৰেণী হৈছে হৃদযন্ত্ৰৰ মাংসপেশী মোটা হয় ৷ সাধাৰণতে এই লোকসকলে নিজৰ অৱস্থাৰ বিষয়ে অৱগত নহয় আৰু হঠাৎ মৃত্যুক আঁকোৱালি ল’ব পাৰে ৷ এনে ক্ষেত্ৰত হৃদযন্ত্ৰৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে জানি ল'ব লাগে ৷ ইয়াৰ বাবে সময়ে সময়ে হৃদযন্ত্ৰ পৰীক্ষা কৰোৱাটো উচিত ৷

শীতকালত হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ উপায়-

পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে: শীতকালত বতাহ শুকান হৈ পৰে, যাৰ ফলত বিশেষকৈ বয়সস্থ লোকৰ ডিহাইড্ৰেচন হ’ব পাৰে ৷ এনে পৰিস্থিতিত পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে ৷

আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি মনোযোগ দিয়ক: হৃদযন্ত্ৰৰ সমস্যা থকা ৰোগীয়ে ওমেগা-৩ ফেটি এচিড, শণৰ গুটি আৰু আখৰোট আদি স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিব লাগিব ৷

ঋতু অনুসৰি ফল খাওক: পুষ্টি বৃদ্ধিৰ বাবে খাদ্যত বতৰৰ ফল অন্তৰ্ভুক্ত কৰিব লাগে ৷ ইয়াৰ ভিতৰত নহৰু, টেঙা ফল আৰু শাক-পাচলিও অন্তৰ্ভুক্ত কৰিব পাৰে ৷

জীৱনশৈলীৰ পৰিৱৰ্তন: হৃদৰোগৰ প্ৰসাৰত জীৱনশৈলীৰ মুখ্য ভূমিকা ৷ ধূমপান আৰু মদ্যপান কমাব লাগে ৷ লগতে শাৰীৰিক ক্ৰিয়া-কলাপৰ প্ৰয়োজন হয় ৷

লগতে পঢ়ক: এনাৰ্জি ড্ৰিংকছ খোৱাৰ পূৰ্বে জানি লওক ইয়াৰ ক্ষতিকাৰক দিশসমূহ

Last Updated : January 24, 2024 at 3:09 PM IST